ETV Bharat / state

বৰবহাৰ অপহৃত নাবালিকা জুৰীয়াত উদ্ধাৰ

author img

By

Published : Jul 19, 2020, 6:55 PM IST

kidnapper Ashad Ali arrested
অপহৰণকাৰী আশ্বাদ আলীক গ্ৰেপ্তাৰ

হোজাই জিলাৰ বৰবহাৰ পৰা অপহৰণ কৰা এগৰাকী নাবালিকা নগাঁও জিলাৰ জুৰীয়াত উদ্ধাৰ কৰা হৈছে ৷ লংকা আৰক্ষীয়ে উদ্ধাৰ কৰে অপহৃত কিশোৰীগৰাকীক ৷

হোজাই, 19 জুলাই : হোজাই জিলাৰ বৰবহাৰ পৰা অপহৰণ কৰা এগৰাকী নাবালিকা লংকা আৰক্ষীয়ে নগাঁও জিলাৰ জুৰীয়াৰ পৰা উদ্ধাৰ কৰে । ঘটনা অনুসৰি, যোৱা 16 জুলাইত এগৰাকী 13 বছৰীয়া কিশোৰী বৰবহাৰ পৰা নাইকিয়া হৈছিল । ইয়াৰ পাচতে কিশোৰীগৰাকী অপহৰণ হোৱা বুলি নিশ্চিত হৈ পৰিয়ালৰ লোকে লংকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

বৰবহাৰ অপহৃত নাবালিকা জুৰীয়াত উদ্ধাৰ

এজাহাৰৰ ভিত্তিত অনুসন্ধান চলাই জুৰীয়াৰ হাতীপাৰা গাঁৱৰ পৰা লংকা আৰক্ষীয়ে অপহৃত নাবালিকা গৰাকীক উদ্ধাৰ কৰে ৷ লগতে অপহৰণকাৰী আশ্বাদ আলীকো(23) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলে । অপহৰণকাৰী আশ্বাদ আলীৰ ঘৰ হোজাইত বুলি জানিব পৰা গৈছে । বৰ্তমান আশ্বাদ আলীক লংকা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : মাঞ্জা আৰক্ষীৰ জালত বৃহৎ গাড়ীচোৰ চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.