ETV Bharat / state

Jorhat murder case: তৰুণ দাসৰ পৰিয়ালক আজিও দিয়া নহ'ল মৃত্যুৰ প্ৰমাণপত্ৰ

author img

By

Published : Mar 11, 2023, 12:34 PM IST

যোৱা বছৰ জুনত সংঘটিত যোৰহাটৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক লৈ বিভিন্ন মহলত প্ৰশ্ন উঠিছে । হত্যাকাৰী সজোৱা তৰুণ দাসৰ পৰিয়ালে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে (Negligence of Jorhat Police)। আজিলৈ পৰিয়ালটোক আৰক্ষীয়ে দিব নোৱাৰিলে মৃত্যুৰ প্ৰকৃত তাৰিখে ।

Jorhat murder case
তৰুণ দাসৰ পৰিয়ালক আজিও দিয়া নহ'ল মৃত্যুৰ প্ৰমাণপত্ৰ

তৰুণ দাসৰ পৰিয়ালক আজিও দিয়া নহ'ল মৃত্যুৰ প্ৰমাণপত্ৰ

যোৰহাট,১১ মাৰ্চ : আজিৰ পৰা প্ৰায় ৯ মান পূৰ্বে যোৰহাট জিলাৰ মৰিয়নিত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড (Mariani murder case)। মৰিয়নি দেবেৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত খাটিচোনাত বিগত বৰ্ষৰ ২৪ জুনৰ নিশা সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ডটো । সোনটি বৰা নামৰ এজন লোকৰ পৰিয়ালৰ তিনিগৰাকী সদস্যক ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই (Triple murder case of Mariani)।

উক্ত হত্যাকাণ্ডৰ ১৩ দিনৰ পাছতে সোনটি বৰাৰ পৰিয়ালৰ মৃতদেহকেইটা উদ্ধাৰ হোৱাৰ স্থানৰ কিছু নিলগত চিপ লোৱা অৱস্থাত পুনৰ উদ্ধাৰ হয় অফলামূখ গাঁৱৰ তৰুণ দাস নামৰ আন এগৰাকী লোকৰ মৃতদেহ । আনহাতে তৰুণ দাসৰ পৰিয়ালৰ অভিযোগ যে হত্যাকাৰীয়ে সোনটি বৰাৰ পৰিয়ালটোক হত্যা কৰি তৰুণ দাসক হত্যাকাৰী সজোৱাৰ অপচেষ্টা কৰিছিল আৰু পৰিকল্পিতভাৱে ঘাটকেই হত্যা কৰিলে তৰুণ দাসক ।

ইফালে মৰিয়নি আৰক্ষীয়ে তৰুণ দাস আৰু সোনটি বৰাৰ পৰিয়ালৰ হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাটো বহু দূৰৰে কথা আজিলৈকে আৰক্ষীয়ে তৰুণ দাসৰ মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে মৃত্যুৰ তাৰিখটোকে দিব নোৱাৰিলে । সেয়ে যোৰহাট আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈছে তৰুণ দাসৰ পৰিয়াল লগতে আত্মীয় (Allegation against Assam Police)। ৯ মাহৰ পাছতো আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত লোকক কৰায়ত্ত কৰিব নোৱাৰা বুলি অভিযোগ কৰিছে পৰিয়ালটোৱে ।

আৰক্ষীৰ ভূমিকাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে পৰিয়ালটোৱে । তৰুণ দাসৰ দুই কন্যাৰ লগতে পৰিয়ালটোৱে সেয়ে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে । চাৰিওটা হত্যাকাণ্ডৰ নিকা আৰু খৰতকীয়া তদন্তৰ দাবী কৰিছে পৰিয়ালটোৱে । ইফালে ৰাজ্য কঁপাই যোৱা মৰিয়নিৰ হত্যাকাণ্ডৰ তদন্তৰ ক্ষেত্ৰত যোৰহাট আৰক্ষীৰ ভূমিকাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় লোক আৰু তৰুণ দাসৰ পৰিয়ালে ।

লক্ষণীয়ভাৱে অসমৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে আৰক্ষীক দুৰ্নীতি আৰু অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ নিৰ্দেশ দি আহিছে । তেনে সময়ত যোৰহাট আৰক্ষীৰ এনে কাৰ্যক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Shot dead in Tezpur: ভাতৃহন্তা অচিন্তৰ মনত নাই লেশমানো অনুশোচনা; হাঁহি হাঁহি কৰিলে দুখ প্ৰকাশ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.