ETV Bharat / state

104 year birthday celebration: 104 বছৰীয়া হ’ল স্বাধীনতা সংগ্ৰামী খগেশ্বৰ গগৈ

author img

By

Published : Jan 10, 2023, 6:58 PM IST

104 বছৰ গৰকা এগৰাকী ককা ৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত জীৱন যৌৱন সপি দিয়া এইগৰাকী প্ৰবীন মুক্তিযোদ্ধা খগেশ্বৰ গগৈৰ 104 বছৰীয়া জন্মদিন যোৰহাটত উলহে মালহে পালন কৰা হৈছে (Khageswar Gogoi 104 year birthday celebration)৷

Freedom fighter Khageswar Gogoi 104 year birthday celebration
104 বছৰীয়া হ’ল স্বাধীনতা সংগ্ৰামী খগেশ্বৰ গগৈ

104 বছৰীয়া হ’ল স্বাধীনতা সংগ্ৰামী খগেশ্বৰ গগৈ

যোৰহাট, 10 জানুৱাৰী: "ৰাইজে মোক যথেষ্ট মৰম দিছে। ৰাইজৰ এই মৰমেই মোৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। জীৱনত বহু পালো । আজি মোৰ কেনেকুৱা অনুভৱ হৈছে মই ভাষাৰে বুজাব নোৱাৰো ৷" বিভিন্নজনৰ শুভেচ্ছা গ্ৰহণ কৰি অশ্ৰুসিক্ত নয়নেৰে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰবীন মুক্তিযোদ্ধা খগেশ্বৰ গগৈয়ে (Freedom fighter Khageswar Gogoi) ৷

আজিৰ দিনটোত 104 বছৰত ভৰি দলে প্ৰবীন মুক্তিযোদ্ধা খগেশ্বৰ গগৈয়ে ৷ মঙলবাৰে যোৰহাট মুক্তিযোদ্ধা ভৱনত যোৰহাট জিলা মুক্তিযোদ্ধা সন্মিলন তথা মুক্তিযোদ্ধা গৰাকীৰ পৰিয়াল আৰু ৰাইজৰ সহযোগত তাম্রপাত্ৰ প্ৰাপক প্ৰবীণ মুক্তিযোদ্ধা খগেশ্বৰ গগৈৰ 104 বছৰীয়া জন্মদিন আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে আয়োজন কৰা হয় (Khageswar Gogoi 104 year birthday celebration) ৷

মুক্তিযোদ্ধা গৰাকীৰ ওপজা দিনত অগণন গুণমুগ্ধই অনুষ্ঠানত উপস্থিত হৈ ওপজা দিনৰ ওলগ জ্ঞাপন কৰে (Khageswar Gogoi birthday celebration in Jorhat)। আজি প্ৰায় শতাধিক অনুষ্ঠান, প্ৰতিষ্ঠান, ব্যক্তি বিশেষে গামোচা, জাপি, ফুলৰ টোৰা তথা বিভিন্ন উপহাৰেৰে প্ৰবীণ মুক্তিযোদ্ধা গৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দীৰ্ঘায়ু কামনা কৰে । বিভিন্নজনৰ শুভেচ্ছা গ্ৰহণ কৰি যথেষ্ট আবেগিক হৈ পৰে প্ৰবীণ মুক্তিযোদ্ধাগৰাকী।

এই অনুষ্ঠানত বিশিষ্ট ক্ৰীড়া সংগঠক ডঃ তপন দত্ত, ডঃ আদিত বেজবৰুৱা, যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভব গোস্বামী উপস্থিত থাকি শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে আজি বিহু সুৰক্ষা সমিতি, সহপাঠী, যোৰহাট থিয়েটাৰ, তাই আহোম ছাত্ৰ সন্থা, অসম শৈক্ষিক কেন্দ্ৰ, কলা নিকেতন, যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলন, যোৰহাট জিলা লেখিকা সন্থা, যোৰহাট জিলা মহিলা সমিতি, চন্দন নগৰ গাঁও ৰক্ষী বাহিনীকে প্ৰমুখ্য কৰি প্ৰায় শতাধিক অনুষ্ঠান, ব্যক্তি বিশেষে উপস্থিত থাকি মুক্তিযোদ্ধা গৰাকীক ওপজা দিনৰ ওলগ জ্ঞাপন কৰে। ওপজা দিনৰ কাৰ্যসূচীত বহুজনে গীত, কবিতা, নৃত্য পৰিৱেশন কৰি অনুষ্ঠানতো জীপাল কৰি তোলে ৷

প্ৰবীণ মুক্তিযোদ্ধাগৰাকীয়ে নিজৰ জন্মদিন ৰাজহুৱাভাৱে পালন কৰিৰ আনন্দিত হৈ পৰে ৷ উল্লেখ্য যে 1920 চনৰ 10 জানুৱাৰীত জাঁজীৰ তামুলীছিগাত জন্মগ্ৰহণ কৰিছিল খগেশ্বৰ গগৈয়ে ৷ 1930 চনত স্বাধীনতা সংগ্ৰামৰ যাত্ৰা আৰম্ভ কৰিছিল গগৈয়ে (Khageswar Gogoi birth history) ৷

লগতে পঢ়ক: Black Joha Rice Exportation : ৰঙিয়াৰ পৰা হাজাৰ হাজাৰ কুইণ্টল ক’লা জহা ৰপ্তানি হ’ব বিদেশলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.