ETV Bharat / state

Beggar Dead at Lumding : শীতৰ কোলাত চিৰদিনৰ বাবে শুই পৰিল দুই মগনীয়া

author img

By

Published : Jan 5, 2023, 5:33 PM IST

Beggar Dead at Lumding
মৃত্যুক আকোঁৱালিলে দুগৰাকী মগনীয়াই

হাড় কঁপোৱা শীতে চিৰদিনৰ বাবে স্তব্ধ কৰিলে দুটি শৰীৰ ৷ লামডিং ৰে’লৱে জংচনত শীতৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি মৃত্যুক আকোঁৱালিলে দুগৰাকী মগনীয়াই ৷ এই দৃশ্যই কঁপাই তুলিছে হৃদয়বানৰ বুকু (Beggar Dead at Lumding)৷

লামডিং, 5 জানুৱাৰী : লামডিঙত সংঘটিত হৈছে এক বুকু কঁপি যোৱা ঘটনা ৷ হাৰ কঁপোৱা শীতে প্ৰাণ কাঢ়ি নিলে দুই মগনীয়াৰ (Beggar Dead at Lumding)৷ লামডিং ৰে’লৱে ষ্টেচনত সংঘটিত হয় এই শোকাৱহ ঘটনা ৷

এগৰাকী 45 বছৰীয়া মহিলা আৰু এজন 50 উৰ্ধৰ লোকক মৃত অৱস্থাত পোৱা গ’ল লামডিং জংচনৰ 1 নং প্লেটফৰ্মত ৷ বুধবাৰে ৰে’ল আৰক্ষীয়ে দুয়োকে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ৷ মৃতদেহ দুটা প্ৰায় উলংগ অৱস্থাত দেখা পায় ৰে’ল আৰক্ষীয়ে ৷ প্ৰচণ্ড শীত সহ্য কৰিব নোৱাৰি লামডিং ষ্টেচনত দুই মগনিয়াই প্ৰাণ হেৰুওৱা বুলি জানিবলৈ দিছে ৰে’ল আৰক্ষীয়ে (Died due to cold wave at Lumding)।

উল্লেখ্য যে, বিগত কিছুদিনত তাপমাত্ৰা সৰ্বনিম্ন 10 ডিগ্ৰীলৈকে নামিছে গুৱাহাটী মহানগৰীত (Weather in Guwahati) ৷ ফলত সাধাৰণ লোকৰ বাবে এই শীতে সহ্যৰ সীমা অতিক্ৰম কৰিছে ৷ বিশেষকৈ পদপথত বাস কৰা মগনীয়াসকলৰ লগতে খালী বটল, ভগা লোহা-টিন সংগ্ৰহ কৰি ভাতমুঠি মুকলি কৰি থকা লোকসকলৰ বাবে যমৰ যাতনাৰ ৰূপ লৈছে শীতে ৷

গৰম কাপোৰ আৰু একোখন চালিৰ অবিহনেই মুকলি আকাশৰ তলত নিশা কটাবলগীয়া হৈছে বহু দুৰ্ভগীয়া লোকে ৷ তাৰেই পৰিণতিত বুধবাৰে নিশা লামডিং ৰে'লৱে জংচনত (Beggar died at Lumding Junction) সংঘটিত হ’ল বুকু কঁপি যোৱা ঘটনা ৷ একোখন গৰম কাপোৰ অবিহনেই শীতৰ লগত সহবাস কৰি চিৰদিনলৈ চকু মুদিলে এহাল মগনীয়াই ৷ এই দৃশ্যই জোঁকাৰি গৈছে প্ৰতিজন হৃদয়বান লোকক ৷

লগতে পঢ়ক: Patients deprived of medical care: নলবাৰীত যাতায়তৰ অভাৱত কান্ধত ভাৰ বান্ধি নিলে ৰোগীক নিলে চিকিৎসালয়লৈ

ৰে'ল আৰক্ষীয়ে জনোৱা অনুসৰি মৃত দুয়ো মগনীয়াই লামডিং জংচনৰ ভিতৰতে বিগত বহুদিন ধৰি ৰে’ল যাত্ৰীৰ ওচৰত হাত পাতি ভাতমুঠি মুকলি কৰি আহিছিল ৷ হাত পাতি পাতি ভাগৰ জুৰাবলৈ শুই পৰে প্লেটফৰ্মতে ৷ বুধবাৰে নিশাও অনুৰূপ ধৰণেৰে শীতে পিষ্ট কৰি পেলোৱা প্লেটফৰ্মটোত একেলগে জিৰণি লৈ আছিল দুয়ো মগনীয়াই ৷

হাড় কঁপোৱা শীত সহ্য কৰিব নোৱাৰিলে বয়সে জোঁকাৰি যোৱা মগনীয়াদ্বয়ে ৷ ফলত গৰম কাপোৰৰ চিৰদিনৰ বাবেই চকু মুদিলে গৰম কাপোৰৰ অভাৱত (Died due to cold in Assam)৷ সম্প্ৰতি ৰে'ল আৰক্ষী দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি ডিফু অসামৰিক চিকিৎসালয়লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Workers brutally beaten: মৰাণৰ ইটা ভাটাৰ শ্ৰমিকক মালিকৰ গুৰুলা-গুৰুল প্ৰহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.