ETV Bharat / state

Jorhat Majuli connected bridge : 2026 ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা যোৰহাট মাজুলী সংযোগী দলং

author img

By

Published : Feb 21, 2023, 3:05 PM IST

Jorhat Majuli connected bridge
নিৰ্মীয়মাণ অৱস্থাত যোৰহাট মাজুলী সংযোগী দলং

২০২৬ ত সম্পূৰ্ণ হ'ব যোৰহাট মাজুলী সংযোগী আশাৰ সেঁতু (Jorhat Majuli connected bridge) ৷ দলং নিৰ্মাণকাৰী সংস্থা ইউ পি ব্ৰীজ কনষ্ট্ৰাকচন কৰ্তৃপক্ষই জানিবলৈ দিয়ে এই কথা ৷

নিৰ্মীয়মাণ অৱস্থাত যোৰহাট মাজুলী সংযোগী দলং

যোৰহাট, 21 ফেব্ৰুৱাৰী : ২০২৬ বৰ্ষৰ মাৰ্চ মাহত সম্পূৰ্ণ হ'ব যোৰহাট আৰু মাজুলীবাসীৰ সংযোগী আশাৰ সেঁতু (Jorhat Majuli connected bridge) । ২০১৬ বৰ্ষত আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা দলং খনৰ নিৰ্মাণকাৰ্য সম্প্ৰতি চলিছে পুৰ্নগতিত । ৭১ টা খুঁটা সম্বলিত দলংখনৰ ৩৪ টা খুঁটাৰ কামে ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে বুলি নিৰ্মাণকাৰী সংস্থাই জানিবলৈ দিয়ে ।

দলং নিৰ্মাণকাৰী সংস্থা ইউ পি ব্ৰীজ কনষ্ট্ৰাকচন কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত যোৰহাট দিশৰ ৩৯ টা খুঁটাৰ ১৩ খুঁটাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে । বানপানী, বৰষুণ তথা অন্যান্য প্ৰাকৃতিক দুৰ্যোগে বাধা নিদিলে ২০২৬ ৰ মাৰ্চ মাহৰ ভিতৰত যোৰহাট আৰু মাজুলীবাসীৰ সংযোগী দলংখন সম্পূৰ্ণ হোৱাতো নিশ্চিত বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

ইতিমধ্যে দিনে নিশাই কোম্পানীটোৰ বণুৱাসকলে দলং নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । অৱশ্যে দলংখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সা-সঁজুলিকে ধৰি অন্যান্য যাৱতীয় সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে যদিও যিমান পাৰি কম দিনৰ ভিতৰতে নিৰ্মাণকাৰী সংস্থাটোৱে কাম সম্পন্ন কৰি তোলাৰ বাবে প্ৰস্তুতি চলাইছে বুলি জানিবলৈ পৰা গৈছে ।

উল্লেখযোগ্য যে, যোৰহাট-মাজুলী সংযোগী দলংখন সম্পূৰ্ণ হৈ উঠাত বিশেষ অৰিহণা গ্ৰহণ কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Union minister Sarbananda Sonowal) ৷ এদিন পূৰ্বে মাজুলীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হৈ দলংখনৰ নিৰ্মাণৰ অগ্ৰগতিৰ খতিয়ান লয় আৰু এখন সঠিক সুন্দৰ দলঙ নিৰ্মাণৰ স্বাৰ্থত সকলোৰে সহযোগিতা আশা কৰে ( Sarbananda Sonowal visited construction of Majuli Bridge)।

ইপিনে যোৰহাট মাজুলী সংযোগী দলঙৰ কাম পুৰ্নগতিত চলি থকা বিষয়টোৱে উৎফুল্লিত কৰি তুলিছে সাধাৰণ জনতাক । যোৰহাট দিশৰ দুৰ্বল যাতায়তে কোঙা কৰা হাতীশাল অঞ্চলৰ কৃষিজীৱী ৰাইজে এতিয়া থলুৱা বজাৰখন লাভ কৰিব বুলি আশাবাদী হৈ পৰিছে । একেদৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকলেও দলঙৰ কাম পৰিদৰ্শন কৰি মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সপোন শীঘ্ৰে বাস্তৱায়িত কৰাৰ পোষকতা কৰে । লগতে, এই দলংখনে মাজুলী আৰু যোৰহাটৰ দুই পাৰৰ বিশেষকৈ নদীপৰীয়া ৰাইজৰ যাতায়তকে ধৰি অৰ্থনৈতিক, সামাজিক উন্নয়নৰ ক্ষেত্ৰত সহায়কাৰী হ'ব বুলি আশা প্ৰকাশ কৰে ৷

ইয়াৰেপৰি, দলংখন সম্পূৰ্ণ হৈ উঠাৰ ক্ষেত্ৰত চৰকাৰখনক প্ৰয়োজনীয় সকলো সুব্যৱস্থা কৰি দিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনায় আৰু কামবোৰ যাতে নিখুঁট তথা দীৰ্ঘম্যাদী হয় তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি দিবলৈ দলং নিৰ্মাতা সন্থাক আহ্বান জনায় । যোৰহাট জিলাৰ টীয়ক জাঁজীমুখ যোৰহাট হাতীশালত নিৰ্মীয়মাণ অৱস্থাত থকা গুৰুত্বপূৰ্ণ এই সংযোগী দলংখনে বহুজনলৈ আশাৰ জোৱাৰ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Protest for inclusion of non bodo villages : ২৫ খনকৈ অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.