ETV Bharat / state

Corruption on Fair Price Rice : যোৰহাটৰ মৰিয়নিত বগা চাউলৰ ক'লা বেহা

author img

By

Published : Apr 7, 2023, 1:31 PM IST

Jorhat
Jorhat

মৰিয়নিৰ কাটনীবাৰী চাহ বাগিচাত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে চাউল হৰলুকিৰ গুৰুতৰ অভিযোগ (corruption against fair price shopkeeper) ৷ তিতাবৰ মহকুমা পৰিদৰ্শকৰ উপস্থিতিত সাময়িকভাৱে বন্ধ কৰে দোকান । জব্দ কৰে চাউল ৷

যোৰহাটৰ মৰিয়নিত বগা চাউলৰ ক'লা বেহা

যোৰহাট, ৭ এপ্ৰিল : যোৰহাটৰ মৰিয়নিত চলিছে বগা চাউলৰ ক'লা ব্যৱসায় (fair price rice black market in Jorhat) । ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যিসময়ত দুৰ্নীতি নিৰ্মূল কৰাৰ কথা বাৰম্বাৰ কৈ আহিছে, সেই সময়তেই মৰিয়নিৰ কাটনীবাৰীত সুলভ মূল্যৰ দোকানৰ গৰাকী দেবেন কৰ্মকাৰে হিতাধিকাৰীৰ চাউল হৰলুকি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (corruption against fair price shopkeeper) ৷ উল্লেখ্য যে খাদ্য আৰু অসামৰিক যোগান বিভাগে বিগত বছৰৰ ডিচেম্বৰ মাহলৈকে মাহত দুবাৰকৈ সুলভ মূল্যৰ চাউল প্ৰদান কৰি আহিছিল ।

কিন্তু মাহত দুৱাৰকৈ প্ৰদান কৰিবলগীয়া সুলভ মূল্যৰ চাউল হিতাধিকাৰীক এবাৰ দি প্ৰতিমাহে বুজন পৰিমাণৰ চাউল হৰলুকি কৰি আছিল দেবেন কৰ্মকাৰ নামৰ সুলভ মূল্যৰ ব্যৱসায়ীগৰাকীয়ে (fair price shopkeeper corruption at Morioni) ৷ তাতোকৈ এখোপ ওপৰলৈ গৈ দেবেন কৰ্মকাৰে বিশেষভাৱে সক্ষম লোকৰ নামত আবণ্টিত চাউলো উপভোক্তাক দিয়াৰ পৰা বিৰত থাকে । আনহাতে, চাউল আনিবলৈ গ'লে গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণৰ ভাবুকিও প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীসকলে ৷

ইফালে চৰকাৰে প্ৰদান কৰা বিনামূলীয়া চাউল ক'লা বজাৰত বিক্ৰীৰ অভিযোগ কৰ্মকাৰৰ বিৰুদ্ধে । উল্লেখ্য, দেবেন কৰ্মকাৰ হৈছে ৫৮নং বাগিচা গাঁও পঞ্চায়ত সমবায় সমিতিৰ এজেণ্ট । কাটনীবাৰী বাগিচাৰ ৭নং লাইনত কৰ্মকাৰৰ সুলভ মূল্যৰ দোকান অৱস্থিত ৷ এইগৰাকী দেবেন কৰ্মকাৰে দীৰ্ঘদিন ধৰি উপভোক্তাৰ চৰকাৰী বিনামূলীয়া চাউল ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ইফালে বৃহস্পতিবাৰে নিশাৰ ভাগত ৰাইজৰ হেঁচাত আৰু অভিযোগৰ ভিত্তিত তিতাবৰ মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক উপস্থিত হৈ কৰ্মকাৰৰ সমগ্ৰ কেলেংকাৰী পোহৰলৈ অনাৰ পাচতে তেওঁৰ দোকানখন সাময়িকভাৱে বন্ধ কৰাৰ লগতে জব্দ কৰে চাউল ৷

আনহাতে, দৰিদ্ৰ জনসাধাৰণৰ চাউল হৰলুকি কৰা দেবেন কৰ্মকাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য, দ্ৰৰিদ্ৰ জনসাধাৰণৰ চাউল হৰলুকি কৰা সুলভ মূল্যৰ দোকানৰ গৰাকী জিলাখনত অসংখ্যজন আছে বুলিও এক গুৰুতৰ অভিযোগ সময়ে সময়ে উথাপিত হৈ আহিছে । সময় থাকোঁতেই এইসকল ধুৰন্ধৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ পোষকতা কৰিছে সচেতন মহলে ।

লগতে পঢ়ক :Pathetic road condition : সমস্যাৰে ভাৰাক্ৰান্ত আমগুৰিৰ ৰ'দঘাইটিঙৰ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.