ETV Bharat / state

Bhaona is Assam: ভাওনা ভাওনাই; ভাওনাক অসমীয়া ভাওনা, আধুনিক ভাওনাৰ নামকৰণৰ প্ৰয়োজন নাই : মুখা শিল্পী পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী

author img

By

Published : Jul 24, 2023, 10:21 PM IST

"ভাওনা ভাওনাই ৷ আকৌ আমি নাম দিয়া কোনো প্ৰয়োজন নাই ৷ অসমীয়া ভাওনা, আধুনিক ভাওনা এইধৰণে নামাকৰণৰ কোনো অৰ্থ নাই ৷ মই ভাবো যে আজিৰ প্ৰজন্মই গুৰুজনাৰ সৃষ্টিক আদৰিব লাগে ৷" - বিখ্যাত মুখা শিল্পী পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী

Mask artist Hemchandra Goswami commented on bhaona
ভাওনাক অসমীয়া ভাওনা, আধুনিক ভাওনাৰ নামকৰণৰ প্ৰয়োজন নাই

ভাওনাক অসমীয়া ভাওনা, আধুনিক ভাওনাৰ নামকৰণৰ প্ৰয়োজন নাই

যোৰহাট, 24 জুলাই : "ভাওনা ভাওনাই ,আকৌ আমি নাম দিয়াৰ প্ৰয়োজন নাই" সোমবাৰে যোৰহাটত অনুষ্ঠিত হোৱা অংকীয়া নাট আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালাত উপস্থিত থাকি এই মন্তব্য কৰে বিখ্যাত মুখা শিল্পী পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীয়ে ৷ যোৰহাট জিলা শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কৃষ্টিৰ কঠীয়া আৰু জিলা প্ৰশাসন সহযোগত অংকীয়া নাট আৰু সত্ৰীয়া নৃত্যৰ পদ্ধতিগত শিক্ষাৰ এক কৰ্মশালা অনুষ্ঠিত কৰে ৷ এই গ্ৰীষ্মকালীন কৰ্মশালাত 140 গৰাকী ন-শিকাৰুৱে অংকীয়া নাট আৰু সত্ৰীয়া নৃত্যৰ পদ্ধতিগত শিক্ষাগ্ৰহণ কৰে ৷

গোস্বামীয়ে লগতে কয় যে, কলা সংস্কৃতিয়ে এটা জাতিৰ পৰিচয় আৰু এখন সমাজ গঢ়িব পাৰে ৷ তেনেকুৱা সংস্কৃতি জীয়াই ৰাখিবলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগ তথা ৰাজ্য চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তাত মই নিজেও আনন্দিত আৰু প্ৰশংসনীয়৷ গুৰুজনাৰ ভাওনা সৃষ্টি মূলতঃ হল সুস্থ ভাৱে আৰু সংস্কৃতিৰ মাজেৰে এখন সুন্দৰ সমাজ গঢ় লোৱা আৰু ভ্ৰাতৃত্ববোধ বজাই ৰখা ৷

ঈশ্বৰ উপাসনা, ৰাম উপসনা, আধ্যাত্মিক দিশ দৰ্শন ভাওনা ৷ গুৰুজনাই দি যোৱা কৰ্মৰাজিৰ আৰু আধ্যাত্মিক চিন্তা সমাজৰ পৰা আঁতৰি গলে সমাজ বিশৃংখল হ'বই ৷ ভাওনাৰ মৌলিকতা আমাৰ মাজৰ পৰা হেৰাই গৈছে ৷ ভাওনা ভাওনাই ৷ আকৌ আমি নাম দিয়া কোনো প্ৰয়োজন নাই ৷ অসমীয়া ভাওনা, আধুনিক ভাওনা এইধৰণে নামাকৰণৰ কোনো অৰ্থ নাই ৷

মই ভাবো যে আজিৰ প্ৰজন্মই গুৰুজনাৰ সৃষ্টিক আদৰিব লাগে ৷ বৰ্তমান সময়তো ভাওনা হৈছে, নোহোৱা নহয়, কিন্তু ভাওনাৰ মৌলিকতা হেৰাই গৈছে বুলি সদৰী কৰে বিখ্যাত মুখাশিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক: Palm Oil Farm at Boko : বকোত সেউজ তৈল খেজুৰ কৃষক গোটৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.