ETV Bharat / state

দক্ষিণ মাজুলীত বুটমাহৰ বিষক্ৰিয়া ঘটি অৰ্ধশতাধিক লোক অসুস্থ

author img

By

Published : Oct 17, 2019, 5:06 PM IST

বুটমাহত বিষক্রিয়া হৈ প্ৰায় অৰ্ধ শতাধিকত কৈও অধিক লোক অসুস্থ হৈ পৰে ৷ অনুষ্ঠানত বুট মাহ খোৱাৰ পিচতে লোকসকল গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে ৷ টি এম পি কেৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিছিল আক্ৰান্ত লোকসকলে ৷

মাজুলীত টি এম পি কেৰ প্ৰতিষ্ঠা দিৱসত বুট মাহ খাই অসুস্থ অৰ্ধশতাধিক লোক

যোৰহাট,17 অক্টোবৰঃ গোলাঘাটৰ সুৰা ট্ৰেজেডিৰ পিচত এইবাৰ মাজুলীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ বৃহস্পতিবাৰে দক্ষিণ মাজুলীৰ ভেটেলীত সংঘটিত হ'ল এই ঘটনা ৷ দক্ষিণ মাজুলীত অনুষ্ঠিত হোৱা টি এম পি কেৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰা শতাধিক লোকে বুটমাহ খাইছিল ৷ আৰু তাৰ পিচতে বুটমাহত বিষক্রিয়া হৈ প্ৰায় অৰ্ধ শতাধিকত কৈও অধিক লোক অসুস্থ হৈ পৰে ৷ অনুষ্ঠানত বুট মাহ খোৱাৰ পিচতে লোকসকল গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে ৷

MAJULI FOOD POISONING, MORE THAN 50 PEOPLE EFFECTED
অসুস্থ লোকসকলক হাস্পতাললৈ নি থকা অৱস্থাত

ইফালে এই ঘটনাৰ পিচতে অসুস্থ লোকসকলক লগে লগে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷ বৰ্তমানলৈকে শিশু মহিলাসহ ২০ জনতকৈ অধিক লোক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ খবৰ অনুসৰি এই মুহূৰ্তলৈকে শিশু মহিলাসহ ৬ জন লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে ৷ আনহাতে বৰ্তমানেও যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে আহি আছে বিষ ক্ৰিয়াত আক্ৰান্ত বহু লোক। এই ঘটনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

মাজুলীত বুটমাহৰ বিষক্ৰিয়া ঘটি অৰ্ধশতাধিক লোক অসুস্থ
Intro:Body:

BREAKING,JORHAT



*দক্ষিণ মাজুলীৰ ভেটেলীত ভয়ংকৰ ঘটনা*



*বুটমাহত বিষক্রিয়া হৈ প্ৰায় অৰ্ধ শতাধিক জন তকৈও অধিক লোক গুৰুতৰ ভাবে অসুস্থ*



*টি এম পি কেৰ প্ৰতিষ্ঠা দিৱসত দিয়া বুট মাহ খাই বিষক্ৰিয়াত আক্ৰান্ত হয় লোক সকল।*



*বৰ্তমানলৈকে সংকটজনক অৱস্থাত শিশু মহিলাসহ ২০ জনতকৈ অধিক ভৰ্তি কৰোৱা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত*



*প্ৰায় শিশু মহিলা সহ ৬ জন লোক বৰ্তমান ভৰ্তি কৰোৱা হৈছে আই চি ইউত*



*বৰ্তমানেও যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে আহি আছে বিষ ক্ৰিয়াত আক্ৰান্ত বহু লোক।*


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.