ETV Bharat / state

লামডিং বনাঞ্চলত উচ্ছেদ অভিযান চলাবলৈ গৈ থমকিল প্ৰশাসন

author img

By

Published : Nov 11, 2021, 2:06 PM IST

Eviction at Lumding reserve forest
লামডিং বনাঞ্চলত উচ্ছেদ অভিযান চলাবলৈ গৈ থমকি ৰ'ল প্ৰশাসন

বৃহস্পতিবাৰে পুনৰ উচ্ছেদ অভিযান চলাবলৈ লামডিং সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈছিল প্ৰশাসনৰ লোক । কিন্তু বনাঞ্চলখনৰ থাদংনলাত এতিয়াও আছে বহু পৰিয়াল । এনে পৰিস্থিতিত কেনেকৈ অভিযান আৰম্ভ কৰিব প্ৰশাসনে ।

হোজাই, ১১ নৱেম্বৰ : এতিয়াও বেদখলকাৰীৰ কবলত আছে লামডিং সংৰক্ষিত বনাঞ্চলৰ ভূমি । বৃহস্পতিবাৰে পুৱাই বনাঞ্চলখনত উপস্থিত হৈছিল হোজাই আৰক্ষী-প্ৰশাসন । উদ্দেশ্য আছিল বনাঞ্চলখনৰ থাদংনলাত উচ্ছেদ অভিযান চলাব । কিন্তু প্ৰশাসনে আজি অভিযান আৰম্ভ কৰিব নোৱাৰিলে ।

Eviction at Lumding reserve forest
লামডিং বনাঞ্চলত উচ্ছেদ অভিযান চলাবলৈ গৈ থমকি ৰ'ল প্ৰশাসন

কিয়নো থাদংনলাত এতিয়াও আছে বহু পৰিয়াল । তেওঁলোকে ঘৰ এৰি দিয়া নাই । থাদংনলাৰ ৰাইজৰ বাবে প্ৰশাসনে ব্যৱস্থা কৰি দিয়া বিকল্প ঠাই ৰাইজৰ পছন্দ নোহোৱাত বৰ্তমানলৈকে উক্ত স্থানৰ পৰা আঁতৰি যোৱা নাই এই লোকসকল । বলপূৰ্বকভাৱে এই লোকসকলক উচ্ছেদ কৰিলে দৰঙৰ গৰুখুঁটিৰ দৰে পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাত আজি দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলাবলৈ গৈও থমকি ৰ'ল প্ৰশাসন ।

লামডিং বনাঞ্চলত উচ্ছেদ অভিযান চলাবলৈ গৈ থমকি ৰ'ল প্ৰশাসন
লামডিং বনাঞ্চলত উচ্ছেদ অভিযান চলাবলৈ গৈ থমকি ৰ'ল প্ৰশাসন

বৰ্তমান থাদংনলা অঞ্চলত ঠায়ে ঠায়ে নিয়োগ কৰা হৈছে আৰক্ষী । পৰৱৰ্তী সময়ত প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । মঙলবাৰে চলা অভিযানৰ সময়ত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাছিল ।

থমকি ৰ'ল প্ৰশাসন

কিয়নো, উচ্ছেদ চলোৱা হ’ব বুলি পূৰ্বেই ঘোষণা কৰিছিল প্ৰশাসনে আৰু সেয়ে, উচ্ছেদ অভিযানৰ এদিন পূৰ্বেই বেদখলকাৰীয়ে ঘৰ এৰি গৈছিল । উল্লেখ্য যে, বেদখলকাৰীক উচ্ছেদৰ বাবে এতিয়া জিলাই জিলাই প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে । দৰঙৰ গৰুখুঁটিত সংঘটিত ঘটনাৰ পাচতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছিল বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত থাকিব । কিন্তু বৰ্তমান অস্থায়ী শিবিৰত আশ্ৰয় লৈ থকা উচ্ছেদিত লোকসকলৰ স্থায়ী ঠিকনা কি হ'ব সেয়া এতিয়াও এক প্ৰশ্ন হৈয়ে আছে ।

লগতে পঢ়ক: কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত 9

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.