ETV Bharat / state

Flood Situation In Jorhat Deteriorates: উত্তৰ পশ্চিম যোৰহাটত ব্ৰহ্মপুত্ৰ বুকুত বিলীন নৈপৰীয়া ৰাইজ ভেঁটি-মাটি

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:03 PM IST

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ ৷ বানৰ সংহাৰত গৃহহাৰা হৈছে ৰাজ্যৰ লক্ষাধিক লোক ৷ এইবাৰ উত্তৰ পশ্চিম যোৰহাটত মহাবাহু ব্ৰহ্মপুত্ৰই ধাৰণ কৰিছে কালৰূপ ৷ মহাবাহুৰ বুকুত মাটি-ভেঁটি সকলো জাহ যোৱাৰ আশংকাত শংকিত অঞ্চলটোৰ নৈ পৰীয়া ৰাইজ ৷

Flood Situation In Jorhat Deteriorates
ব্ৰহ্মপুত্ৰ বুকুত বিলীন নৈপৰীয়া ৰাইজ ভেঁটি-মাটি

ব্ৰহ্মপুত্ৰ বুকুত বিলীন নৈপৰীয়া ৰাইজ ভেঁটি-মাটি

যোৰহাট ৩০ আগষ্ট: ৰাজ্যত অব্যাহত আছে ভদীয়া বানৰ সংহাৰ ৷ উত্তৰ-পশ্চিম যোৰহাটত মহাবাহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰিছে ৷ মহাবাহুৰ বুকুত মাটি-ভেঁটি সকলো জাহ যোৱাৰ আশংকা কৰি ভৱিষ্যত জীৱনক লৈ অজান শংকাত ভুগিছে বৃহত্তৰ অঞ্চলবাসী ৰাইজ । বিগত কেইদিনমান আগতে ৮ নং স্পাৰ শৈলবান্ধৰ এটা অংশ ব্ৰহ্মপুত্ৰ কোৱাল সোঁতে উটুৱাই নিয়াৰ পিচত পুনৰ উক্ত বান্ধ মেৰামতি কৰা হৈছিল ৷ কিন্তু এইবাৰ ৮ নং স্পাৰ শৈলবান্ধৰ পৰা কেইমিটাৰমান আঁতৰত ব্ৰহ্মপুত্ৰই জটিল ৰূপ ধাৰণ কৰিছে ৷

Flood Situation In Jorhat Deteriorates
ব্ৰহ্মপুত্ৰ বুকুত বিলীন নৈপৰীয়া ৰাইজ ভেঁটি-মাটি

ব্ৰহ্মপুত্ৰই এফালৰ পৰা খহাই নিছে বাসগৃহৰ লগতে আৰু কৃষি-ভূমি ৷ চকুৰ আগতেই ব্ৰহ্মপুত্ৰ বুকুত অতি হেঁপাহেৰে সজা ঘৰখন জাহ যোৱাত কেইবাটাও পৰিয়াল কান্দোনত ভাগি পৰিছে ৷ পিছে কোনে দিব এই দুৰ্ভগীয়া পৰিয়ালকেইটাক সান্তনা । এনেদৰে এদিন পাছত আনদিনা ব্ৰহ্মপুত্ৰত নিজৰ ভেঁটি-মাটি জাহ যোৱাৰ শংকাত অঞ্চলবাসী ৰাইজে জলসম্পদ বিভাগ আৰু যোৰহাট জিলা প্ৰশাসন ওপৰত ক্ষোভ উজাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে ।

Flood Situation In Jorhat Deteriorates
ব্ৰহ্মপুত্ৰ বুকুত বিলীন নৈপৰীয়া ৰাইজ ভেঁটি-মাটি

স্থানীয় ৰাইজৰ অভিযোগ, বিভাগীয় ঠিকাদাৰ আৰু জলসম্পদ বিভাগে পূৰ্বতেই যদি প্ৰতিৰোধ ব্যৱস্থা কৰিলেহেঁতেন এনে আজি এনে পৰিস্থিতি উদ্ভৱ নহ’লহেতেন ৷ কিন্তু স্থানীয় ৰাইজৰ সকলো দিহা-পৰামৰ্শ নসাৎ কৰি বিভাগীয় ঠিকাদাৰৰ মইমতালি বাবে আজি এনেকুৱা পৰিস্থিতি উদ্ভৱ হৈছে ৷ ইফালে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এই ক্ষেত্ৰত সফল হ'ব পৰা নাই । এই ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধি ভবেন্দ্ৰ নাথ ভৰালীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ পৰা বিৰত থকা অভিযোগ কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক: Assam flood 2023: চকুৰ পচাৰতে বানত উটি গ’ল ভকত চাপৰি সংযোগী কাঠৰ দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.