ETV Bharat / state

Bhogali Bihu 2023 : ভোগালীক আদৰিবলৈ সাজু যোৰহাটবাসী

author img

By

Published : Jan 12, 2023, 4:45 PM IST

ভোগালী বিহু চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন আকাৰৰ ভেলাঘৰ, মেজি আদি নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৰাইজ(Bhogali Bihu preparation in Assam)। যোৰহাটত ভেলাঘৰ নিৰ্মাণৰ নামত অঘোষিত প্ৰতিযোগিতা চলিছে । নিশা ভেলাঘৰৰ ওচৰতে ডেকা-বুঢ়া সকলোৱে বিহু নাচিছে ।

Bhogali Bihu 2023
ভোগালীক আদৰিবলৈ সাজু যোৰহাটবাসী

ভোগালীক আদৰিবলৈ সাজু যোৰহাটবাসী

যোৰহাট,১২ জানুৱাৰী : অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহুলৈ মাজত মাত্ৰ দুটা দিন বাকী আছে (Bhogali Bihu 2023)। মাঘ বিহু বা ভোগালী বিহুক লৈ ৰাজ্যজুৰি ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে । যোৰহাট জিলাৰো বিভিন্ন প্ৰান্তত দেখা গৈছে ভোগালীক লৈ বিশেষ ব্যস্ততা ।

ভোগালী বিহুৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰস্তুত কৰা হৈছে ভেলাঘৰ, মেজি আদি । সমান্তৰালকৈ ঘৰে ঘৰে পিঠা, লাডু আদি প্ৰস্তুত কৰা ব্যস্ত হৈ পৰিছে মহিলাসকল (Magh Bihu preparation)। ভোগালী বিহুৰ বিভিন্ন সামগ্ৰীৰে বজাৰ উভৈনদী হোৱাও দেখা গৈছে । ঠায়ে ঠায়ে ভোগালী মেলাৰো আয়োজন কৰা হৈছে । একপ্ৰকাৰ ভোগালী বিহুক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ।

যোৰহাট জিলাও ব্যতিক্ৰম নহয় । ভোগালীক আদৰাৰ বাবে যোৰহাটৰ গ্ৰামাঞ্চলত ঢেঁকীৰ গুমগুমনি শব্দ শুনিবলৈ পোৱা গৈছে । গাঁৱৰ জীয়াৰী-বোৱাৰী সকলো ব্যস্ত হৈ পৰিছে । যোৰহাট জিলাৰ গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত আকৌ ভেলাঘৰ নিৰ্মাণৰ অ-ঘোষিত প্ৰতিযোগিতা চলিছে (Attractive Bhela Ghar in Jorhat)। বিভিন্ন আৰ্হিত গ্ৰামাঞ্চলৰ ডেকাসকলে নিৰ্মাণ কৰিছে ভেলাঘৰ । নিশাৰ ভাগতো ভেলাঘৰ নিৰ্মাণত ব্যস্ত থকা দেখা গৈছে ডেকাসকলক ।

ইফালে ডেকাহঁতক সংগ দিছে গাঁৱৰ কণ কণ শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে । ঢোল-পেঁপা লৈ ভেলাঘৰৰ ওচৰতে বিহু নাম জুৰিছে ৭০-৮০ বছৰীয়া বৃদ্ধই (Bhogali Bihu preparation in Jorhat)। সকলোৱে বিহু নামৰ তালে তালে এপাক নাচিছে । আনহাতে গ্ৰামাঞ্চলৰ সমান্তৰালকৈ নগৰাঞ্চলৰ লোকসকলেও ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে ।

নগৰাঞ্চলত থকা লোকসকলে সহজতে ভোগালীক আদৰিবলৈ প্ৰয়োজনী পিঠা, লাডু আদি ভোগালী মেলাৰ পৰা ক্ৰয় কৰি আনিছে (Bhogali Bihu items available in Jorhat market)। যোৰহাট নগৰৰ বিভিন্ন বজাৰ চিৰা, মুড়ি, পিঠা, লাডু, দৈ, ক্ৰীম আদি সামগ্ৰীৰে উভৈনদী হৈ পৰিছে ।

উল্লেখ্য যে বিহুলৈ মাজত দুটা দিন বাকী থকা সময়তে যোৰহাটৰ লগতে সমগ্ৰ অসমতে বিহুৰ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে । পিঠা, লাডুৰ উপৰিও বজাৰত আন আন সামগ্ৰীও উভৈনদী হৈ পৰিছে । গ্ৰামাঞ্চলৰ একাংশ ব্যৱসায়ীয়ে বিভিন্ন সামগ্ৰী লৈ নগৰ অঞ্চললৈ ঢাপলি মেলিছে (Bhogali market in Assam)। আনহাতে নগৰাঞ্চলত থকা বহু লোকে বিহুত পৰিয়ালৰ সৈতে লগে ভাগে এসাঁজ ইতিমধ্যে গাঁৱৰ ঘৰখনলৈ যাবলৈ সাজু হৈছে ।

লগতে পঢ়ক :CM receives 10 kg of Fish as Uruka Gift: ভোগালীৰ উপলক্ষে মুখ্যমন্ত্ৰীলৈ ১০ কিঃগ্ৰাঃ ওজনৰ আঁৰি মাছ উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.