ETV Bharat / state

Workers brutally beaten: মৰাণৰ ইটা ভাটাৰ শ্ৰমিকক মালিকৰ গুৰুলা-গুৰুল প্ৰহাৰ

author img

By

Published : Jan 5, 2023, 11:18 AM IST

মৰাণত এটা ইটা ভাটাৰ কৰ্মচাৰীৰ ওপৰত মালিকৰ গুণ্ডাগিৰি (Workers brutally beaten at Moran)৷ ৷ বিনা কাৰণত ভাটাৰ মহৰী আকাশ ঘোষক বাঁহৰ লাঠিৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে মালিক ইমৰাণ খানে (Brick kilns employee brutally beaten) ৷

workers-brutally-beaten-by-owner-at-moran
ইটাৰ ভাটাৰ কৰ্মচাৰীক গুৰুলা গুৰুল প্ৰহাৰ মালিকৰ

ইটাৰ ভাটাৰ কৰ্মচাৰীক গুৰুলা গুৰুল প্ৰহাৰ মালিকৰ

মৰাণ, 5 জানুৱাৰী: মৰাণত সংঘটিত হৈছে এক জঘন্য ঘটনা (Workers brutally beaten at Moran)৷ অঞ্চলটোৰ এটা ইটাৰ ভাটাৰ মালিকে এজন কৰ্মচাৰীক গুৰুলা গুৰুলকৈ প্ৰহাৰৰ খবৰ পোহৰলৈ আহিছে (Brick quarry workers beaten up by owners) ৷ বিগত প্ৰায় তিনিমাহ ধৰি আৰ.বি.ডি. নামৰ ইটা ভাটাটোত মহৰী হিচাপে কৰ্মৰত আকাশ ঘোষ নামৰ কৰ্মচাৰীজনক ভাটাটোৰ মালিক ইমৰাণ খানে প্ৰায়ে সৰু সৰু কথাতে মাৰ ধৰ কৰাৰ লগতে আন কৰ্মচাৰীসকলকো প্ৰহাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

ঘটনা অনুসৰি মৰাণৰ পিয়লি নগৰৰ আকাশ ঘোষ নামৰ যুৱকজনে মৰাণৰ তিলৈনগৰ বঙালী গাঁৱত অৱস্থিত আৰ.বি.ডি. নামৰ ইটা ভাটাটোত মহৰী হিচাপে কাম কৰি আহিছিল ৷ অভিযোগ অনুসৰি পূৰ্বৰে পৰাই সামান্য কথাতে ভাটাটোৰ মালিক ইমৰাণ খানে আকাশক মাৰ ধৰ কৰি আহিছিল (Crime in Dibrugarh)৷ অৱশেষত যোৱা 31 ডিচেম্বৰ তাৰিখে এই অত্যাচাৰে চুলেগৈ চৰম সীমা ৷

সেইদিনা ইমৰাণ খানে কৰ্মচাৰী আকাশ ঘোষক বাঁহৰ লাঠিৰে শৰীৰৰ বিভিন্ন অংশত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৷ ইয়াৰোপৰি মালিক খানে আকাশ ঘোষক প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰা বুলি অভিযোগ কৰিছে কৰ্মচাৰীজনে ৷ এই ঘটনাৰ পিছতে ইটা ভাটাটোত মালিকৰ প্ৰহাৰৰ কথা উল্লেখ কৰাৰ লগতে আকাশে আৰু সেই স্থানত কাম কৰিব নোৱাৰিব বুলি জনালেগৈ ভাটাৰ মেনেজাৰগৰাকীক ৷ মেনেজাৰগৰাকীয়ে আকাশক সবিশেষ সোধাৰ অন্তত প্ৰকৃত ঘটনাটো ওলাই পৰে ৷

ইফালে এই সন্দৰ্ভত যুৱকজনে ইতিমধ্যে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও বৰ্তমানলৈকে আৰক্ষীয়ে ব্যৱসায়ী ইমৰাণ খানক আটক কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ এই সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পিছতে ইমৰাণ খানে ঘটনাটোক অন্য ৰূপ দিবলৈ ভাটাৰ অন্য কৰ্মচাৰীক ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে ৷ অন্য কৰ্মচাৰীয়েহে যুৱকজনক মাৰধৰ কৰা বুলি সংবাদমাধ্যমত ক'বলৈ বাধ্য কৰাইছিল বুলি উল্লেখ কৰিলে ভাটাত কৰ্মৰত অন্যান্য কৰ্মচাৰীসকলে ৷

উল্লেখ্য যে ইমৰাণ খানৰ পৰামৰ্শ অনুসৰিয়েই এটা ব্যক্তিগত চেনেলত ভাটাৰ তিনিজন কৰ্মচাৰীয়ে মন্তব্য প্ৰকাশ কৰাৰ পাছতেই এতিয়া তিনিও কৰ্মচাৰী ৰোষত পৰিছে আৰক্ষীৰ ৷ আৰক্ষীয়ে যোৱা মংগলবাৰৰ পৰা যুৱককেইজনক জেৰা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে আৰক্ষীৰ ৰোষত পৰা তিনি যুৱকে সংবাদ মাধ্যমৰ আগত কয় যে, তেওঁলোকে পূৰ্বে ইমৰাণ খানে শিকোৱা অনুসৰিহে সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছিল ৷ ইমৰাণ খানে অতি বেয়াকৈ মাৰধৰ কৰিছিল আকাশক ৷

এই ঘটনাই এতিয়া মৰাণত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে বহুতকে হাঁহিৰ খোৰাক যোগাইছে ৷ আনহাতে মৰাণ থানাৰ আৰক্ষীয়ে ইমৰান খানৰ বিৰুদ্ধে 131/22 u/s 325/506 IPC নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Protests against corruption: হাতত ঝাড়ু লৈ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ শংকৰজ্যোতি বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.