Bioprospecting Plant Microbiome: অসম কৃষি বিশ্ববিদ্যালয়ত নতুন বিষয়ৰ সংক্ষিপ্ত পাঠ্যক্ৰম

author img

By

Published : Jan 20, 2022, 3:25 PM IST

AAU begins short term course
অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ নতুন বিষয়ৰ সংক্ষিপ্ত পাঠ্যক্ৰম ()

১০ দিনীয়াকৈ এক নতুন বিষয়ৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে (ICAR sponsored short course started in AAU)। 'অনুজীৱৰ সমৃদ্ধিকৰণ জৈৱিক কৃষি প্ৰযুক্তিৰ বাবে এক নতুনত্ব' শীৰ্ষক এক সংক্ষিপ্ত পাঠ্যক্ৰমৰ বুধবাৰে আৰম্ভণি হৈছে (Bioprospecting Plant Microbiome – a Novelty to Plant Health Management in Organic Production System) । আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ কৃষি আয়ুক্ত ড° এছ কে মালহোত্ৰা ।

যোৰহাট,১৯ জানুৱাৰী : অসম কৃষি বিশ্ববিদ্যালয়ৰ প্লেন্ট পেথলজি বিভাগৰ উদ্যোগত ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে 'অনুজীৱৰ সমৃদ্ধিকৰণ জৈৱিক কৃষি প্ৰযুক্তিৰ বাবে এক নতুনত্ব' শীৰ্ষক এক সংক্ষিপ্ত পাঠ্যক্ৰমৰ (ICAR sponsored short course started in AAU)। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অৰ্থ সাহাৰ্যৰে ১৯-২৮ জানুৱাৰীলৈ হ'বলগীয়া সংক্ষিপ্ত পাঠ্যক্ৰমৰ আৰম্ভণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ কৃষি আয়ুক্ত ড° এছ কে মালহোত্ৰা উপস্থিত থাকে । তেওঁ বক্তব্য ৰাখি কয় যে কয় যে উত্তৰ পূৱ ভাৰত জৈৱিক কৃষিৰ এক সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ ।

AAU begins short term course
অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ নতুন বিষয়ৰ সংক্ষিপ্ত পাঠ্যক্ৰম

জৈৱিক উৎপাদন ব্যৱস্থাৰ জৰিয়তে এই অঞ্চলে সামগ্ৰিক কৃষিক্ষেত্ৰলৈ ৰূপান্তৰ অনাৰ সম্ভাৱনা দেখুৱাইছে আৰু এই দিশত সঠিক পথ দেখুৱাই নিয়াৰ দিশত অসম কৃষি বিশ্ববিদ্যালয়েও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । পাঠ্যক্ৰম সমন্বয়ক ড° পপী বৰাই আঁত ধৰা অনুষ্ঠানত উদ্দেশ্য বাখ্যাত বিশ্ববিদ্যালয়ৰ কৃষি অনুষদৰ বিজ্ঞানগুৰু ড° জয়ন্ত ডেকাই জৈৱিক কৃষিৰ এক দীঘলীয়া ইতিহাস থকাৰ পাছত এই দিশত যথোচিত জ্ঞানৰ অভাৱতে এই দিশত বহু পিছপৰি থকা বুলি উল্লেখ কৰি অধিক ফলপ্ৰসূভাৱে বিস্তাৰিত কৰাৰ বাবে এনেধৰণৰ পাঠ্যক্ৰম গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে (Bioprospecting Plant Microbiome – a Novelty to Plant Health Management in Organic Production System) ।

বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই দিনে দিনে বাঢ়ি অহা কৃষিক্ষেত্ৰৰ প্ৰত্যাহ্বান সমূহক মোকাবিলা কৰাত আৰু গুণগতভাৱে উৎপাদন বৃদ্ধিত এইধৰণৰ পাঠ্যক্ৰম সহায়ক হ'ব বুলি প্ৰকাশ কৰে । এই সংক্ষিপ্ত পাঠ্যক্ৰমত ২৮ গৰাকী গৱেষক বিজ্ঞানীয়ে অংশ গ্ৰহণ কৰিছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড° ডেইজী হাজৰিকাই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ যোৰহাটস্থিত ভাৰপ্ৰাপ্ত সঞ্চালক ড° উদয় শইকীয়া আৰু প্লেন্ট পেথলজি বিভাগৰ মুৰব্বী পলাশ দেৱনাথেও বক্তব্য ৰাখে ।

লগতে পঢ়ক :Deuri bihu at Majuli : আজি দেউৰীসকলৰ মাঘ বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.