ETV Bharat / state

হোজাইত 2 অক্টোবৰত হ'ব ব্যাপক টীকাকৰণ অভিযান

author img

By

Published : Oct 1, 2021, 10:19 PM IST

hojai-district-to-be-held-massive-vaccination-drive-on-october-2
হোজাইত 2 অক্টোবৰ তাৰিখে হ'ব ব্যাপক টীকাকৰণ অভিযান

হোজাইত মেগা ভেকচিনেচন অভিযানৰ অধীনত 25 হাজাৰ পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে হোজাই স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসনে ৷ এই কথা জনাইছে হোজাই জিলা প্ৰতিষেধক বিষয়া ডাঃ ৰঞ্জু ৰাজখোৱাই ৷

হোজাই,1 অক্টোবৰ: সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাটো 2 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব ক'ভিড-19 ৰ ব্যাপক টীকাকৰণ অভিযান ৷ এই মেগা ভেকচিনেচন অভিযানৰ অধীনত 25 হাজাৰ পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে হোজাই স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসনে ৷ এই সম্পৰ্কে জানিবলৈ দিছে হোজাই জিলা প্ৰতিষেধক বিষয়া ডাঃ ৰঞ্জু ৰাজখোৱাই ৷ কাৰ্যসূচী সফলতাৰে ৰূপায়ন কৰাৰ বাবে জিলা খনত 133 টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হ'ব ।

হোজাইত 2 অক্টোবৰ তাৰিখে হ'ব ব্যাপক টীকাকৰণ অভিযান

উল্লেখ্য যে, 658 গৰাকী আশা কৰ্মীৰ উপৰি হোজাই জিলাখনৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিস্থাপন সকলোৱে মেগা ভেকচিনেচন প্ৰদান কৰাৰ বাবে স্বাস্থ্য বিভাগক সহায় কৰিছে ৷ যি সমূহ অঞ্চলত কেম্প কৰাৰ অসুবিধা হয় তেনে অঞ্চলৰ বাবে 22 খন গাড়ীৰ জৰিয়তে গৈ ভেকচিনেচন কৰা হ'ব ৷ লগতে বিশেষ কাৰণত ভেকচিনেচন কেম্পলৈ অহাৰ অসুবিধা হোৱা সকলক ঘৰতে গৈ ভেকচিনেচন কৰা হ'ব বুলি জানিবলৈ দিয়ে ডাঃ ৰঞ্জু ৰাজখোৱাই ৷

ইতিমধ্যে হোজাই জিলা খনত 5 লাখ 70 হেজাৰ লোকক ভেকচিন প্ৰদান কৰা হৈছে লগতে 80 হাজাৰ লোক প্ৰথম পালি ভেকচিন লবলৈ বাকী আছে ৷ এই লোক সকলকো আগন্তুক দূর্গা পূজাৰ আগেয়েই ভেকচিনেচন কৰিব পৰা যাব বুলি জনালে জিলা প্ৰতিষেধক বিষয়া গৰাকীয়ে ৷

লগতে পঢ়কঃ শ্বেৰমান আলীৰ মন্তব্যত উত্তপ্ত হৈছে ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.