ETV Bharat / state

Cheques Distribution in Jorhat: যোৰহাটত ৩৩০২গৰাকী মহিলা মাজত চেক বিতৰণ মন্ত্ৰী অজন্তা নেওগৰ

author img

By

Published : Oct 30, 2022, 10:04 PM IST

‘‘অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২২’’ অধীনত দেওবাৰে যোৰহাট জিলা হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় । যোৰহাটৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্য বিত্ত মন্ত্ৰী অজন্তা নেওগে অংশগ্ৰহণ কৰি হিতাধিকাৰী মাজত চেক বিতৰণ কৰে (Cheques Distribution in Jorhat) ৷

cheques-distribution-under-amfirs-2022-in-jorhat
যোৰহাটত ৩৩০২গৰাকী মহিলা মাজত চেক বিতৰণ মন্ত্ৰী অজন্তা নেওগৰ

যোৰহাট, ৩০ অক্টোবৰ: মাইক্ৰফাইনেন্সৰ ঋণ লৈ পৰিশোধ কৰিব নোৱাৰা মহিলা সকলক সহায় কৰা হ’ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল । শাসনলৈ অহাৰ পাছতেই মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত তৎপৰ হোৱা পৰিলক্ষিত হৈছে । প্ৰথম পৰ্যায়ত ৰাজ্যৰ প্ৰায় সমূহ জিলাতেই মহিলাসকলক ‘‘অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২২’’ৰ (Microfinance loan waiver scheme) আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰা পাছতেই দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

‘‘অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২২’’ অধীনত দেওবাৰে যোৰহাটৰ জিলা হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় । যোৰহাট পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত যোৰহাট অভিভাৱক মন্ত্ৰী তথা ৰাজ্য বিত্ত মন্ত্ৰী অজন্তা নেওগে অংশগ্ৰহণ কৰি হিতাধিকাৰী মাজত চেক বিতৰণ কৰে (Cheques Distribution in Jorhat) ৷

এই অনুষ্ঠানৰ জৰিয়তে জিলাখনৰ ৩৩০২ জন হিতাধিকাৰীক ‘‘অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২২’’ (Assam Micro Finance Incentive and Relief Scheme) ৰ অধীনত চেক প্ৰদান কৰা হয় ৷ প্ৰত্যকগৰাকীক হিতাধিকাৰীক প্ৰায় বিশ হাজাৰ টকাকৈ চেক প্ৰদান কৰা হয় ৷ চেক প্ৰদান কৰি মন্ত্ৰী অজন্তা নেওগে কয় যে উক্ত আঁচনি জৰিয়তে হিতাধিকাৰীসকলে নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে (Cheques Distribution under AMFIRS 2022 in Jorhat) ৷

যোৰহাটত ৩৩০২গৰাকী মহিলা মাজত চেক বিতৰণ মন্ত্ৰী অজন্তা নেওগৰ

ফলত ৰাজ্যৰ ৰাজভঁৰাল টনকিয়াল হৈ আছে ৷ যাৰ ফলত চৰকাৰে বিত্তীয় সাহাৰ্য লাভ প্ৰদান কৰিবলৈ সামৰ্থ হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী অজন্তা নেওগে ৷ ‘‘অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২২’’ ৰ অধীনত চেক প্ৰদান অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মৰিয়নি সমষ্টি বিধায়ক ৰূপজ্যোতি কুৰ্মী, দেৰগাঁও সমষ্টি বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, যোৰহাট সমষ্টি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে অংশগ্ৰহণ কৰে ।

ইফালে, বিগত 28 অক্টোবৰত কেবিনেট মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত চৰাইদেউ জিলাৰ 779 গৰাকী মহিলাক সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত মহিলাসকলক আনুষ্ঠানিকভাৱে দ্বিতীয় কিস্তিৰ চেক প্ৰদান কৰা হয় (Cheques Distribution at Sonari) ।

লগতে পঢ়ক: Cheques Distribution at Sonari: চৰাইদেউত 779 গৰাকী মহিলাক চেক প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.