ETV Bharat / state

যোৰহাটত শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ অসম গণ পৰিষদৰ কৰ্মকৰ্তাৰ

author img

By

Published : Oct 1, 2021, 6:10 PM IST

কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পিছতে ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ । শ্বেৰমান আলীৰ এই মন্তব্যৰ বিৰোধিতাৰে শুকুৰবাৰে যোৰহাটত অসম গণ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

AGP burns Sherman Ali effigy at Jorhat
যোৰহাটত শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ অসম গণ পৰিষদৰ কৰ্মকৰ্তাৰ

যোৰহাট, ১ অক্টোবৰ : কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদৰ মন্তব্যই জ্বলাইছে ৰাজ্য । অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাৰ লগতে আন আন শ্বহীদৰ বিষয়ে অপমানসূচক মন্তব্য কৰাৰ পাছতে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল-সংগঠনে । যোৰহাটতো বিধায়কগৰাকীক সমালোচনাৰে থকা-সৰকা কৰিছে আন ৰাজনৈতিক দলে । শুকুৰবাৰে যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম গণ পৰিষদৰ অৰ্ধ শতাধিক কৰ্মকতাই শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ কৰে ।

AGP burns Sherman Ali effigy at Jorhat
যোৰহাটত শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ অসম গণ পৰিষদৰ কৰ্মকৰ্তাৰ

লগতে অতি শীঘ্ৰে কংগ্ৰেছৰ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰাৰো দাবী তোলে অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলে । অগপৰ নেতা-কৰ্মীসকলে কয় যে, শ্বহীদক অপমান কৰা সহ্য কৰা নহ'ব । ৮৫৫ জন শ্বহীদৰ ত্যগক অপমান কৰি মন্তব্য নকৰিবলৈও দলীয় কৰ্মীসকলে সকীয়াই দিয়ে । প্ৰতিবাদকাৰীসকলে কংগ্ৰেছৰ বিধায়কগৰাকীক এতিয়ালৈকে কিয় বহিষ্কাৰ কৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰিছে ।

তেওঁলোকে কয় যে, শ্বহীদক হত্যাকাৰী আখ্যা দিয়া বিধায়কগৰাকী কেৱল কংগ্ৰেছৰ বাবেই নহয়, সমগ্ৰ অসমৰ বাবে এজন ভয়ংকৰ ব্যক্তি । আনহাতে, জাতীয় শ্বহীদক অপমান কৰি এতিয়া গৰিহনাৰ পাত্ৰ হৈ পৰিছে শ্বেৰমান আলী আহমেদ ।

লগতে পঢ়ক:নতুন SOP আহিল : ছবি গৃহ মুকলি কৰাৰ অনুমতি ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.