ETV Bharat / state

লংকাত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ

author img

By

Published : May 28, 2021, 12:22 PM IST

Updated : May 28, 2021, 12:58 PM IST

লংকা আৰক্ষীৰ জালত এজন ড্ৰাগছ ব্যৱসায়ী
লংকা আৰক্ষীৰ জালত এজন ড্ৰাগছ ব্যৱসায়ী

লংকা আৰক্ষীৰ জালত পৰিছে এজন ড্ৰাগছ ব্যৱসায়ী ৷ জব্দ প্ৰায় 50 হাজাৰ টকাৰ ড্ৰাগছ ৷

হোজাই,28 মে’: হোজাই জিলাৰ লংকা আৰক্ষীৰ বৃহৎ সফলতা । বৃহস্পতিবাৰে নিশা লংকা আৰক্ষীৰ জালত পৰিছে এজন ড্ৰাগছ ব্যৱসায়ী আৰু জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা ব্ৰাউন চুগাৰ ।

লংকা আৰক্ষীৰ জালত এজন ড্ৰাগছ ব্যৱসায়ী
লংকা আৰক্ষীৰ জালত এজন ড্ৰাগছ ব্যৱসায়ী

এক গোপন সূত্ৰৰ পমখেদি লংকা আৰক্ষী বিষয়া বিশ্বজ্যোতি শৰ্মা আৰু হোজাইৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত লংকা পশ্চিম ডাবলঙত চলোৱা হয় ড্ৰাগছ বিৰোধী অভিযান । এই অভিযানত চামচুল হক নামৰ এজন লোকৰ বাসগৃহত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ খিনি ।

লংকাত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ

উল্লেখ্য যে, 24 টা সৰু সৰু প্লাষ্টিক কণ্টেনাৰত ড্ৰাগছ সমূহ ভৰাই ৰখা অৱস্থাত উদ্ধাৰ কৰাৰ লগতে 74 টা খালী কণ্টেনাৰো জব্দ কৰে অৰক্ষীয়ে ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দ হোৱা ড্ৰাগছখিনি চামচুল হকে বাৰীৰ পাছফালে ধান খেৰৰ মাজত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় ৷

জব্দকৃত ড্ৰাগছখিনিৰ অনুমানিক বজাৰ মূল্য প্ৰায় 50 হাজাৰ টকা বুলি সদৰি কৰে আৰক্ষীয়ে । এই সমগ্ৰ ঘটনা লগত জড়িত থকা চামচুল হক পলায়ন কৰে যদিও লংকা আৰক্ষীয়ে চামচুলৰ মাতৃ ছাইৰুন নেচাক আটক কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বাংলাদেশৰ যুৱতী নিৰ্যাতন : আৰক্ষীৰ জালত ৪ অভিযুক্ত

Last Updated :May 28, 2021, 12:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.