ETV Bharat / state

গো-সুৰক্ষা বিধেয়ক বিতৰ্কৰ মাজতে লামডিঙত গৰুসহ আটক সৰবৰাহকাৰী

author img

By

Published : Jul 12, 2021, 10:59 PM IST

সোমবাৰে ৰাজ্যৰ বিধানসভাত উত্থাপিত হ’ল গো-সুৰক্ষা বিধেয়ক 2021 ৷ এনে সময়তো ৰাজ্যৰ ঠাইয়ে ঠাইয়ে আৰক্ষীৰ তীব্ৰ তৎপৰতাৰ মাজতো চলি আছে পশুধনৰ চোৰাং সৰবৰাহৰ বেহা(illegal cattle trade) ৷

illegal cattle trader caught in lamding while cattle preservation bill 2021 making controversy across state
গো-সুৰক্ষা বিধেয়ক বিতৰ্কৰ মাজতে লামডিঙত গৰু সহ আটক তিনি সৰবৰাহকাৰী

হোজাই, 12 জুলাই : হোজাই জিলাৰ লামডিঙত অব্যাহত আছে গৰুৰ চোৰাং বেহা ৷ ক’ভিডসৃষ্ট লকডাউনৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিয়ম(covid protocol) অথবা, আৰক্ষী প্ৰশাসনৰ গৰুৰ চোৰাং বেহা নিয়ন্ত্ৰণৰ তৎপৰতাকো বুঢ়া আঙুলি দেখুৱাই একাংশ চোৰাং বেপাৰীয়ে সমগ্ৰ ৰাজ্যতে চলাই আছে পশুধনৰ চোৰাং সৰবৰাহৰ বেহা(illegal cattle trade) ৷ এনে সময়তে, সোমবাৰে লামডিং তিনিআলিত চোৰাং গৰু সহ তিনিজনকৈ লোকক আটক কৰিলে আৰক্ষীয়ে ৷

জানিব পৰা মতে, সোমবাৰে লামডিং তিনিআলি পৰা লংকা অভিমুখে গৈ থকাৰ অৱস্থাত সামগ্ৰী কঢ়িওৱা এখন এখন চাৰিচকীয়া বাহনৰ পৰা লামডিং আৰক্ষীয়ে জব্দ কৰে তিনিটাকৈ গৰু ৷ একে সময়তে, গাড়ী চালক হেণ্ডিমেন সহ তিনিজন লোকক ঘটনাস্থলীৰ পৰা আটক কৰে আৰক্ষীয়ে ৷ লামডিঙৰ ঝুলনপুৰৰ পৰা লংকালৈ গৰু তিনিটা সৰবৰাহ কৰি লৈ গৈছিল ধৃত লোক কেইজনে ৷

গো-সুৰক্ষা বিধেয়ক বিতৰ্কৰ মাজতে লামডিঙত গৰু সহ আটক সৰবৰাহকাৰী

আটক হোৱা লোক কেইজন লামডিঙৰ কেইলাচ চৌধুৰী, বাপ্পা দেবনাথ, উদালীৰ চুৰমান আলী আচিফ আলি আৰু মহমদ আব্দুল কাদিৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, বৰ্তমান সন্দেহৰ ভিত্তিত লামডিং আৰক্ষীয়ে মুঠ পাচঁজন লোকৰ বিৰুদ্ধে এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে ৷

মন কৰিব লগীয়া যে, সোমবাৰে ৰাজ্যৰ বিধান সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই দাখিল কৰিছে গো-সুৰক্ষা বিধেয়ক 2021(cattle preservation bill 2021) ৷ সম্প্ৰতি, ৰাজ্যজুৰি এই বিধেয়কৰ প্ৰয়োজনীয়তা অপ্ৰয়োজনীয়তা সম্পৰ্কে সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ কিন্তু, এনে সময়তে ৰাজ্যজুৰি চলি থকা গৰুৰ চোৰাং সৰবৰাহৰ ঘটনাই স্পষ্টকৈ এনে বেহাৰ বিৰোধ কৰা বিধেয়কখনৰ সপক্ষে বৃহৎ সংখ্যক ৰাইজৰ মত গঠন কৰিবলৈ সক্ষম হ’ব বুলি সচেতন মহলত আলোচিত হৈছে ৷

লগতে পঢ়ক : বিধানসভাত উত্থাপিত হ’ল বিতৰ্কিত গো-সুৰক্ষা বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.