ETV Bharat / state

Train Accident : অৱধ আছাম এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ হেৰুৱালে শ্ৰমিকে, আহত এজন শ্ৰমিক

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 8:30 PM IST

Updated : Aug 28, 2023, 8:40 PM IST

ৰে’ল বিভাগৰ নিৰ্মীয়মান বিদ্যুৎ সংযোগ কাম কৰি থকা অৱস্থাত এজন শ্ৰমিক ঘটনাস্থলীতে কৰুণভাৱে মৃত্যুক আকোঁৱালি লোৱাৰ লগতে আন এজন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ মৃত শ্ৰমিকজনৰ ঘৰ পশ্চিমবংগৰ মালদাত বুলি জানিব পৰা গৈছে।

Train Accident
অৱধ আছাম এক্সপেছৰ খুন্দাত প্ৰাণ হেৰুৱালে শ্ৰমিকে

অৱধ আছাম এক্সপেছৰ খুন্দাত প্ৰাণ হেৰুৱালে শ্ৰমিকে

যোৰহাট, 28 আগষ্ট : যোৰহাট জিলাত পুনৰ অঘটন সংঘটিত হৈছে ৷ অৱধ আছাম এক্সপ্ৰেছে প্ৰাণ ল’লে কৰ্মৰত এজন শ্ৰমিকৰ, গুৰুতৰভাৱে আহত হৈছে অন্য এজন শ্ৰমিক। মৃত শ্ৰমিকজনৰ ঘৰ পশ্চিমবংগৰ মালদাত বুলি জানিব পৰা গৈছে।

যোৰহাট জিলা অন্তৰ্গত তিতাবৰ মহকুমা টাইৰুণ চাহ বাগিচা কলঘৰত মেচিনত সোমাই ভাস্কৰ মাহান্তি নামৰ এজন শ্ৰমিকে যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা ঘটনা মাৰ নৌযাওঁতে তিতাবৰত পুনৰ সংঘটিত হৈছে আন এক দুভাৰ্গ্যজনক ঘটনা। ৰে’ল বিভাগৰ বিদ্যুৎ সংযোগৰ কাম কৰি থকা অৱস্থাত এজন শ্ৰমিক ঘটনাস্থলীতে কৰুণভাৱে মৃত্যুক আকোঁৱালি লোৱাৰ লগতে আন এজন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

ঘটনাৰ বিৱৰণী অনুসৰি বিদ্যুৎ সংযোগৰ দ্বাৰা ৰে’ল চলাচলৰ বাবে কাম আৰম্ভ কৰিবলৈ বৈদ্যুতিক খুটাৰ ওপৰত উঠি বিদ্যুত তাঁৰ সংযোগ কৰি থকা অৱস্থাতেই তীব্ৰ গতিৰে আহি থকা নামনিমুৱা অৱধ আছাম এক্সপ্ৰেছৰ গতিত সৃষ্ট তীব্ৰ বতাহে টানি লৈ যোৱাৰ ফলতে ঘটনাস্থলীতে আৰিফ শ্বেখ নামৰ শ্ৰমিকজনৰ আকস্মিক মৃত্যু হয় ৷ লগতে বাহাৰুদ্দিন শ্বেখ নামৰ আন এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। মৃত আৰু আহত দুয়োজন শ্ৰমিক KEC কোম্পানীত কৰ্মৰত আছিল।

মৃত আৰিফ শ্বেখৰ ঘৰ পশ্চিম বংগৰ মালদাত বুলি জানিব পৰা গৈছে। আনহাতে আহত শ্ৰমিকজনক তিতাবৰ আসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইতিমধ্যে ঘটনাস্থলীলৈ প্ৰশাসনৰ উচ্চ প্ৰদস্থ দল ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। প্ৰশাসনে মৃত শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ আহত শ্ৰমিকজনৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Clash at ISBT Guwahati: বাছ চালকক প্ৰহাৰ উদণ্ড ছাত্ৰৰ; ক্ষোভিত চালক সন্থাৰ বিক্ষোভ

Last Updated :Aug 28, 2023, 8:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.