ETV Bharat / state

কৰ'ণাত অনাথ হোৱা দুই শিশুৰ কাষত ৰামকৃষ্ণ ঘোষ

author img

By

Published : Jun 27, 2021, 2:21 PM IST

Ramakrishna Ghosh is with to two children orphaned in corona
কৰ'ণাত অনাথ হোৱা দুই শিশুৰ কাষত ৰামকৃষ্ণ ঘোষ

কৰ'ণাৰ দ্বিতীয় ঢৌৱে এফালৰ পৰা কোঙা কৰি গ'ল মানৱ জাতিক ৷ খাদ্য-বস্ত্ৰৰ অভাৱৰ লগতে আপোনজনক হেৰুৱাই দিগ-বিদিগ হেৰুৱাইছে অজস্ৰজনে ৷ অকালতে আপোনজনক হেৰুৱাই অনাথ হ'ল বিশ্বৰ বহু শিশু ৷ তেনে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হ'ল হোজাই জিলাৰ লংকা পানচালিত ৷ ভাৰতীয় সেনা বাহিনীত কৰ্মৰত জোৱানৰ আৰু পত্নীৰ মৃত্যু পাচতে অনাথ হৈ পৰা দুই সন্তানৰ কাষত থিয় দিলে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ৷

হোজাই, 27 জুন : সমগ্ৰ দেশতে মহামাৰী কৰ'ণাই কাঢ়ি নিলে বহুতৰে প্ৰাণ ৷ কৰ'ণাৰ প্ৰথম ঢৌৰ পাচতে কাল ৰূপ ধাৰণ কৰা দ্বিতীয় ঢৌৱে এফালৰ পৰা কোঙা কৰি গ'ল মানৱ জাতিক ৷ খাদ্য-বস্ত্ৰৰ অভাৱৰ লগতে আপোনজনক হেৰুৱাই দিগ-বিদিগ হেৰুৱাইছে অজস্ৰজনে ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কাল কৰ'ণা (Corona)ই অনাথ কৰিলে বহু শিশুক ৷ নিমিষতে তচনচ কৰি পেলালে বহু শিশুৰ ফুলকুমলীয়া সপোনবোৰ ৷

কৰ'ণাত অনাথ হোৱা দুই শিশুৰ কাষত ৰামকৃষ্ণ ঘোষ

তেনে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকা পানচালিত ৷ ভাৰতীয় সেনা বাহিনীত কৰ্মৰত বাবা সেনা সিং আৰু তেওঁৰ পত্নী নিৰ্মলা দেৱী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাত অনাথ হ'ল তেওঁলোকৰ দুই সন্তান ৷ উত্তৰ প্ৰদেশত কিছুদিনৰ আগলৈকে ভাৰতীয় সেনা জোৱান ৰূপে কৰ্মৰত বাবা সেনা সিং অৱসৰলৈ ঘৰলৈ ওভতি অহাৰ পাচতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে ৷ মাথো এমাহৰ ভিতৰতে বাবা সেনাৰ পত্নীৰো কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাত ঘোৰ অমানিশা নামি আহে দুই কণমানিৰ জীৱনলৈ ৷

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে শনিবাৰে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত হয় অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীৰ ঘৰত ৷ বিধায়ক গাৰাকীয়ে বিধায়ক পুঁজিৰ লগতে অসম চৰকাৰে আগন্তুক দিনত পৰিয়ালটোৰ লগতে দুই সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত সকলো ধৰণৰ সাহাৰ্য প্রদান কৰিব বুলি ঘোষণা কৰে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল বাক্সা জিলাৰ তামুলপুৰত ৷ কৰ'ণাৰ দ্বিতীয়টো ঢৌৱে কাঢ়ি নিছিলে দুটি শিশুৰ পিতৃ-মাতৃক ৷ মাত্ৰ এটা দিনৰ ভিতৰত পিতৃ-মাতৃক হেৰুৱাই অনাথ হৈ পৰিছিল দুই ভাই-ভনী ৷ দুই সন্তানেৰে এখন সুখৰ সংসাৰ থকা পৰিয়ালটোত এতিয়া বিৰাজ কৰিছে শূণ্যতা ৷ পিতৃ-মাতৃৰ লগতে কৰ'ণাই অনাথ দুই শিশুৰ সকলো সপোন কাঢ়ি লৈ গ'ল ৷

লগতে পঢ়ক: কৰ'ণাই নিথৰুৱা কৰিলে তামুলুপুৰৰ দুই ভাই-ভনীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.