ETV Bharat / state

উজনি অসমৰ পঞ্চায়তে পঞ্চায়তে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

author img

By

Published : Dec 7, 2021, 5:40 PM IST

Updated : Dec 7, 2021, 6:18 PM IST

পঞ্চায়তৰ সভাপতিৰ ঘৰে ঘৰে এতিয়া পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ(Panchayat and Rural Development Department) মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ মঙলবাৰৰ পুৱাৰ ভাগতে যোৰহাট জিলাৰ 43 নং ঢেকৰগঢ়া গাঁও পঞ্চায়তত উপস্থিত হয়গৈ মন্ত্ৰী গৰাকী ৷

Minister Ranjit Kumar Das visits Dhekorgorah Panchayat
পুৱাই ঢেকৰগঢ়া গাঁও পঞ্চায়ত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

যোৰহাট, 7 ডিচেম্বৰ : ৰাজ্যৰ প্ৰতিখন পঞ্চায়তৰ সভাপতি সকলৰ ঘৰে ঘৰে এতিয়া পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ(Panchayat and Rural Development Department) মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ সেই অনুসৰি মঙলবাৰৰ পুৱাই যোৰহাট জিলাৰ 43 নং ঢেকৰগঢ়া গাঁও পঞ্চায়তত উপস্থিত হয়গৈ মন্ত্ৰী গৰাকী(Minister Ranjit Kumar Das visits Dhekorgorah Panchayat) ৷ উপস্থিত হোৱাৰ পাছতে উন্নয়নৰ দিশত ঢেকৰগড়া গাঁও পঞ্চায়তে অধিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি সদৰী কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

উল্লেখ্য যে, পুৱাৰ ভাগতে ঢেকৰগঢ়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত পঞ্চায়তটোৰ সভানেত্ৰী লখিমী গোস্বামীৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী দাস ৷ সভানেত্ৰী গৰাকীৰ ঘৰতে পঞ্চায়তৰ সদস্য-সদস্যা সকলৰ সৈতে বিভিন্ন উন্নয়ন মূলক কাম-কাজ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে মত বিনিময় কৰে ৷ মন কৰিবলগীয়া, হঠাৎ যোৰহাট জিলাৰ ঢেকৰগঢ়া গাঁও পঞ্চায়ত(Dhekorgorah Panchayat)ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত হোৱাক লৈ ভিন্নজনৰ মাজত প্ৰতিক্ৰিয়াও সৃষ্টি হৈছে ৷

পুৱাই ঢেকৰগঢ়া গাঁও পঞ্চায়ত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

লগতে পঢ়ক: Bangladesh tour of Harsh Vardhan Shringla : আজি বাংলাদেশলৈ বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলা

ভ্ৰমণকালত সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি কয়, পঞ্চায়তৰ সভাপতি-সভানেত্ৰী সকলৰ ঘৰলৈ অহা উদ্দেশ্য এটাই যে, জনতাৰ স্বাৰ্থত পঞ্চায়তত উন্নয়ন অধিক ত্বৰান্বিত কৰাৰ বাবে পঞ্চায়তৰ সদস্য-সদস্যা সকলক উৎসাহ জনোৱা ৷ ইতিমধ্যে ঢেকৰগঢ়া পঞ্চায়তটোৱে অধিক উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে ৷ লগতে উন্নয়ন মূলক আঁচনি সমূহ সফল ৰূপায়নৰ লগতে পঞ্চায়তখনেও নিজাববীয়াকৈ বিভিন্ন উন্নয়ন মূলক কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি কয় মন্ত্ৰী গৰাকীয়ে ৷

পঞ্চায়ত মন্ত্ৰীগৰাকীৰ উপস্থিতিক লৈ অধিক উৎফুল্লিত হোৱা দেখা গ'ল গাঁও পঞ্চায়তখনৰ সদস্য-সদস্যা সকলক ৷ "গাঁও পঞ্চায়তেই হৈছে দেশখনৰ আত্মা ৷ গাঁও পঞ্চায়তত উন্নয়ন হ'লেহে দেশৰ উন্নয়ন প্ৰতিফলিত হ'ব ৷ গতিকে, বৰ্তমানৰ চৰকাৰখনে পঞ্চায়তৰ উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰিছে ৷" সাংবাদিকৰ আগত এইদৰে কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

লগতে পঢ়ক: AASU Demand to Repeal AFSPA : AFSPA প্ৰত্যাহাৰৰ দাবী আছুৰ

Last Updated : Dec 7, 2021, 6:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.