হোজাইত ড্ৰাগছৰ আঠটা কন্টেনাৰ সহ আটক এজন

author img

By

Published : Sep 2, 2021, 8:18 PM IST

one arrested with drugs in hojai

ভয়ানক হাৰত ৰাজ্যত চলিছে ড্ৰাগছৰ বজাৰখন ৷ আৰক্ষী প্ৰশাসনে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিও আৰক্ষীয়ে নিঃশেষ কৰিব পৰা নাই এই সৰবৰাহ ৷ বৃহস্পতিবাৰে হোজাইতো ড্ৰাগছসহ আটক হয় এটা সৰবৰাহকাৰী ৷ তেওঁৰ পৰা জব্দ কৰা হয় আঠটা সৰু সৰু ড্ৰাগছ ভৰ্তি কন্টেইনাৰ ৷

হোজাই, 2 ছেপ্টেম্বৰ : অক্টোপাছৰ দৰে ড্ৰাগছে বেৰি ধৰিছে ৰাজ্যৰ যুৱ প্ৰজন্মক ৷ ভয়ানক হাৰত ৰাজ্যত চলিছে ড্ৰাগছৰ বজাৰখন ৷ আৰক্ষী প্ৰশাসনে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিও আৰক্ষীয়ে নিঃশেষ কৰিব পৰা নাই এই সৰবৰাহ ৷ নিতৌ কৰাজ্যৰ ভিন্ন স্থানত উদ্ধাৰ হ’বলৈ ধৰিছে ড্ৰাগছজাতীয় সামগ্ৰী ৷ বৃহস্পতিবাৰে হোজাইতো ড্ৰাগছসহ আটক হয় এটা সৰবৰাহকাৰী ৷ আটকাধীন সৰবৰাহকাৰীটোৰ নাম দীপ দাস ৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰে দীপ দাসক আদালতত হাজিৰ কৰোৱা হ’ব ৷ হোজাই আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি কৃষ্ণ নগৰ অঞ্চলত অভিযান চলাই আটক কৰে যুৱকজনক ৷ তেওঁৰ পৰা জব্দ কৰা হয় আঠটা সৰু সৰু ড্ৰাগছ ভৰ্তি কন্টেইনাৰ ৷ ড্ৰাগছখিনিৰ বজাৰ মূল্য ১৮-২০ হাজাৰ টকা হ’ব বুলি অনুমান কৰা হৈছে ।

one arrested with drugs in hojai
হোজাইত ড্ৰাগছৰ আঠটা কন্টেনাৰ সহ আটক এজন

আনহাত, গুৱাহাটী মহানগৰীৰ যোৰাবাট অঞ্চলৰ পৰা বৃহস্পতিবাৰে আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ ড্ৰাগছ ৷ ট্ৰাকৰ তেলৰ টেংকীত উদ্ধাৰ হৈছে হেৰ'ইন ৷ ডিমাপুৰৰ পৰা ট্ৰাকত অনা এই ড্ৰাগছখিনি যোৰাবাট অঞ্চলত অভিযান চলাই জব্দ কৰে আৰক্ষীয়ে ৷

মহানগৰীৰ পূৱ আৰক্ষী উপ আয়ুক্ত শুভ্ৰজ্যোতি বৰা আৰু যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত চলা এক অভিযানত এই ড্ৰাগছখিনি জব্দ হৈছে ৷ আঢ়ৈ কিলোগ্ৰাম ওজনৰ হেৰ'ইনখিনি মুঠ 205 টা চাবোনৰ বাকচৰ পৰা উদ্ধাৰ কৰা হয় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক মূল্য প্ৰায় 10 কোটি টকা ৷

ইয়াৰ পূৰ্বেও মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত জব্দ হৈছিল কোটি টকাৰ ড্ৰাগছ ৷ ড্ৰাগছ সৰবৰাহকাৰী এতিয়া আৰক্ষীৰ বাবে এক প্ৰকাৰ মূৰৰ কামোৰণি হৈ পৰিছে ৷

লগতে পঢ়ক : নিচাৰ ৰাগীত অবাটে যুৱ প্ৰজন্ম...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.