ETV Bharat / state

যোৰহাটৰ ৰাজপথত প্ৰতিবাদ অংগনবাড়ী কৰ্মীৰ

author img

By

Published : Mar 6, 2020, 4:02 PM IST

Updated : Mar 6, 2020, 4:13 PM IST

যোৰহাটৰ ৰাজপথত নাৰী দিৱসৰ প্ৰাকক্ষণত শ্ৰমজীৱী মহিলাৰ সাব্যস্ত উত্তাল প্ৰতিবাদ । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ যোৰহাট জিলা সমিতিয়ে ৷ প্ৰায় তিনি শতাধিক সদস্যাই অংশগ্ৰহণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীত ৷

masive protest by woman Jorhat Assam etv bharat news
প্ৰতিবাদ সাব্যস্ত অংগনবাড়ী কৰ্মীৰ

যোৰহাট,6 মাৰ্চঃ আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত শ্ৰমজীৱী মহিলাৰ প্ৰতিবাদেৰে উত্তাল হৈ পৰে যোৰহাটৰ ৰাজপথ ৷ যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় অংগনৱাড়ী কৰ্মীসকলে । বিজেপি নেতৃত্বাধীন চৰকাৰৰ জন-কল্যাণমূলক আঁচনিৰ অভাৱত ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ অৱস্থা বৰ্তমান শোচনীয় হৈ পৰিছে । বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ দৰে কৰ্ম কৰিব লাগে যদিয়ো নামমাত্ৰ মাননি লাভ কৰিয়ে উক্ত কৰ্মীসকলে চলাই আহিছে দৈনিক কৰ্ম । মূল্যবৃদ্ধিৰ যুগত নামমাত্ৰ মাননি লাভ কৰাৰ ফলত পৰিয়াল পোহপাল দিয়াত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে অংগনৱাড়ী কৰ্মীসকলৰ ।

শ্ৰমৰ মূল্য বিচাৰি প্ৰতিবাদ

শুকুৰবাৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ যোৰহাট জিলা সমিতিয়ে ৷ প্ৰায় তিনি শতাধিক সদস্যাই অংশগ্ৰহণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীত ৷

লগতে চাওকঃঅপৰিকল্পিতভাৱে আমগুৰিৰ ভিন্ন স্থানত স্থাপন হাইমাক্স লাইট

Last Updated : Mar 6, 2020, 4:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.