ETV Bharat / state

Drugs Peddler Arrest: হোজাইৰ ডবকাত কোটি টকাৰ হেৰ’ইনসহ সৰবৰাহকাৰী আটক

author img

By

Published : Dec 24, 2021, 6:02 PM IST

হোজাইৰ ডবকাত কোটি টকাৰ হেৰ’ইনসহ সৰবৰাহকাৰী আটক
হোজাইৰ ডবকাত কোটি টকাৰ হেৰ’ইনসহ সৰবৰাহকাৰী আটক

হোজাইৰ ডবকাতো জব্দ কৰা হয় বৃহৎ পৰিমাণৰ হেৰ’ইন ৷ প্ৰায় 5 কোটি টকা মূল্যৰ হেৰ’ইনখিনিৰ সৈতে কৰায়ত্ব কৰা হয় দুই সৰবৰাহকাৰীক (Drug peddler arrested at Hojai) ৷

হোজাই, 24 ডিচেম্বৰ: ৰাজ্যজুৰি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ সময়তে হোজাইৰ ডবকাতো জব্দ কৰা হয় বৃহৎ পৰিমাণৰ হেৰ’ইন ৷ বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে চলোৱা এক অভিযানত(Anti drugs mission at Hojai) জব্দ হোৱা হেৰ’ইনখিনিৰ মূল্য প্ৰায় পাচ কোটি টকা ৷

হোজাইৰ ডবকাত কোটি টকাৰ হেৰ’ইনসহ সৰবৰাহকাৰী আটক

মণিপুৰৰ পৰা ডবকাৰ মাজেৰে সৰবৰাহ কৰি থকাৰ সময়তে নিশা ডবকা আৰক্ষীয়ে আটক কৰে 769. 92 গ্ৰাম হেৰ’ইনসহ দুটা সৰবৰাহকাৰীক((Drug peddler arrested at Hojai) ৷ আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে ইমৰান আৰু মুকেশ ৷ দুয়োৰে ঘৰ ডিমাপুৰত বুলি জানিব পৰা হৈছে ৷ আৰক্ষীয়ে জব্দ কৰা হেৰ’ইনখিনি সৰবৰাহকাৰীয়ে ৬১ টা চাবোনৰ বাকচত ভৰাই আনিছিল ৷

AS 10 E 4078 নম্বৰৰ এখন বাহনত ডিমাপুৰৰ পৰা অনা হৈছিল ড্ৰাগছখিনি ৷ ড্ৰাগছ সৰবৰাহকাৰী দুটাই বাহনখনৰ দুৱাৰৰ তলত সোমোৱাই ৰখাৰ ফলত প্ৰায় আধাঘন্টাৰ অন্ততহে আৰক্ষীয়ে বিচাৰি পায় ড্ৰাগছখিনি ৷ দুয়োটা ড্ৰাগছ সৰবৰাহকাৰীকে ডবকা থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰখা হৈছে ৷

লগতে পঢ়ক: Drugs Burnt in Karimganj : আৰক্ষীয়ে জ্বলাই নষ্ট কৰিলে ড্ৰাগছ-গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.