ETV Bharat / state

হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ত টীকাকৰণ অভিযান সন্দৰ্ভত বৈঠক

author img

By

Published : Sep 29, 2021, 5:54 PM IST

মঙলবাৰে হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা হ'বলগীয়া ক'ভিড-১৯ৰ ব্যাপক টীকাকৰণ অভিযান সন্দৰ্ভত আলোচনা কৰা হয় এই বৈঠকখনত । উপায়ুক্ত অনুপম চৌধুৰীৰ উপৰিও হোজাই জিলা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

Important meeting held in Hojai DC office
হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ত টীকাকৰণ অভিযান সন্দৰ্ভত বৈঠক

হোজাই, ২৯ ছেপ্টেম্বৰ : সমগ্ৰ অসমৰ লগতে হোজাই জিলাতো ২ অক্টোবৰত ক'ভিড-১৯ৰ ব্যাপক টীকাকৰণ অভিযান চলিব । গান্ধী জয়ন্তীৰ দিনা এই অভিযানক সফল কৰি তুলিবলৈ সাজু হৈছে হোজাই জিলা প্ৰশাসন । মঙলবাৰে এই সন্দৰ্ভত হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত অনুপম চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত হোজাই জিলা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

Important meeting held in Hojai DC office
হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ত টীকাকৰণ অভিযান সন্দৰ্ভত বৈঠক

উক্ত আলোচনা চক্ৰত গান্ধী জয়ন্তীত অনুষ্ঠিত হ'বলগীয়া টীকাকৰণ অভিযানৰ প্ৰক্ৰিয়াটো সু-পৰিকল্পিতভাৱে পৰিচালনা কৰাৰ বিষয়ে আলোচনা কৰা হয় । লগতে এই অভিযান কিদৰে ১০০ শতাংশ সফল কৰি লক্ষ্যত উপনীত হ'ব পাৰি তাৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয় । তাৰোপৰি উপায়ুক্তগৰাকীয়ে ২ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া টীকাকৰণ অভিযানত নিজৰ নিজৰ ওচৰৰ টীকাকৰণ কেন্দ্ৰলৈ গৈ ক'ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলাখনৰ জনসাধাৰণক আহ্বান জনায় । এই আলোচনা চক্ৰত অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকো উপস্থিত থাকে ।

উল্লেখ্য যে, বৰ্তমান ৰাজ্যত মহামাৰীৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও ভয়াৱহতা দূৰ হোৱা নাই । সেয়ে, টীকাকৰণৰ প্ৰয়োজনীয়তাক নুই কৰিব নোৱাৰি । চৰকাৰে সকলোকে নাগৰিককে প্ৰতিষেধক প্ৰদানৰ বাবে নিয়মীয়া টীকাকৰণ অভিযানৰ লগতে সময়ে সময়ে ব্যাপকভাৱেও টীকাকৰণ অভিযান চলাইছে ।

লগতোে পঢ়ক:গৰুখুটিৰ ঘটনাত ৰাজনৈতিক অভিসন্ধি জড়িত : ইউ জি ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.