ETV Bharat / state

Mariani triple murder: আজিও ৰহস্যৰ আৱৰ্তত মৰিয়নী ত্ৰিপল মাৰ্ডাৰ; শুংসূত্ৰ উলিওৱাত ব্যৰ্থ যোৰহাট আৰক্ষী

author img

By

Published : Jun 25, 2023, 10:08 PM IST

Mariani triple murder case remains mystery for a year
আৰক্ষীৰ চৰম ব্যৰ্থতা! আজিও ন্যায় নাপালে সোণটি বৰাৰ পৰিয়ালে...

যোৰহাট জিলাৰ মৰিয়নী কঁপাই যোৱা এটা লোমহৰ্ষক হত্যাকাণ্ড ৷ এবছৰৰ পূৰ্বে এটা পৰিয়ালৰ তিনিগৰাকী লোকক নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই ৷ কিন্তু আজিও ৰহস্যৰ আৱৰ্তত এই হত্যাকাণ্ড...

আৰক্ষীৰ চৰম ব্যৰ্থতা! আজিও ন্যায় নাপালে সোণটি বৰাৰ পৰিয়ালে...

মৰিয়নী, 25 জুন: আৰক্ষীয়ে ৰহস্যভেদ কৰিব নোৱাৰা এটা লোমহৰ্ষক হত্যাকাণ্ড ৷ এটা নহয়, আচলতে 4 টা ৷ একে নিশাই একে পৰিয়ালৰে তিনিজনক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা ৷ তাৰ ঠিক 15 দিনৰ পিচত ৰহস্যজনক অৱস্থাত হত্যাৰ অভিযুক্তৰ মৃতদেহ উদ্ধাৰ ৷ ৰহস্যঘন ঘটনা, এবছৰে ঘটনাৰ পিচত দৌৰি একো ওৱাদিহ নোপোৱা অৱস্থা যোৰহাট আৰক্ষীৰ ৷ আমি ক’বলৈ লৈছো মৰিয়নীত সংঘটিত ত্ৰিপল মাৰ্ডাৰৰ ঘটনাটোৰ কথা ৷

এটা ত্ৰিপল মাৰ্ডাৰ:

2022 চনৰ 24 জুনৰ নিশা মৰিয়নীত ভাঁহি আহিছিল কাৰোবাৰ মৰণকাতৰ চিঞৰ ৷ ক্ৰমে নিশা গভীৰ হৈ অহাৰ লগে লগে নিতাল মাৰিছিল চিঞৰৰ শব্দ ৷ সেই নিশা মৰিয়নী দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত খাটিসোণাত সংঘটিত হৈছিল এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা ৷ লখিমপুৰৰ পৰা কৰ্মৰ সন্ধানত আহি নকছাৰি ভেলেউগুৰিত বহু বছৰ ধৰি বসতি সোণটি বৰা নামৰ লোকজনৰ তিনিজনীয়া পৰিয়ালটোৱে ৷ খাটিসোণা অঞ্চলৰ এটা ইটা ভাটাৰ শ্ৰমিক আৱাসত বাস কৰা সোণটি বৰাই সেইদিনাও প্ৰতিদিনৰ দৰে দিন হাজিৰা কৰি ঘৰলৈ উভতিছিল ৷

তেনেকুৱাতে নিশা ঘাতকে তেওঁলোকৰ ঘৰলৈ প্ৰৱেশ কৰি সোণটি বৰা আৰু 18 বছৰীয়া কন্যা মনালিছা বৰাক দাৰে ঘপিয়াই হত্যা কৰে ৷ ইয়াৰ মাজতে সোণটি বৰাৰ পত্নী টুলু বৰাই পলাবলৈ খোজোতেই হত্যাকাৰীয়ে তেওঁক চোতালৰ পৰা টানি আনি দাৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ কৰা হৈছিল ৷

25 জুনৰ পুৱা ওচৰৰ এজন কিশোৰে তিনিওৰে তেজেৰে লুটুৰি পুটুৰি হৈ থকা মৃতদেহ দেখি চিঞৰ বাখৰ কৰিছিল ৷ লগে লগে স্থানীয় লোকে মৰিয়নী আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইপিনে আৰক্ষীয়ে জনোৱা অনুসৰি মহিলা দুগৰাকীৰ মৃতদেহ দুটা অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷

হত্যাৰ অভিযুক্তৰ ৰহস্যজনক মৃত্যু

মৃতদেহ উদ্ধাৰ হোৱা বাসগৃহটোৰ ভিতৰৰ বস্তু-বাহানি লণ্ডভণ্ড হৈ থকা লগতে চোতালত দুখন দা, টৰ্ছ লাইট আৰু চোলা উদ্ধাৰ হৈছিল । ইয়াৰে এখন দা মাছ কটা দা আছিল ৷ এটা নীলা ৰঙৰ বেগৰ পৰা উদ্ধাৰ হোৱা দা আৰু কামিজটো মৰিয়নিৰ নকচাৰীৰ অফলাৰ তৰুণ দাস নামৰ ব্যক্তিৰ বুলি তৰুণ দাসৰ পৰিয়ালৰ লোকে চিনাক্ত কৰাৰ পিচতেই আৰক্ষীৰ সন্দেহৰ আঙুলি তৰুণলৈ উঠিছিল ৷

তৰুণ দাস দেবেৰাপাৰা চাৰিআলিৰ এজন মাছ বিক্ৰেতা আছিল ৷ আৰক্ষীয়ে তৰুণ দাসৰ সন্ধানত অভিযান চলাই থকাৰ মাজতেই ত্ৰিপল মাৰ্ডাৰৰ প্ৰায় 15 দিনৰ পিচত তৰুণ দাসৰ ক্ষত-বিক্ষত মৃতদেহ ঘটনাস্থলীৰ সমীপৰ এখন হাবিত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল ৷ চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় যদিও মৃতদেহত আছিল স্পষ্ট আঘাতৰ চিন ৷

সেয়েহে পৰিয়ালৰ লোকে সন্দেহ কৰিছিল যে, এয়া আত্মহত্যা নহয় বৰঞ্চ হত্যাহে ৷ তৰুণ দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগেই সমগ্ৰ ঘটনাত যে তৃতীয় পক্ষ জড়িত আছিল সেয়া এক প্ৰকাৰে প্ৰায় নিশ্চিত হৈ পৰিছিল ৷ তৰুণ দাসৰ মৃতদেহ উদ্ধাৰৰ পিচতেই হত্যাকাৰীক চিনাক্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ মৰিয়নী থানাত এখন এজাহাৰ দাখিল কৰিছিল দাসৰ আত্মীয়ই ।

আৰক্ষীৰ এবছৰীয়া অনুসন্ধান

এই হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ মৰিয়নী কঁপাই তুলিছিল ৷ যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীৰ নেতৃত্বত আৰম্ভ হৈছিল অভিযান ৷ স্নিফাৰ ডগ লৈ অভিযান অব্যাহত ৰাখিছিল আৰক্ষীয়ে ৷ ইফালে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত আৰক্ষী অধীক্ষক মোহনলাল মিনাই হত্যাকাৰীক দুই এদিনতে কৰায়ত্ত কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল ৷

কিন্তু তৰুণ দাসৰ মৃতদেহ উদ্ধাৰৰ পিচতেই সমগ্ৰ ঘটনাই নতুন মোৰ লৈছিল ৷ ক্ৰমান্বয়ে এই ঘটনাৰ তদন্তৰ গতি লেহেমীয়া হৈছিল যোৰহাট আৰক্ষীৰ ৷ পৰৱৰ্তী সময়ত যোৰহাট আৰক্ষীয়ে তদন্তত গাফিলতি কৰাৰ লগতে এই ঘটনাত এটা প্ৰভাৱশালী চক্ৰৰ হেঁচাত গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷

ন্যায়ৰ অপেক্ষা

আজি এবছৰত ভৰি দিলেহি মৰিয়নীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই ৷ তথাপিও আজিকোপতি ন্যায় নাপালে সোণটি বৰাৰ পৰিয়ালে ৷ এই ঘটনাৰ পিচত প্ৰশ্ন উত্থাপন হৈছিল যে তিনিজনীয়া দৰিদ্ৰ পৰিয়ালটোক তৰুণ দাসে অকলে দাৰে ঘপিয়াই হত্যা কৰিছিলনে ? সেই নিশা পৰিয়ালটোক হত্যা কৰাৰ লগত ঘাতক তৰুণ দাসৰ লগত আৰু অন্য লোকো জড়িত আছিল নেকি ?

মনালিছা বৰাৰ সৈতে অবৈধ সম্পৰ্ক আছিল নেকি তৰুণ দাসৰ ? হত্যাৰ পূৰ্বে ধৰ্ষণৰ বলি হৈছিল নেকি মনালিছা সহ মাতৃ ? অতি দৰিদ্ৰ পৰিয়াল হোৱাৰ বাবে ন্যায়ৰ পৰা বঞ্চিত হ’ল নেকি সোণটি বৰাৰ পৰিয়াল ?

লগতে পঢ়ক: Triple murder case: মৰিয়নিৰ তিনি হত্যাকাণ্ডৰ হত্যাকাৰী বৰ্তমানেও মুকলি আকাশৰ তলত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.