ETV Bharat / state

Crude oil Emissions: বাঘজানৰ দৰে ঘটনা সংঘটিত হ’ব নেকি মৰিয়নীৰ ৫ নম্বৰ তৈলক্ষেত্ৰ ?

author img

By

Published : Aug 20, 2023, 4:56 PM IST

বৃহৎ আঘটনৰ দিশে মৰিয়নীস্থিত চেলেংহাটত আমগুৰি ফিল্ডৰ অন্তৰ্গত ৫ নম্বৰ তৈলক্ষেত্ৰ ৷ তৈলক্ষেত্ৰৰ পৰা অবিৰতভাৱে নিৰ্গমন হোৱা খাৰুৱা তেলৰ বাবে অঘটনৰ শংকাত ৰাইজ ৷ এই ক্ষেত্ৰত গুৰুত্ব নাই প্ৰশাসন আৰু অইল কৰ্তৃপক্ষৰ ৷

Crude oil Emissions in Mariani
দ্বিতীয় বাঘজানৰ ঘটনাৰ দিশে নেকি মৰিয়নীৰ ৫ নম্বৰ তৈলক্ষেত্ৰ

দ্বিতীয় বাঘজানৰ ঘটনাৰ দিশে নেকি মৰিয়নীৰ ৫ নম্বৰ তৈলক্ষেত্ৰ

যোৰহাট,20 আগষ্ট: যিকোনো মুহূৰ্ততে ভয়ংকৰ ঘটনা সংঘটিত হ’ব পাৰে মৰিয়নীস্থিত চেলেংহাটত আমগুৰি ফিল্ডৰ অন্তৰ্গত ৫ নম্বৰ তৈলক্ষেত্ৰত ৷ দ্বিতীয় বাঘজানৰ অনুৰূপ ঘটনাৰ শংকাত দিন কটাইছে অঞ্চলটোৰ ৰাইজে ৷ কাৰণ তৈলক্ষেত্ৰৰ পৰা অবিৰতভাৱে নিৰ্গমন হোৱা খাৰুৱা তেলৰ বাবে বিপদৰ শংকা ঘণীভূত হৈছে অঞ্চলটোত ৷

ইফালে নিৰ্গত খাৰুৱা তেলে ছানি ধৰিছে অঞ্চলটোৰ কৃষিভূমি ৷ অইলমেক্স নামৰ তৈল কোম্পানীটোৰ মৰিয়নিৰ চেলেংহাটত আমগুৰি ফিল্ডৰ অন্তৰ্গত ৫ নম্বৰ তৈলক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা ৷ প্ৰতিদিনে নিৰ্গত হোৱা খাৰুৱা তেলৰ বাবে ইতিমধ্যে ক্ষতিগ্ৰস্থ হৈছে সাৰুৱা কৃষিভূমি । কৃষকৰ সেউজীয়া কৃষি ভুমি নষ্ট কৰাৰ পাছতো কানসাৰ নাই অইলমেক্স নামৰ কোম্পানী কৰ্তৃপক্ষৰ ।

প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড কিম্বা যোৰহাট জিলা প্ৰশাসনক স্থানীয় ৰাইজে বাৰম্বাৰ অভিযোগ দিয়া পাছতো বিষয়টোৰ সন্দৰ্ভত নিমাত ৷ যাৰ বাবে বাঘজান সদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ আশংকাত তৈলক্ষেত্ৰৰ সমীপৰ টেঙাবাৰী গাঁৱবাসী আতংকিত হৈ পৰিছে । আনহাতে খাৰুৱা তেল বিয়পি নষ্ট হোৱা কৃষি ভূমিৰ বাবদ ক্ষতিগ্ৰস্থ কৃষকসকলক তেল কোম্পানীটোৱে উপযুক্ত ক্ষতিপূৰণ প্ৰদান নকাৰ অভিযোগ উঠিছে ৷

ইপিনে কৃষি ভূমিকে ধৰি টেঙাবাৰী গাঁৱৰ বহু কেইটা পৰিয়ালৰ বাৰী পৰ্যন্ত তেল খাদটোৰ পৰা নিৰ্গমন হোৱা তেল বিয়পি পৰিছে । কিন্তু অইলমেক্স নামৰ কোম্পানীটোৱে চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি কৃষি ভূমিৰ পৰা তেল নিষ্কাষণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰা লগতে সুৰক্ষামূলক কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই । যাৰ বাবে যিকোনো মুহূৰ্ততে তেল খাদটোৰ সমীপত ভয়ংকৰকাণ্ড সংঘটিত হোৱাৰ আশংকা সৃষ্টি হৈছে ।

লগতে পঢ়ক:Illegal Timber Seized : চৰকাৰী এম্বুলেন্সত ৰোগীৰ পৰিৱৰ্তে আহিল চোৰাং কাঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.