ETV Bharat / state

Super Acceleration Erickshaws : অসম সৌৰভ ডঃ বিনয় কুমাৰ শইকীয়াৰ নৱতম আৱিষ্কাৰ

author img

By

Published : Mar 23, 2023, 3:00 PM IST

Updated : Mar 23, 2023, 5:12 PM IST

অসম সৌৰভ ডঃ বিনয় কুমাৰ শইকীয়াৰ নতুন আৱিষ্কাৰ । ছুপাৰ এক্সিলেৰেন্সছ ই-ৰিক্সা উপলব্ধ হ'ব বজাৰত (Super Acceleration erickshaws coming to market) ।

Jorhat
Jorhat

বিনয় কুমাৰ শইকীয়াৰ নতুন উদ্ভাৱন

যোৰহাট, ২৩ মাৰ্চ : 'অসম সৌৰভ' ডঃ বিনয় কুমাৰ শইকীয়াৰ নৱতম আৱিষ্কাৰ (Assam Saurav Dr Binoy Kumar Saikia) । এইবাৰ তেওঁ আৱিষ্কাৰ কৰা ছুপাৰ এক্সিলেৰেন্সছ ই-ৰিক্সা উপলব্ধ হ'ব বজাৰত । উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে কৰিছে এই আৱিষ্কাৰ । ইয়াত ব্যৱহাৰ কৰা হৈছে Supercapacitor battery hybrid (SBH) ই-ৰিক্সা প্ৰযুক্তি ।

অদূৰ ভৱিষ্যতে পেট্ৰ'লজাত ইন্ধনৰ দ্বাৰা চলাচল কৰা বাহন সম্পূৰ্ণ ৰূপত বন্ধ হোৱাটো নিশ্চিত । উল্লেখ্য যে বৰ্তমান ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন উন্নত দেশত পেট্ৰ'লজাত ইন্ধনৰ দ্বাৰা চলাচল কৰা বাহনসমূহৰ ঠাইত বেটাৰী বা আন আন নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে (electronics vehicles) । তেনে সময়ত বৰ্তমান বজাৰত সহজলভ্য হৈ পৰিছে বিভিন্ন বেটাৰীৰ দ্বাৰা চালিত বাহন । উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কয়লা আৰু শক্তি বিভাগৰ বিজ্ঞানী তথা 'অসম সৌৰভ' সন্মানেৰে সন্মানিত ডঃ বিনয় কুমাৰ শইকীয়া আৰু তেওঁৰ দলটোৰ নৱতম আৱিষ্কাৰ এয়া (Super Acceleration erickshaws coming soon) ।

তেওঁলোকে অসমৰ কয়লাৰ পৰা কাৰ্বন উৎপাদন কৰি এক আধুনিক বেটাৰী নিৰ্মাণ কৰিছে । আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে এই বেটাৰীৰ দ্বাৰা পৰিচালিত বাহনে বিশেষকৈ পাহাৰীয়া অঞ্চলত এই ই-ৰিক্সা বাহনখনে যথেষ্ট গতি লাভ কৰিব । বজাৰত উপলব্ধ ই-ৰিক্সাতকৈ এই হাইব্ৰিড ই-ৰিক্সাৰ যথেষ্ট যান্ত্ৰিকভাৱে পাৰ্থক্য আছে । সাধাৰণতে বজাৰৰ বিভিন্ন কোম্পানীৰ ই-ৰিক্সাসমূহে বেটাৰী ছাৰ্জ কৰাৰ সময়ত যথেষ্ট সময় লয় । প্ৰায় ৬ ঘণ্টাৰ পৰা ১০ ঘণ্টা লাগে সম্পূৰ্ণভাৱে বেটাৰী চাৰ্জ হওঁতে (latest invention of Dr Binoy Kumar Saikia) ।

কিন্তু এই হাইব্ৰিড ই-ৰিক্সাৰ বেটাৰী চাৰ্জ কৰোঁতে মাত্ৰ ২ ঘণ্টাৰ পৰা ৪ ঘণ্টা সময় লয় । গতিৰ ক্ষেত্ৰত আন ই-ৰিক্সাসমূহৰ গতিবেগ হৈছে ঘণ্টাত ২৫ কিলোমিটাৰ । কিন্তু এই নৱতম ই-ৰিক্সাখনৰ গতিবেগ ঘণ্টাত ৩৫ কিলোমিটাৰ । আনহাতে, সাধাৰণ ই-ৰিক্সাসমূহৰ ওজন ২৮২ কেজিৰ বিপৰীতে ২৯০ কেজি ওজনৰ এই হাইব্ৰিড ই-ৰিক্সাখনত Li-ion/106 Ah বেটাৰীৰ দ্বাৰা ৭০-ৰ পৰা ১০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পৰা যাব । ইয়াৰ উপৰি ডঃ বিনয় শইকীয়া আৰু তেওঁৰ দলৰ দ্বাৰা নৱতম আৱিষ্কাৰ এই হাইব্ৰিড ই-ৰিক্সাখনক অনভায়া ইনভেছনচ (anvaya innovations) যোৰহাটে এই নৱতম প্ৰযুক্তি গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :Bachchu Kadu Controversy : অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ

Last Updated : Mar 23, 2023, 5:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.