ETV Bharat / state

লামডিঙত ৰে'ল আৰক্ষীৰ অভিযান কেইবালাখ টকাৰ ভাং আৰু বার্মিজ চুপাৰি জব্দ

author img

By

Published : May 9, 2022, 10:52 PM IST

লামডিঙত ৰে'ল আৰক্ষীৰ অভিযানত কেইবালাখ টকাৰ ভাং-বার্মিজ চুপাৰি জব্দ (Intoxicating elements seized at Lumding)। নামনিমুৱা আগৰতলা শিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলগাড়ীৰ পৰা আৰক্ষীয়ে জব্দ কৰে উক্ত সামগ্ৰীখিনি ।

intoxicating-elements-seized-at-lumding
লামডিঙত ৰে'ল আৰক্ষীৰ অভিযান কেইবালাখ টকাৰ ভাং-বার্মিজ চুপাৰি জব্দ

হোজাই, 9 মে' : ৰাজ্যত অব্যাহত আছে নিচা বিৰোধী অভিযান(Operation against narcotics) ৷ ভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছ আৰু গাঞ্জা বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে দেওবাৰে নিশা হোজাই জিলাৰ লামডিঙত ৰে'ল আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ ভাং আৰু সন্দেহজনক বার্মিজ চুপাৰি (Intoxicating elements seized at Lumding) ৷

তথ্য মতে, ১৩১৭৪ নামনিমুৱা আগৰতলা শিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলগাড়ীৰ পৰা উক্ত নিষিদ্ধ সামগ্ৰীখিনি জব্দ কৰা হয় (Narcotics seized at Lumding) । লামডিং ৰে'ল আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত তালাচী চলাই ৰেলখনৰ এটা পাৰ্চেল দবাৰ পৰা জব্দ কৰে উক্ত সামগ্ৰীখিনি ।

লামডিঙত ৰে'ল আৰক্ষীৰ অভিযান কেইবালাখ টকাৰ ভাং-বার্মিজ চুপাৰি জব্দ

জানিব পৰা মতে, ৰে'ল আৰক্ষীয়ে ৰে'লখনৰ পৰা ৬ টা পেকেটত মুঠ ৭৮ কিলোগ্রাম ভাং আৰু ৮৪ টা বস্তাত মুঠ ৬,৩৪০ কিলোগ্রাম সন্দেহজনক বার্মিজ চুপাৰি জব্দ কৰে । ৰে'ল আৰক্ষীৰ তথ্য মতে, উক্ত চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ৩১ লাখ ৯০ হাজাৰ টকা আৰু ভাংখিনিৰ মূল্য প্রায় ৭ লাখ ৫০ হাজাৰ টকা ৷

এই সামগ্রীখিনি আগৰতলাৰ পৰা শিয়ালদাহলৈ নি থকা অৱস্থাতে জব্দ কৰে ৰে'ল আৰক্ষীয়ে ৷ ইফালে ঘটনা সন্দৰ্ভত ৰে'ল বিভাগৰ বিষয়া-কৰ্মচাৰী জড়িত থকা বুলিও ৰে'ল আৰক্ষীয়ে সন্দেহ প্রকাশ কৰে ।

উল্লেখ্য যে, ১৩১৭৪ নম্বৰৰ নামনিমুৱা আগৰতলা শিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছত প্ৰতিদিনে সৰবৰাহ হৈ আহিছে নিষিদ্ধ সামগ্রী । এইক্ষেত্ৰত ৰে'লখনৰ কৰ্মচাৰীসকলৰ ভূমিকাক লৈও সন্দেহৰ আঙুলি উঠিছে । লামডিং ৰে'ল জংচনত থকা ৰে'ল আৰক্ষী আৰু ৰে'ল সুৰক্ষা বাহিনীৰ তৎপৰতাত অসাধু চক্ৰটোৰ ব্যৱসায়ক বহু পৰিমানে বাধা দিব পৰা হৈছে যদিও এইক্ষেত্ৰত ৰে'ল বিভাগৰ বিষয়াসকল অধিক তৎপৰ হ'লে ভাৰতীয় ৰে’লত এনে অসাধু চক্ৰৰ বেহা বন্ধ হ'ব বুলি আশা প্রকাশ কৰিছে ৰাইজে ।

লগতে পঢ়ক : Burmese supari Burned in Karimganj : আৰক্ষীয়ে জ্বলাই নষ্ট কৰিলে লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.