ETV Bharat / state

লামডিঙত চৰকাৰী সাহায্য বিতৰণত দুৰ্নীতি

author img

By

Published : May 5, 2020, 8:23 PM IST

লামডিং সমষ্টিৰ খাগৰীজান গাঁও পঞ্চায়তত চাউল বিতৰণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ হিতাধিকাৰীৰ পৰিৱৰ্তে পঞ্চায়তটোৰ প্ৰতিনিধিৰ আত্মীয়ক চাউল বিতৰণ কৰাৰ অভিয়োগ স্থানীয় ৰাইজৰ ৷

PANCHAYAT CORRUPTION AT LUMDING
লামডিংত চৰকাৰী সাহায্য বিতৰণত দুৰ্নীতি

হোজাই, 5 মে' : চৰকাৰী সাহায্য বিতৰণৰ নামত লামডিংত ব্যাপক দুৰ্নীতি ৷ প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে পঞ্চায়ত প্ৰতিনিধিৰ আত্মীয়ক চাউল বিতৰণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

অভিযোগ অনুসৰি লামডিং সমষ্টিৰ খাগৰীজান গাঁও পঞ্চায়তত চৰকাৰে ৰেচন কাৰ্ড নথকা পৰিয়ালৰ লোকক বিতৰণ কৰিছিল চাউল ৷ কিন্তু পঞ্চায়তটোৰ প্ৰতিনিধিয়ে ৰেচন কাৰ্ড নথকা লোকৰ পৰিৱৰ্তে ৰেচন কাৰ্ড থকা লোকক চাউল বিতৰণ কৰাৰ অভিযোগ একাংশ ৰাইজৰ ৷

লামডিংত চৰকাৰী সাহায্য বিতৰণত দুৰ্নীতি

আনহাতে উক্ত সাহায্য সামগ্ৰী বিতৰণ কৰাৰ সময়তে শাৰী পাতি থকা এগৰাকী দৰিদ্ৰ মহিলাক আন দুগৰাকী লোকে গতিয়াই মাটিত পেলাই দিয়াৰো অভিযোগ এগৰাকী মহিলাৰ ৷ পৰৱৰ্তী সময়ত ভুক্তভোগী মহিলা গৰাকীয়ে নখুটি আৰক্ষী চকীত প্ৰধান শিক্ষক আমিন উদ্দিন আৰু শুকুৰ আলীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ৷

লামডিংত চৰকাৰী সাহায্য বিতৰণত দুৰ্নীতি

লগতে পঢ়ক : ছিকিউৰিটী গাৰ্ড সকলৰ বাবে অসমত অভাৱ নাই চাকৰিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.