ETV Bharat / state

হোজাইত প্ৰায় ছয় কোটি মূল্যৰ ড্ৰাগছ দাহ কৰে আৰক্ষীয়ে

author img

By

Published : Jun 26, 2022, 6:06 PM IST

hojai Police burnt drugs and other narcotic items
হোজাইত প্ৰায় ছয় কোটি মূল্যৰ ড্ৰাগছ দাহ কৰে আৰক্ষীয়ে

আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস (International Anti Drug Day) ৷ সেয়ে হোজাই আৰক্ষীয়ে জ্বলালে জব্দকৃত ড্ৰাগছৰ লগতে আন আন নিচাজাতীয় সামগ্ৰী (Hojai Police burnt drugs and other narcotic items) । এই নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য আছিল প্ৰায় 6 কোটি টকা ।

হোজাই, 26 জুন : আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস (International Anti Drug Day) ৷ এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্ত আয়োজন কৰা হৈছে বিশেষ বিশেষ কাৰ্যসূচী । সমান্তৰালভাৱে হোজাইতো আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আৰক্ষীয়ে দাহন কৰিলে ভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী(Drug burning seized by Hojai police) ।

দেওবাৰে হোজাই জিলা সদৰ শংকৰদেৱ নগৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বাকৰিত বিগত কেবাবছৰ ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা এই বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰী জ্বলাই দিয়া হয় (Drugs seized by Hojai Police) ৷

হোজাইত প্ৰায় ছয় কোটি মূল্যৰ ড্ৰাগছ দাহ কৰে আৰক্ষীয়ে

হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পূৰকায়স্থ, অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিৎ দুৱৰা, উপ আৰক্ষী অধীক্ষক ৰজি তালুকদাৰকে ধৰি বিভিন্ন থানাৰ আৰক্ষী বিষয়া সকলৰ উপস্থিতত এই হেৰ’ইন, ব্ৰাউন চুগাৰ, আফিংৰ লগতে নিচাজাতীয় টেবলেট আৰু কফ চিৰাফসমুহ জ্বলাই নষ্ট কৰি দিয়া হয় (Hojai Police burnt drugs and other narcotic items) ৷

দাহন কৰা নিচাযুক্ত দ্ৰব্য সমূহৰ পৰিমাণ হেৰ'ইন ৩.২ কিলোগ্ৰাম, গাঞ্জা ৫৬৭.৭০১ কিলোগ্ৰাম, নিচাজাতীয় টেবলেট ৩৭৬৭৮ টা, কফ চিৰাফৰ ৩৭৭ টা বটল, আফিং ১.০২৮ কিলোগ্ৰাম বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷ এই বিনষ্ট কৰা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ছয় কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ।

লগতে ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে আৰক্ষীয়ে চলোৱা অভিযানত সকলোৰে সহযোগিতা কামনা কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক: আজি আন্তঃজাতিক ড্ৰাগছ বিৰোধী দিৱস: জব্দকৃত ড্ৰাগছ দাহন আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.