ETV Bharat / state

Congress Protest in Jorhat: বিজেপিৰ বাবে অসমবাসী পুনৰ ঘূৰি যাব লাগিব লেম চাকিৰ যুগলৈ: ৰাণা গোস্বামী

author img

By

Published : Jun 16, 2023, 3:32 PM IST

Congress Protest in Jorhat
কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

যোৰহাট বিদ্যুৎ ভৱনত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ ৷ প্ৰতিবাদত অংশগ্ৰহণ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷

যোৰহাট বিদ্যুৎ ভৱনত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

যোৰহাট, 16 জুন: লেম চাকি লৈ যোৰহাট বিদ্যুৎ ভৱনত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ ৷ বিজেপিৰ শাসনৰ বাবে অসমবাসী পুনৰ ঘূৰি যাব লাগিব লেম-চাকিৰ যুগলৈ; প্ৰতিবাদত অংশগ্ৰহণ কৰি এই মন্তব্য কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷

ৰাজ্যত অত্যাধিক হাৰত বৃদ্ধি পোৱা বিদ্যুৎ মাচুলৰ বাবে ত্ৰাহি মধুসূদন সুঁৱৰিব লগা হৈছে ৰাজ্যবাসীয়ে ৷ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে যোৰহাট জিলা কংগ্ৰেছ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত কংগ্ৰেছে বিশাল পদযাত্ৰা কৰি যোৰহাট বিদ্যুৎ ভৱনৰ সমূখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কংগ্ৰেছে বিদ্যুৎ ভৱনত লেম , চাকি লৈ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰোধী ধ্বনি প্ৰদান কৰে ৷

আজিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয় যে প্ৰি-পেইড মিটাৰৰ যোগেদি বিজেপি চৰকাৰে অত্যাধিক হাৰত বিল প্ৰদান কৰি জনসাধাৰণক মাধমাৰ শোধাইছে আৰু জনসাধাৰণক বিজেপি চৰকাৰে লেম-চাকিৰ যুগলৈ উভতি যোৱাৰ ক্ষেত্ৰত সুবিধা কৰি দিছে ৷ নিৰ্বাচনৰ পূৰ্বে 24 ঘন্টাই বিজেপি চৰকাৰে বিদ্যুৎ যোগান ব্যৱস্থা অব্যাহত থাকিব বুলি কৈছিল যদিও আজিৰ তাৰিখত বিদ্যুৎৰ লুকাভাকু সহজ হৈ পৰিছে ৷

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ৰাইজক 100 ইউনিট বিজুলী বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছিল ৷ কিন্ত বৰ্তমান বিনামূলীয়াকৈ দিয়াতো বাদেই, প্ৰতিবছৰে চাৰি-পাঁচবাৰকৈ ইউনিটে প্ৰতি মাচুল বৃদ্ধি কৰি ৰাইজক টেটুঁ চেপা দিছে ৷

তেওঁ লগতে কয় যে, যদি কৰ্ণাটক আৰু ৰাজস্থানত কংগ্ৰেছ চৰকাৰে ৰাইজক 100 ৰ পৰা 200 ইউনিটকৈ বিজুলী ৰেহাই মূল্যত দিব পাৰে তেন্তে কিয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে ৷ লগতে কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে পূৰ্বতে কেৰাচিন প্ৰতি লিটাৰত পোন্ধৰৰ পৰা ১৬ টকা পৰ্যন্ত আছিল ৷ কিন্ত বৰ্তমান বিজেপি চৰকাৰৰ শাসন কালত সেই তেল প্ৰতি লিটাৰত 120 টকা পৰ্যন্ত হৈছেগৈ ৷ আনহাতে আজি প্ৰতিবাদ স্থলীতে কংগ্ৰেছে অত্যাধিক বিদ্যুৎ মাচুলৰ পৰা পৰিত্ৰাণ দিবলৈ ৰাইজৰ মাজত লেম আৰু চাকি বিতৰণ কৰে ৷

লগতে পঢ়ক: Food poisoning at Jonai : জোনাইত ব্ৰয়লাৰ মাংস খাই অসুস্থ হৈ পৰিছে শিশুসহ ৮ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.