ETV Bharat / state

Rahul Gandhi Controversy: মন কী বাত অনুষ্ঠানত ৰাহুল গান্ধীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Mar 26, 2023, 10:02 PM IST

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পিচতে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ৰাহুল গান্ধীৰ ঘটনাক আদালতৰ ৰায়দান বুলি মানি চলিবলৈ পৰামৰ্শ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৷ কংগ্ৰেছে যিমান যি কৰিলেও উপায় নাই বুলি মন্তব্য প্ৰকাশ মন্ত্ৰী সোণোৱালৰ (Sarbananda Sonowal reacts on Rahul Gandhi) ৷

cabinet-minister-sarbananda-sonowal-reacts-on-rahul-gandhi-controversy
ৰাহুল গান্ধীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সৰ্বানন্দ সোণোৱালৰ

ৰাহুল গান্ধীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সৰ্বানন্দ সোণোৱালৰ

টীয়ক, 26 মাৰ্চ: সমগ্ৰ দেশজুৰি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Rahul Gandhi Controversy) ৷ দেওবাৰে টীয়কৰ পৰ্বতীয়া গাঁৱৰ নৱনিৰ্মিত নামঘৰ উদ্বোধন ও গুৰু আসন প্ৰতিষ্ঠা অনুষ্ঠানৰ লগতে ৫৬নং বুথৰ মন কী বাত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় (Sarbananda Sonowal reacts on Rahul Gandhi Controversy)৷ ৰাহুল গান্ধীৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "এয়া আদালতৰ বিচাৰ, আদালতৰ ৰায় মানি চলিবই লাগিব ৷ আদালতৰ ৰায়টোৰ ওপৰত ভিত্তি কৰিয়েই লোকসভাই ৰাহুল গান্ধীৰ ওপৰত ব্যৱস্থা লৈছে ৷ ইয়াত কংগ্ৰেছে যি ক’লেও উপায় নাই ৷ গতিকে ইয়াত বেলেগ কথা আহিবই নোৱাৰে ৷"

এই অনুষ্ঠানৰ উপলক্ষে পুৱা ঊষা কীৰ্ত্তন, পৰিৱেশ নিকাকৰণ, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণৰ পিচতে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভৱকান্ত গোস্বামীয়ে গুৰু আসন প্ৰতিষ্ঠা কৰে আৰু তাৰ পিচতে শৰাই প্ৰতিষ্ঠা ও নাম প্ৰসংগ অনুষ্ঠিত হয় (Sarbananda Sonowal visit Teok)। গুৰু আসন প্ৰতিষ্ঠাৰ এই আধ্যাত্মিক অনুষ্ঠানত মন্ত্ৰীগৰাকী উপস্থিত হৈ নেদেখাজনৰ চৰণত সেৱা লৈ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, মহাপুৰুষ দুজনাই অসমীয়া সমাজখন একত্ৰিত কৰি ৰখাৰ উদ্দেশ্যে নামঘৰকে ধৰি গীত মাত বাদ্যৰ সৃষ্টি কৰিলে তাৰ আৰ্হিৰে আজিও অসমীয়া সমাজে এইদৰে সুন্দৰভাৱে নামঘৰ প্ৰতিষ্ঠা কৰাতো অতি আদৰণীয় পদক্ষেপ ৷

এই অনুষ্ঠানৰ পিচতে ইয়াৰ পূৰ্বে টীয়কৰ পৰ্বতীয়াৰ গাঁৱৰ ৫৬নং বুথৰ মন কী বাত অনুষ্ঠানত মন্ত্ৰীগৰাকী উপস্থিত হয় ৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই পদক্ষেপক আদৰণি জনায় মন্ত্ৰী সোণোৱালে ।

বুথ সভাপতি বীৰেন বৰুৱাৰ সভাপতিত্বত তথা যোৰহাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক অমৰ শইকীয়াই আঁতধৰা এই মন কী বাত অনুষ্ঠিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, জিলাৰ উপসভাপতি ৰফিক উজ জামান, কলীয়াপানী মণ্ডল বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাতুল বৰা, ৰাষ্ট্ৰীয় কৃষাণ মৰ্চাৰ সদস্য দেৱজিত বৰুৱাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে প্ৰতি মাহৰ শেষৰটো দেওবাৰে প্ৰধানমন্ত্ৰীৰ মন কী বাত (Mann ki baat)অনুষ্ঠানটি প্ৰতিটো বুথতে অনুষ্ঠিত কৰা হয় আৰু এইবাৰ ৯৯ সংখ্যক মন কী বাত অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ বিশেষভাৱে উপস্থিত থাকি অনুষ্ঠানটি উপভোগ কৰে মন্ত্ৰী সোণোৱালে। অনুষ্ঠানৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উক্ত সভাস্থলীত উপস্থিত হৈ ভাৰত মাতাৰ চৰণত পুষ্পাঞ্জলি আগবঢ়াই সেৱা লয়। এই অনুষ্ঠানৰ পিচতে সকলোকে দেশৰ উন্নতিৰ হকে একত্ৰিত হৈ কাম কৰি যাবলৈ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Municipal tax hike: পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে পৌৰসভাক স্মাৰক পত্ৰ প্ৰদান কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.