ETV Bharat / state

Constitution Delimitation Controversy : টীয়ক সমষ্টি বিলুপ্তিকৰণক লৈ বৌদ্ধিক সমাজত প্ৰতিক্ৰিয়া

author img

By

Published : Jan 17, 2023, 12:57 PM IST

Teok
Teok

ইতিহাসৰ পাতত বিলীন হ'ব টীয়ক সমষ্টি । টীয়ক নামটো অক্ষুণ্ণ ৰখাৰ দাবীৰে আৰম্ভ হৈছে বৌদ্ধিক আন্দোলন । সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত বিলুপ্তিৰ পথত ঐতিহাসিক টীয়ক সমষ্টি (Teok constituency going to be dissolved) । টীয়কৰ এই ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সমষ্টিবাসীয়ে ।

টীয়ক সমষ্টি বিলুপ্তিকৰণক লৈ বৌদ্ধিক সমাজত প্ৰতিক্ৰিয়া

টীয়ক, ১৭ জানুৱাৰী : ইতিহাস হ'ব নেকি আহোম ৰাজত্বকালতেই নামকৰণ হোৱা ঐতিহাসিক টীয়ক সমষ্টি । একালৰ সোণামুৱা চাপৰি আৰু কালৰ সোঁতত ঘিউ-মৌ পৰ্যাপ্ত পৰিমাণে উৎপাদন হোৱাৰ সুবাদত আহোম স্বৰ্গদেৱে টীয়ক নামেৰে নামকৰণ কৰা টীয়ক সমষ্টি অতীত হ'ব নেকি (Teok constituency going to be dissolved) ?

এই প্ৰশ্ন সম্প্ৰতি বাৰুকৈয়ে চৰ্চা হৈছে সমষ্টিটোৰ বৌদ্ধিক সমাজৰ মাজত । ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা, যতীন্দ্ৰ নাথ গোস্বামীৰ দৰে বিদগ্ধ পণ্ডিত আৰু বহুকেইগৰাকী স্বাধীনতা আন্দোলনৰ অগ্ৰণী যোদ্ধা তথা প্ৰখ্যাত ৰাজনীতিকৰ স্মৃতি বিজড়িত টীয়ক সমষ্টিৰ নাম কলীয়াপানী কৰা বিষয়টো সহজভাৱে ল'ব পৰা নাই সকলোৱে (Teok constituency renamed as kaliapani) । সকলোৱে এয়া টীয়কৰ ঐতিহ্যত চৰম আঘাত বুলি অনুভৱ কৰিছে । আনহাতে, সীমা সলনি হোৱাত আপত্তি নাই বুলি একাংশই মতপোষণ কৰিলেও কিন্তু টীয়ক নামটো আঁতৰোৱাৰ সিদ্ধান্ত মানি ল'ব পৰা নাই ৰাইজে (constituency delimitation in Assam) ।

উল্লেখ্য যে টীয়ক নামটো অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ইতিমধ্যে সমষ্টিটোত আৰম্ভ হৈছে এক বৌদ্ধিক আন্দোলন । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে সংগঠনে কিছুদিন পূৰ্বে এনে কাণ্ডৰ বিৰোধিতা কৰি মানৱ শৃংখল গঢ়ি তোলাৰ লগতে সম্প্ৰতি মুখ্যমন্ত্ৰীলৈও স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে । লগতে নতুন সমষ্টি নামকৰণৰ ক্ষেত্ৰত ৰাজহুৱা স্বাৰ্থত ঊৰ্ধ্বতন কৰ্তৃপক্ষই যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে (public reacts over Teok constituency renamed) ।

উল্লেখ্য যে সম্প্ৰতি অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ, জিলা বিলুপ্তিকৰণ আৰু সীমান্তৱৰ্তী বহু গাঁৱৰ জিলা সলনি কৰাক লৈ এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে ৰাজ্যত । চাৰখিন জিলা বিলুপ্তিকৰণেৰে পুৰণি জিলাৰ চামিল কৰি বিজেপি নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ উঠিছে ।

আনহাতে, উজনি অসমৰ চাৰিটাকৈ সমষ্টি বিলুপ্তিৰ পথলৈ আগবাঢ়িছে । ঠিক তেনেদৰে বহুকেইটা সমষ্টিৰ সীমাৰ সালসলনি তথা এটা সমষ্টিৰ পৰা অঞ্চল কৰ্তন কৰি অন্য এটা সমষ্টিত সংযোগৰ দৰে প্ৰক্ৰিয়া আৰম্ভ হৈছে । ইয়াৰ উপৰি বহুকেইটা সমষ্টিৰ নাম সলনি কৰি নতুনকৈ ৰখাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে ।

ইতিমধ্যে এই কাৰ্যৰ তীব্ৰ বিৰোধ আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যজুৰি । বিৰোধী ৰাজনৈতিক দলৰ উপৰি বিভিন্ন জাতীয় সংগঠন তথা অন্যান্য দল-সংগঠনে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । কিন্তু সময়ত এই বিৰোধ-প্ৰতিবাদক চৰকাৰ তথা নিৰ্বাচন আয়োগে কেনেদৰে গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Assam observes Shilpi Divas: পকীত ৰূপকোঁৱৰক সুঁৱৰি শিল্পী দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.