ETV Bharat / state

হোজাইত জব্দ হ'ল লক্ষাধিক টকাৰ চোৰাং কাঠ

author img

By

Published : May 4, 2021, 2:18 PM IST

হোজাইত জব্দ হ'ল কেইবালাখ টকাৰ চোৰাং কাঠ
হোজাইত জব্দ হ'ল কেইবালাখ টকাৰ চোৰাং কাঠ

মঙলবাৰে পুৱাৰ ভাগত গোপন সূত্ৰৰ পম খেদি লংকা বন বিভাগে অভিযান চলাই জব্দ কৰে কেইবালাখ টকাৰ চোৰাং কাঠসহ দুখন বলেৰ' পিকআপ বাহন ৷ সম্প্ৰতি জব্দকৃত কাঠখিনি লংকা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ অনাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।

হোজাই, 4মে': হোজাই জিলাত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ মঙলবাৰে পুৱাৰ ভাগত গোপন সূত্ৰৰ পম খেদি লংকা বন বিভাগে অভিযান চলাই জব্দ কৰে কেইবালাখ টকাৰ চোৰাং কাঠসহ দুখন বলেৰ' পিকআপ বাহন ৷ অৱশ্যে কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল বন বিভাগৰ দলটোৱে ৷

হোজাইত জব্দ হ'ল কেইবালাখ টকাৰ চোৰাং কাঠ

উল্লেখ্য যে, লংকাৰ নখুটি অঞ্চলৰ পৰা নগাঁও অভিমুখে কাঠখিনি কঢ়িয়াই অনা অৱস্থাতে 54নং ৰাষ্ট্ৰীয় ঘাইপথস্থিত ডবকা টোল প্লাজা পৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ বন বিভাগৰ লোকে চোৰাং কাঠখিনি কাৰ্বি-আংলং বনাঞ্চল পৰা সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ সম্প্ৰতি জব্দকৃত কাঠখিনি লংকা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ অনাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.