ETV Bharat / state

30 অক্টোবৰত Paid Holiday ঘোষণা অসম চৰকাৰৰ

author img

By

Published : Oct 27, 2021, 8:51 AM IST

by election: Assam Govt Announces Paid Holiday On October 30
30 অক্টোবৰত Paid Holiday ঘোষণা অসম চৰকাৰৰ

উপ নিৰ্বাচনৰ বাবে অহা 30 অক্টোবৰত ৰাজ্যৰ পাঁচোটা সমষ্টিতে Paid Holiday ঘোষণা কৰিছে অসম চৰকাৰে ৷ তামুলপুৰ, মৰিয়নী, থাওৰা, গোসাইগাঁও, ভৱানীপুৰ সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন ৷

নিউজ ডেস্ক, 27 অক্টোবৰ : অহা 30 অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন ৷ উপ নিৰ্বাচনৰ বাবেই অসম চৰকাৰে 30 অক্টোবৰৰ দিনা পাঁচোটা সমষ্টিতে Paid Holiday ঘোষণা কৰিছে ৷

অৰ্থাৎ সেইদিনা তামুলপুৰ, মৰিয়নী, থাওৰা, গোসাইগাঁও, ভৱানীপুৰ সমষ্টিৰ সকলো দোকান-পোহাৰ, ৰাজহুৱা মনোৰঞ্জন খণ্ডৰ লগতে সকলো ঔদ্যোগিক প্ৰতিষ্ঠান বন্ধ থাকিব ৷ অহা উপ নিৰ্বাচনত পাঁচোটা সমষ্টিৰ মুঠ 7,96,456 গৰাকী ভোটাৰে ভোটদান কৰিব ৷

আনহাতে, মাজুলী সমষ্টিৰ বাবে উপ নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই ৷ নিৰ্বাচনী আয়োগে উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিছিল ৷ যাৰবাবে অসম গণ পৰিষদৰ বাবে খালী হৈ থকা মাজুলীৰ আসনৰ বাবে নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা হোৱা নাই ৷

বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে 126 খন আসনৰ 75 খন আসন লাভ কৰিছিল ৷ যদি উপ নিৰ্বাচনৰ পিছত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয় তেন্তে বিজেপি মিত্ৰজোঁটৰ আন দুটা দল ইউ পি পি এল আৰু অসম গণ পৰিষদৰ সৈতে নিশ্চিন্তে মিত্ৰতা ভংগ কৰিব পাৰিব ৷

লগতে পঢ়ক : ৰাজকন্যা-শ্বেৰমানৰ জামিন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.