ETV Bharat / state

বাঘৰ ভয়ত বাহিৰলৈ ওলাব নোৱৰা অৱস্থা

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 9:15 PM IST

leopard attacks a man from behind at mariani
নাহৰফুটুকীৰ সন্ত্ৰাস

মৰিয়নীত অব্যাহত নাহৰফুটুকীৰ সন্ত্ৰাস । বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন, জে এম চি এইছত ভৰ্তি ৷

নাহৰফুটুকীৰ সন্ত্ৰাস

যোৰহাট, 14 ডিচেম্বৰ : মৰিয়নী নগৰৰ লগতে বিভিন্ন চাহ-বাগিচাত আব্যাহত আছে নাহৰফুটুকীৰ সন্ত্ৰাস ৷ বহুদিন ধৰি নাহৰফুটুকীয়ে নিৰীহ মানুহ তথা বিভিন্ন জীৱ-জন্তুৰ ওপৰত চলাই আহিছে আক্ৰমণ ৷ দীৰ্ঘদিন ধৰি এই নাহৰফুটুকীৰ সন্ত্ৰাস অব্যাহত থকাৰ পিচতো কিন্তু স্মাৰ্ট বন-বিভাগে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই বাঘটোক । যাৰ ফলত ভয়-শংকাৰ মাজেৰে এটা এটা দিন অতিবাহিত কৰিব লগা হৈছে সাধাৰণ ৰাইজে ৷ বাঘটোক নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ বাবে মৰিয়নীবাসী ৰাইজে ভয়-শংকাৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে ৷ ইয়াৰ মাজতেই শেহতীয়াকৈ মৰিয়নী নগৰৰ কাষতে লাগি থকা কাটনীবাৰী চাহ-বাগিচাত নাহৰফুটুকীৰ আক্ৰমণত পঞ্চাশৰ উৰ্ধৰ এগৰাকী বৃদ্ধ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহি পৰিছে ৷

লগতে পঢ়ক : কেৰালাত এটা নৰখাদক বাঘ হত্যাৰ নিৰ্দেশ চৰকাৰৰ

কাটনীবাৰী চাহ-বাগিচাৰ ৮ নং লাইনত সংঘটিত হৈছে এই ঘটনা ৷ জানিব পৰা মতে, নাহৰফুটুকীটোৱে পিছফালৰ পৰা আক্ৰমণ কৰে ব্যক্তিজনক ৷ নাহৰফুটুকীটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেশৱ তাঁতী নামৰ বৃদ্ধ গৰাকীক প্ৰথমতে প্ৰাথমিক চিকিৎসা সেৱাৰ বাবে মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় কিন্তু বৃদ্ধজনৰ আঘাত অধিক গুৰুতৰ হোৱাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত ভৰ্তি কৰোৱা হয় । নাহৰফুটুকীৰ আক্ৰমণত বৃদ্ধজনে মূৰ, ভৰি হাত আৰু ককালত আঘাত পাইছে বুলি পৰিয়ালৰ লোকে অৱগত কৰিছে ৷

বন বিভাগে আঘাতপ্ৰাপ্ত লোকজনৰ চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে৷ তাৎপৰ্যপূৰ্ণ যে, বিগত দুমাহ ধৰি নাহৰফুটুকী বাঘে মৰিয়নী নগৰৰ লগতে ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহত সন্ত্ৰাস অব্যাহত ৰাখি জনসাধৰণক ত্ৰাহি মধুসূদন সোধাই আহিছে, তাৰ পিচতো বিয়াগোম বন-বিভাগে নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰাত কোনো ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে ।

লগতে পঢ়ক : Tigers freely roaming:কাজিৰঙাত বাঘে-মানুহে সহবাস কৰিছে, আমিতো কাজিৰঙাৰ মানুহ নহয়-শংকিত ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.