ETV Bharat / state

দেৱাশীষ হত্যাঃ পুত্ৰ হত্যাৰ ন্যায় বিছাৰি ৰাজপথত পিতৃ

author img

By

Published : Jun 13, 2020, 6:29 PM IST

দেৱাশীষ গগৈৰ পৰিয়ালৰ লোকৰ লগতে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ ,জিলা ছাত্ৰ সন্থাৰ ক্ৰিয়া সম্পাদক দিপ দত্ত,তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য্য পাঠক সাধাৰণ সম্পাদক দিগন্ত বৰা মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থা,তিতাবৰ আঞ্চলিক,বৰহোলা আঞ্চলিক,বেকাজান আঞ্চলিক,ঢেকীয়াজুলি আঞ্চলিক,নগাবাদ আঞ্চলিক,টীয়ক আঞ্চলিক,শিমলুগুৰি আঞ্চলিকৰ প্ৰায় শতাধিক কৰ্মকৰ্তা দেৱাশীষ হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীত ৰাজপথলৈ ওলাই আহে ৷

Debasis murder
মৰিয়নী

মৰিয়নী, 13 জুনঃ শনিবাৰে মৰিয়নীৰ দেবেৰাপাৰ চাৰিআলিত দেৱাশীষ হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাই । সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত তিতাবৰ মহকুমা ছাত্ৰ সন্থা উদ্যোগত নকছাৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু নকছাৰি বিভিন্ন দল সংগঠনৰ সহযোগত মানব শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

মৰিয়নী

দেৱাশীষ গগৈৰ পৰিয়ালৰ লোকৰ লগতে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ,জিলা ছাত্ৰ সন্থাৰ ক্ৰিয়া সম্পাদক দিপ দত্ত,তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য্য পাঠক সাধাৰণ সম্পাদক দিগন্ত বৰা মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থা,তিতাবৰ আঞ্চলিক,বৰহোলা আঞ্চলিক,বেকাজান আঞ্চলিক, ঢেকীয়াজুলি আঞ্চলিক,নগাবাদ আঞ্চলিক,টীয়ক আঞ্চলিক,শিমলুগুৰি আঞ্চলিকৰ প্ৰায় শতাধিক কৰ্মকৰ্তা দেৱাশীষ হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীত ৰাজপথলৈ ওলাই আহে ৷

মৰিয়নী

লগতে পঢ়কঃ গুইজান হাইস্কুলৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰা আৰু সঞ্জয় কিষাণৰ

গাভৰু চাহ বাগিছাত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুবৰণ কৰা দেৱাশীষ গগৈৰ মৃত্যুৰ 16 দিন অতিক্ৰম কৰাৰ পাছতো অতি লেহেম গতিত চলিছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া। আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত মাত্ৰ 16 জন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও এই হত্যাকাণ্ডৰ লগত জড়িত বহু দুষ্কৃতিকাৰী বৰ্তমানেও মুক্ত আকাশৰ তলত । তাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবী জনাই পৰিয়ালৰ লোকে ৷

দেৱাশীষ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত আৰু দেৱাশীষ গগৈৰ হত্যাৰ তদন্তৰ বাবে ফাষ্টট্ৰেক আদালতত বিচাৰ কৰাৰ লগতে এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ যোগেদি তদন্ত দাবী জনায় দল সংগঠনে। প্ৰায় তিনিঘন্টাৰ অন্তত যোৰহাট জিলা প্ৰশাসনৰ হৈ প্ৰতিবাদস্থলীত তিতাবৰৰ কাৰ্যবাহী দণ্ডাধীশ ৰক্তিম বুঢ়াগোহাঁই উপস্থিত হয়।আছুৱে তেওঁক স্মাৰক পত্ৰ প্ৰদান কৰি প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.