ETV Bharat / state

Rupjyoti Kurmi in Jorhat : 45 বছৰ বয়সতো ডেকা হৈ থকাৰ টিপচ দিলে বিধায়ক কুৰ্মীয়ে

author img

By

Published : Apr 8, 2023, 10:12 PM IST

‘‘এটি পি শ্বিলড ফুটবল প্ৰতিযোগিতাত মৰিয়নী জয়ৰ আঁৰৰ ব্যক্তি হ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ বিধায়ক কুৰ্মীৰ বাবে পশ্চিম বংগ দলক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে মৰিয়নী দলে ৷’’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi in Jorhat) ৷

Rupjyoti Kurmi in Jorhat
এটি পি শ্বিলড ফুটবল প্ৰতিযোগিতাত মৰিয়নী জয় আৰৰ ব্যক্তি হ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মী

এটি পি শ্বিলড ফুটবল প্ৰতিযোগিতাত মৰিয়নী জয় আৰৰ ব্যক্তি হ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মী

যোৰহাট, 8 এপ্ৰিল : যোৰহাটৰ এ টি পি শ্বিলড অনুষ্ঠিত হৈ আছে ফুটবল প্ৰতিযোগিতা (Football tournament held in Jorhat) ৷ এই প্ৰতিযোগিতাত কোনো দিনে জয়ী হ’ব পৰা নাই মৰিয়নী দলে ৷ কিন্তু শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন খেলত পশ্চিমবংগ দলক পৰাস্ত কৰিৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে মৰিয়নী দলে ৷

প্ৰথমবাৰৰ বাবে মৰিয়নী দলে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ আছে এক বিশেষ কাৰণ ৷ মৰিয়নী দলে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ আঁৰৰ ব্যক্তিজন হৈছে মৰিয়নী সমষ্টি বিধায়ক ৰূপজোতি কুৰ্মী । শনিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা স্বীকাৰ কৰে বিধায়ক কুৰ্মীয়ে (Rupjyoti Kurmi in Jorhat)৷

তেওঁ আৰু কয় যে, বিগত কিছুদিন বিভিন্ন ব্যস্ততাৰ বাবে গুৱাহাটীত থাকিব লগা হৈছিল বিধায়কগৰাকী ৷ যাৰ বাবে বিধায়ক কুৰ্মীয়ে ধাৰাবাহিকভাৱে মৰিয়নী দলৰ কৰ্মকৰ্তাসকল লগত আলোচনা বহিছিল । লগতে খেলুৱৈসকলক খেলৰ টিপচ জানিব কাৰণে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলসমূহ চাবলৈ নিৰ্দেশো প্ৰদান কৰিছিল ৷ বিধায়ক কুৰ্মীয়ে খেলুৱৈসকলক দিয়া খেলৰ বিভিন্ন কৌশলৰ ফলতে মৰিয়নীয়ে অতি শক্তিশালী পশ্চিম বংগ দলক শুকুৰবাৰে নিশা খেলত 1-0 গ’লত পৰাস্ত কৰিবলৈ সক্ষম হয় ।

মৰিয়নী দলৰ এই জয়ৰ পাচতে সম্ভৱত এই দলটোৱে ফাইনেল খেল খেলিব পাৰিব বুলি আত্মবিশ্বাসী বিধায়ক কুৰ্মী । আনহাতে, 45 বছৰ বয়সতো কিদৰে আজিও তেওঁ এজন সফল ডেকা হৈ আছে, তাৰো ৰহস্য ফাদিল কৰিলে কুৰ্মীয়ে । তেওঁ কয়, ‘‘মই নিয়মিত শৰীৰ চৰ্চা লগতে ক্ৰিকেট, ফুটবলকে আদি কৰি সকলো খেল খেলো । তাৰ ফলতেই মোৰ দেহত কোনো ধৰণৰ বয়স চাপ পৰাৰ নাই’’ । সেয়ে সকলোকে উপৰোক্ত কথাখিনি মানি চলিলেই বয়স বাঢ়ি অহা পিচতো নিজকে ডেকা যুৱক হিচাপে গঢ়ি তুলিব পাৰিব বুলি মত প্ৰকাশ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

আনহাতে, বিগত সময়ছোৱাত বিভিন্ন বিৰ্তকিত মন্তব্য কৰাৰ বাবে অধিবক্তাৰ পৰা আৰম্ভ কৰি একাংশই ৰূপজোতি কুৰ্মী বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছিল ৷ সেই প্ৰসংগত বিধায়ক কুৰ্মীয়ে কয়, ‘‘আইনে আইনৰ কাম কৰি থাকিব আৰু যদি প্ৰয়োজন হয় ময়ো আইন কাষ চাপিম’’ ৷

লগতে পঢ়ক : Guinness Book of World Records: বিহুৰ বিশ্বমুখী যাত্ৰালৈ সাজু তিনিচুকীয়াৰ বিহুৱা-নাচনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.