ETV Bharat / state

দলীয় নেতৃত্বৰ দুৰ্বলতা তথা ভুলৰ বাবেই গণ বিচ্ছিন্ন হৈছিল অগপ; কেশৱ মহন্ত

author img

By

Published : Jun 11, 2023, 10:49 PM IST

AGP Karmakarta Sanmilan
অগপৰ কৰ্মকৰ্তা সন্মিলন

যোৰহাটত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন ৷ যোৰহাটৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত আয়োজন কৰা এই বিশাল কৰ্মকৰ্তা সন্মিলনত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো নেতা (AGP Karmakarta Sanmilan held in Jorhat) ৷

যোৰহাটত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

যোৰহাট, 11 জুন: আগন্তক লোকসভা নিৰ্বাচনৰ বাবে ককাঁলত টঙালি বান্ধিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে ৷ দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰি নিৰ্বাচনত এঘড়ী যুঁজিবলৈ সাজু হৈছে অসম গণ পৰিষদ দলো ৷ যাৰ বাবে অগপই অনুষ্ঠিত কৰিছে কৰ্মকৰ্তা সন্মিলন ৷

নগাঁও আৰু ধেমাজিৰ পাছত দেওবাৰে যোৰহাট অগপই অনুষ্ঠিত কৰে বিশাল কৰ্মকৰ্তা সন্মিলন ৷ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10 টা বিধানসভা সমষ্টিক সামৰি অনুষ্ঠিত হয় এই সন্মিলন ৷ যোৰহাটৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত আয়োজন কৰা এই বিশাল কৰ্মকৰ্তা সন্মিলনত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো নেতা ৷

আজি অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে, বৰ্তমান অসম গণ পৰিষদ দলে মিত্ৰতাৰে আগবাঢ়িছে ৷ কিন্তু উজনি অসমত কংগ্ৰেছ দলক উৎখাত কৰি অঞ্চলিকতাবাদৰ ধ্বজ্জা উৰুৱাবলৈ সক্ষম হোৱা একমাত্ৰ দল হৈছে অসম গণ পৰিষদ দল ৷

এটা সময়ত দল গঠন কৰিয়েই চৰকাৰ চলোৱা অসম গণ পৰিষদ দল পৰৱৰ্তী সময়ত বহু কাৰণ তথা নেতৃত্বৰ দুৰ্বলতা তথা ভুলৰ বাবে গণ বিচ্ছিন্ন হৈছিল বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷ কিন্তু আজি দল পুনৰ শক্তিশালী হৈ উঠিছে দলৰ তৃণমূলৰ কৰ্মী সকলৰ অশেষ কষ্ট আৰু ত্যাগৰ বাবে বুলিও কয় তেওঁ ৷

আনহাতে অসম গণ পৰিষদ দলে প্ৰথম চৰকাৰ গঠন কৰোঁতে যিসকল মন্ত্ৰী-বিধায়ক আছিল সেইসকল ব্যক্তিয়ে দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত উপদেশ দিছে, যাৰ বাবে দল অধিক শক্তিশালী হৈ উঠিছে বুলি কয় মন্ত্ৰী কেশৱ মহন্তই ৷ আজিৰ মুকলি সভাত বিধায়ক ফণী ভূষণ চৌধুৰী, বিধায়ক ভৱেন ভৰালী, জিলা সমিতিৰ সম্পাদক সৌৰভ প্ৰাণ বৰাকে ধৰি অগপৰ বহুতো বিষয়ববীয়া উপস্থিত থাকে (Minister Keshab Mahanta in Jorhat) ৷

ইফালে মুকলি সভাৰ পূৰ্বে পুৱা কৰ্মকৰ্তা সন্মিলনৰ পতাকা উত্তোলন কৰে দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালীয়ে ৷ ইয়াৰ পাছত যোৰহাটৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহৰ চৌহদৰ পৰা বাহিৰ কৰা হয় এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷ এই শোভাযাত্ৰাত প্ৰায় দুই সহস্ৰাধিক সদস্যই প্ৰতিকূল বতৰকো নেওচি অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Amit Shah to visit Assam: 27 জুনত অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী; হোজাইত সভাস্থলী পৰিদৰ্শন পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.