ETV Bharat / state

Srimanta Sankaradeva Sangha: শংকৰ সংঘৰ যোৰহাট জিলা শাখাৰ বাৰ্ষিক অধিবেশনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী

author img

By

Published : Feb 1, 2023, 12:57 PM IST

৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিবেশন ৷ অধিবেশনখনৰ মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) ৷

68th Annual Conference of Srimanta Sankardeva Sangha, Jorhat
যোৰহাট জিলা শংকৰ সংঘ বাৰ্ষিক অধিবেশনৰ বাবে সংবাদমেল

যোৰহাট জিলা শংকৰ সংঘ বাৰ্ষিক অধিবেশনৰ বাবে সংবাদমেল

যোৰহাট, 1 ফেব্ৰুৱাৰী: তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিবেশন (68th Annual Conference of Jorhat) ৷ মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) ৷

আগন্তুক ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে এলেংমৰা খুটিয়া পোটা চাৰি আলিৰ ঐতিহাসিক দেউৰী পথাৰত শুদা কৃষ্ণ যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰত বিশাল আয়োজনৰে অনুষ্ঠিত হ’ব অধিবেশনখন (Srimanta Sankaradeva Sangha) ৷ এই কথা সংবাদমেল যোগে সদৰী কৰিছে জিলা সমিতিয়ে ৷

৩০ জানুৱাৰীত অনুষ্ঠিত সংবাদমেলত সভাপতি অনুপ বৰা আৰু কাৰ্যকৰী সভাপতি সৌন্দৰ্য্য প্ৰকাশ হাজৰিকা আৰু সম্পাদক অনিমেষ নেওগে জনোৱা মতে ২৫ লাখ টকা ব্যয় সাপেক্ষে আয়োজন কৰা হৈছে এই অধিবেশনখন ৷ ৩ ফেব্ৰুৱাৰী পুৱা ৬.৩০ বজাত গছ পুলি ৰোপণ, ৭ বজাত মূল তোৰণ উন্মোচন কৰিব জিতেন্দ্ৰনাথ দত্তই ৷ ইয়াৰ পিছত ক্ৰমে মূল মঞ্চ, চিকিৎসা শিবিৰ আদিৰ দ্বাৰ উন্মোচন কৰা হ’ব ।

পুৱা ১১ বজাত তনিমা গগৈৰ সঞ্চালনাত শিশু আই-মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদৰ সভাত নিদিষ্ট বক্তা ৰূপে উপস্থিত থাকিব ৰুণিমা দত্ত গোহাঁই, বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব মমতা বৰকাকতি, নীলিমা শইকীয়াকে ধৰি তিতাবৰ জিলা শাখাৰ শিশু আই-মাতৃ কল্যাণ সমিতিৰ বিষয়ববীয়াসকল ।

দুপৰীয়া ১২ বজাত প্ৰচাৰ শাখাৰ সভা, বিয়লি ২ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ যোৰহাট জিলা শাখাৰ সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ সভাখন অনুষ্ঠিত হ’ব । বিয়লি ৪ বজাত আঞ্চলিক শাখাৰ সভাপতি, সম্পাদক সন্মিলন আৰু সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান আৰু তিনিখন অংকীয়া ভাওনাৰ প্ৰদৰ্শন অনুষ্ঠিত হ’ব । সন্ধিয়া ৭ বজাত উচ্চ সদন প্ৰতিনিধি সভাখন অনুষ্ঠিত হ’ব ।

৪ ফেব্ৰুৱাৰী পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘ, যোৰহাট জিলা শাখাৰ নৱ নিৰ্বাচিত সভাপতি খগেন ফুকনে । ৯.৩০ বজাত ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব । ১০.৩০ সাহিত্য শাখাৰ অধিবেশন আৰু বিয়লি ১.৩০ সংস্কৃতি শাখাৰ অধিবেশন অনুষ্ঠিত হ’ব । ইফালে সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান আৰু তিনিখন অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ’ব ।

আনহাতে ৫ ফেব্ৰুৱাৰী পুৱা ৮ বজাত নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হ’ব । পুৱা ১১ বজাত খগেন ফুকনৰ সভাপতিত্ব অনুষ্ঠিত হ’ব মুকলি সভা ৷ মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘ নৱ নিৰ্বাচিত পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা, নিদিষ্ট বক্তা বাবুল বৰা প্ৰধান সম্পাদক শ্ৰীমন্ত শংকৰদেৱ সংঘ ।

বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে পীযুষ হাজৰিকা, অশোক সিংঘাল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ মৃদুল হাজৰিকা, সাংসদ গৌৰৱ গগৈৰ লগতে বহু কেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব । এই মুকলি সভাতেই উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাই শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰধান সম্পাদক বাবুল বৰাক " বাগীশ ৰত্ন " উপাধি প্ৰদান কৰিব । সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান আৰু তিনিখন অংকীয়া ভাওনা প্ৰদৰ্শনৰে সামৰণি পৰিব অধিবেশন ৷

লগতে পঢ়ক: G20 Summit in Guwahati : G20ৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনাচক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.