ETV Bharat / state

সুৰাসক্ত অৱস্থাত গাড়ী চলাই খালত পৰিল আৱকাৰী বিষয়া

author img

By

Published : Sep 25, 2020, 1:35 PM IST

বাহনেৰে সৈতে খাৱৈত পৰিল সুৰাসক্ত আবকাৰী বিষয়া
বাহনেৰে সৈতে খাৱৈত পৰিল সুৰাসক্ত আবকাৰী বিষয়া

সুৰাসক্ত অৱস্থাত তিতাবৰত দুৰ্ঘটনাত পতিত হ'ল স্বয়ং আবকাৰী বিষয়া ৷ সুৰাসক্ত অৱস্থাত নিশা গাড়ী চলাই চৰকাৰী বাহনৰ সৈতে পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰে বিষয়া গৰাকী ৷ তিতাবৰ-যোৰহাট সংযোগী গড়-আলি পথৰ বোকাহোলা অঞ্চলত বৃহস্পতিবাৰে নিশা এই পথ দুৰ্ঘটনা সংঘটিত হয় ৷

যোৰহাট, 25 চেপ্তেম্বৰ: তিতাবৰত চৰকাৰী বাহনেৰে সৈতে খাৱৈত পৰিল এজন সুৰাসক্ত আবকাৰী বিষয়া ৷ সুৰাৰ ৰাগিত নিশা গাড়ী চলাই গৈ থকা অৱস্থাত বিষয়া গৰাকী দুৰ্ঘটনাত পতিত হয় ৷ বৃহস্পতিবাৰে নিশা তিতাবৰ-যোৰহাট সংযোগী গড়-আলি পথৰ বোকাহোলা অঞ্চলত এই পথ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে আবকাৰী বিষয়া ৰূপান্তৰ বিকাশ বৰকাকতিৰ ।

সুৰাৰ ৰাগিত বাহনৰ সৈতে খাৱৈত পৰিল স্বয়ং আবকাৰী বিষয়া

দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS-03-T-5004 বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত উপস্থিত হৈ তিতাবৰ আৰক্ষীয়ে আবকাৰী বিষয়াজনক চিকিৎসালয়লৈ লৈ যায় ৷ কিন্তু সুৰাৰ ৰাগীত মাতাল বিষয়াজনে চিকিৎসালয়টো চিকিৎসকৰ লগত অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে । দুৰ্ঘটনাটোৰ ফলত বাহন খন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে যদিও আবকাৰী বিষয়া গৰাকীয়ে কোনো গুৰুতৰ আঘাত পোৱা নাই বুলি চিকিৎসকে সদৰী কৰিছে ৷

লগতে পঢ়ক: অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.