ETV Bharat / state

Dumping ground problem of Jorhat: ফুলদানি দৰে পৰি ৰ’ল ডাম্পিং গ্ৰাউণ্ডৰ জাৱৰ নিষ্কাশনৰ কোটি টকীয়া যন্ত্ৰ

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 7:31 PM IST

ৰাজ্য চৰকাৰে হোৰা-হোৰে ঋণ লৈ ৰাজ্যবাসীৰ মূৰত ঋণৰ বোজা জাপি দিয়া সময়তে কোটি কোটি টকাৰ ৰাজহুৱা ধনৰ অপচয় ৷ ধ্বংসৰ গৰাহত জাৱৰ নিষ্কাশনৰ কোটিটকীয়া যন্ত্ৰ । স্থানান্তৰৰ প্ৰতিশ্ৰুতি দিয়াৰ পাচতো আজিকোপতি স্থানান্তৰ নহ’ল গড়মূৰ ডাম্পিং গ্ৰাউণ্ড ।

Hygiene sanitation gone for a toss in Jorhat
ফুলদানি দৰে পৰি ৰ’ল গড়মূৰ ডাম্পিং গ্ৰাউণ্ডৰ জাঁৱৰ নিষ্কাশন কোটি টকীয়া যন্ত্ৰ

ফুলদানি দৰে পৰি ৰ’ল গড়মূৰ ডাম্পিং গ্ৰাউণ্ডৰ জাঁৱৰ নিষ্কাশন কোটি টকীয়া যন্ত্ৰ

যোৰহাট, ২৪ আগষ্ট: যোৰহাটত কোটি টকা ৰাজহুৱা সম্পত্তি ধ্বংসৰ গৰাহত। ইয়াৰ একমাত্ৰ উদাহৰণ হ'ল যোৰহাট নগৰ মাজমজিয়াস্থিত গড়মূৰ ডাম্পিং গ্ৰাউণ্ড থকা যন্ত্ৰ-পাতিসমূহ । তাৎপৰ্যপূৰ্ণ যে, যোৰহাটবাসী দীৰ্ঘদিনীয়া সমস্যা গড়মূৰ ডাম্পিং গ্ৰাউণ্ড আৰু ডাম্পিং গ্ৰাউণ্ড জাৱৰসমূহ নিষ্কাশন কৰিবলৈ প্ৰায় দুটা বছৰ পূৰ্বে অনা হৈছিল অত্যাধুনিক ক্ষমতা সম্পন্ন আধুনিক যন্ত্ৰ । যাৰ বাবে যোৰহাটবাসীয়ে আশা কৰিছিল তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ ৷ কিন্তু দিন বাগৰাৰ লগে লগে যোৰহাটবাসীৰ এই আশা সপোনৰ মাজতেই আৱদ্ধ হৈ পৰে ৷

প্ৰথম অৱস্থাত, গড়মূৰ ডাম্পিং গ্ৰাউণ্ডত থকা জাৱৰ নিষ্কাশনৰ আধুনিক যন্ত্ৰ-পাতিৰে জাৱৰ-নিষ্কাশন কৰা হ'ল যদিও সময় বাগৰাৰ লগে লগে ইয়াৰ ব্যৱহাৰো কমি আহিবলৈ ধৰিলে ৷ এই যন্ত্ৰ-পাতিসমূহ ব্যৱহাৰ নকৰাত ধ্বংস গৰাহত পৰিছে । জাৱৰ নিষ্কাশনৰ বাবে থকা গড়মূৰ ডাম্পিং গ্ৰাউণ্ডৰ যন্ত্ৰ-পাতিসমূহ এতিয়া ফুলদানি হিচাপে পৰি ৰোৱা পৰিলক্ষিত হৈছে । বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

আনহাতে যোৰহাট গড়মূৰ ডাম্পিং গ্ৰাউণ্ডখন গড়মূৰৰ পৰা স্থানান্তৰ কৰা হ'ব বুলিও বিধানসভা নিৰ্বাচন আৰু পৌৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷ কিন্তু কাৰ্যত আজিকোপতি গড়মূৰ ডাম্পিং গ্ৰাউণ্ডখন স্থানান্তৰ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷ নিৰ্বাচনী প্ৰতিশ্ৰুতি মাথোঁ প্ৰতিশ্ৰুতি হিচাপে থাকি গ’ল । গড়মূৰ ডাম্পিং গ্ৰাউণ্ডৰ অভাৱনীয় সমস্যা পৰা যোৰহাটবাসীয়ে কেতিয়াবা মুক্তি পাবনে, সেয়া এতিয়া সকলোৰে বাবে উৎসুকতাৰ বিষয় ৷ আনহাতে ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰকৰণ আৰু জাৱৰ নিষ্কাশন যন্ত্ৰ বিকল হোৱা এই বিষয় দুটাত ৰহস্য গোন্ধ পাইছে যোৰহাট আছুৱে ।

লগতে পঢ়ক: Assam Govt Jorhat cabinet : যোৰহাট কেবিনেটত ডাম্পিং গ্ৰাউণ্ড সমস্যা সমাধানৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.