ETV Bharat / state

বিজয়া দশমীৰ দিনটোত ৰাজ্যত বহুকেইটা পথ দুৰ্ঘটনা

author img

By

Published : Oct 6, 2022, 7:53 AM IST

বিজয়া দশমীৰ দিনটোত ৰাজ্যত বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত হোৱা খবৰ পোহৰলৈ আহিছে ৷ ইয়াৰে হোজাই জিলা আৰু জোনাইৰ লাইমেকুৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয় (Road Accident in Hojai and Jonai) ৷ আনহাতে দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

road accidents in Assams various place, one dead
বিজয়া দশমীৰ দিনটোতেই দুটাকৈ পথ দুৰ্ঘটনা: এজন নিহত

জোনাই, হোজাই, 6 অক্টোবৰ: বিজয়া দশমীৰ দিনটোত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত ৰাজ্যৰ কেবাটাও প্ৰান্তত পৃথক পৃথক পথ দুৰ্ঘটনা সংঘটিত হৈছে (Road accidents in Assam) ৷ বিজয়া দশমীৰ উচ্ছাহৰ মাজৰে হোজাই জিলা আৰু জোনাইৰ লাইমেকুৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত এজন লোকে থিতাতে মৃত্যুক আকোৱালি লয় (Road Accident in Hojai and Jonai) ৷ আনহাতে দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি, জোনাইৰ লাইমেকুৰীত বুধবাৰে নামনিমুৱা লাচিত এক্সেপ্ৰেছৰ খুণ্ডাত মৃত্যু এজন যুৱকৰ (Train hits a man at Jonai) ৷ সন্ধিয়া প্ৰায় 8-30 বজাত মূৰ্কংচেলেক ৰে’লৱে ষ্টেচনৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত লাইমেকুৰী ৰে’লৱে ষ্টেচনত নামনিমুৱা লাচিত এক্সপ্ৰেছৰ খুন্দাত ইন্দ্ৰজিত দাস (১৫) নামৰ যুৱকজনৰ মৃত্যু হয় (One died in train hit incident) ৷

বিজয়া দশমীৰ দিনটোতেই দুটাকৈ পথ দুৰ্ঘটনা: এজন নিহত

জানিব পৰামতে সন্ধিয়া লাইমেকুৰী ৰে’লৱে‌ ষ্টেচনত ৰৈ থকা অৱস্থাত নামনিমুৱা লাচিত এক্সপ্ৰেছ ৰেলখনে যুৱকজনক খুন্দিয়াই গুৰুতৰ ভাৱে আহত কৰে ৷ গুৰুতৰ ভাৱে আহত যুৱক জনক পৰিয়ালৰ লোকে ততাতৈয়াকৈ ৰুকচিনস্থিত দিৱজনী মেডিকেলত ভৰ্তি কৰায় যদিও যুৱকজনক মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷ নিহত যুৱকজন লাইমেকুৰী আগাম দলুঙৰ বুলি জানিব পৰা গৈছে ৷

ইফালে হোজাই জিলাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এটা পথ দুৰ্ঘটনা (Bike accident in Hojai)৷ জিলাখনৰ লংকা জোৰাপুখুৰীত উদণ্ড বাইক চালকে মহতিয়ালে এজন পথচাৰীক ৷ পথচাৰীজনৰ নাম চনু গুৰ বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা সংঘটিত বাইকখনৰ নম্বৰ AS-02-K-8588 ৷

বাইক চালকজনৰ নাম বিশ্বজিৎ ৰায় বুলি জানিব পৰা গৈছে । বৰ্তমান দুয়োকে সংকটজনক অৱস্থাত হোজাই জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে (Two injured in road accident) ৷

লগতে পঢ়ক: মাংগলিক কাৰ্যসূচীৰে চতিয়াত দাহ কৰা হয় ৪০ ফুট ওখ ৰাৱণৰ প্ৰতিকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.