ETV Bharat / state

Gang raped in Jorhat : প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই অপহৰণ কৰি নাবালিকাক দলবদ্ধ ধৰ্ষণ

author img

By

Published : Jul 30, 2023, 9:09 AM IST

পাশৱিক ! ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণকাণ্ড ৷ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে এগৰাকী নালবালিকাক দলবদ্ধ ধৰ্ষণ কৰে ভণ্ড প্ৰেমিকৰ এটা দলে ৷ এই ঘটনাই কঁপাইছে এতিয়া ৰাজ্য ৷

Minor girl gang raped in Jorhat
ভণ্ড প্ৰেমিকৰ কামনাৰ বলি হ’ল নালবালিকা

যোৰহাট, 30 জুলাই : নৃশংস ! ঘৃণনীয়, ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ঘৃণনীয় অপৰাধ ৷ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই যোৰহাটত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ জানিব পৰা মতে, এই ঘৃণনীয়কাণ্ডটো বিগত 21 জুলাইতে সংঘটিত হৈছিল ৷ কিন্তু শনিবাৰেহে পোহৰলৈ আহিছে সমগ্ৰ তথ্য ৷

ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালৰ লোকে এই ঘটনা সন্দৰ্ভত যোৰহাট পুলিবৰ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ ৷ কিন্তু এজাহাৰ দাখিল কৰাৰ পাচতো পুলিবৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে নবালিকাগৰাকীৰ পৰিয়ালটোৱে ৷ সেয়ে উপায়ন্তৰ হৈ ভুক্তভোগী পৰিয়ালটোৱে যোৰহাটৰ আৰক্ষী অধীক্ষকক সমস্ত ঘটনাৰ বিষয়ে অৱগত কৰে ।

এজাহাৰত উল্লেখ কৰা মতে, উত্তৰ পশ্চিম যোৰহাটৰ এখন এল পি স্কুলৰ এটা কোঠাত আবদ্ধ কৰি কেইবাজনো যুৱকে মাস্ক পৰিধান কৰি ওৰে নিশা নাবালিকাগৰাকীক ধৰ্ষণ কৰে । ভুক্তভোগী পৰিয়ালটোৰ সদস্যই অভিযোগ কৰা মতে, এজন যুৱকে ভুক্তভোগী যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগৱঢ়াইছিল ৷ কিন্তু সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবে যুৱকজনে নবালিকা যুৱতীগৰাকীক অপহৰণ কৰি এনে জঘন্য ঘটনা সংঘটিত কৰে ।

ইতিমধ্যে নবালিকা যুৱতীগৰাকীক ন্যায় প্ৰদান কৰিবলৈ ভুক্তভোগী পৰিয়ালটোৱে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনায় । এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, এই জঘন্য ঘটনা পোহৰলৈ অহা পিচত গা লৰিছে পুলিবৰ আৰক্ষীৰ ৷

ঘটনা সন্দৰ্ভত পুলিবৰ আৰক্ষীয়ে তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে । আনহাতে, এই বৰ্বৰ ঘটনাই বৰ্তমান সমগ্ৰ যোৰহাটতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

লগতে পঢ়ক : জঘন্য! মুকবধিৰ মাতৃ আৰু কন্যাক ধৰ্ষণ কৰি যৌনাংগত ঢালিলে জলকীয়াৰ গুড়ি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.