ETV Bharat / state

Har Ghar Dastak Campaign: ভেকচিন নল’লে কৰ্তন হ’ব বিদ্যুত সংযোগ

author img

By

Published : Dec 2, 2021, 4:46 PM IST

Har Ghar Dastak campaign begins in Hojai
হোজাইত হৰ ঘৰ দস্তক অভিযান

আপুনি ভেকচিন ল’লেনে(Did you take the covid vaccine) ? যদি লোৱা নাই তেনেহ’লে সাৱধান ৷ ভেকচিন নল’লে কৰ্তন হ’ব আপোনাৰ বিদ্যুত সংযোগ(Power connection will be cut), ৰন্ধন গেছৰ সংযোগ (Disconnection of LPG) ৷ বঞ্চিত হ’ব সকলো চৰকাৰী সা-সুবিধা তথা আঁচনিৰ পৰা ।

হোজাই, 2 ডিচেম্বৰ : ৰাজ্য চৰকাৰে প্ৰতিঘৰ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে গ্ৰহণ কৰিছে 'হৰ ঘৰ দস্তক' অভিযান(Har Ghar Dastak campaign begins)ৰ ৷ এই অভিযানৰ অধীনত ২৯ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ এলেকা সামৰি একলাখ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ ইতিমধ্যে সমগ্ৰ দেশজুৰি 124 কোটি লোকক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা বুলি চৰকাৰে দাবী কৰা সময়তে একাংশ লোকৰ মাজত এতিয়াও বিৰাজ কৰিছে ভেকচিনৰ আতংক ৷

হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰী

হোজাই জিলাত একাংশ লোকে এতিয়াও গ্ৰহণ কৰা নাই ক’ভিড প্ৰতিষেধক । যাৰ বাবে এতিয়া সৰৱ হৈ পৰিছে হোজাই জিলা প্ৰশাসন । হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰীৰ নেতৃত্বত বৃহস্পতিবাৰে স্বাস্থ্যকৰ্মীৰ এক বৃহৎ দলে লংকাৰ বিভিন্ন অঞ্চলত চলায় 'হৰ ঘৰ দস্তক' অভিযান । প্ৰশাসনৰ অভিযান কালত একাংশ লোকে ঘৰত তলা ওলমাই পলায়ন কৰাৰ বিপৰীতে আন একাংশই আকৌ জিলা উপায়ুক্তৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয় ।

Har Ghar Dastak campaign begins in Hojai
হোজাইত হৰ ঘৰ দস্তক অভিযান

জিলা উপায়ুক্তই ক’ভিড প্ৰতিষেধক ল’বলৈ অমান্তি হোৱাত অৱশেষত এইসকল লোকক সকিয়নী দিয়ে ৷ উপায়ুক্তই ঘৰত তলা ওলমাই পলায়ন কৰা লোকসকলক দুদিনৰ ভিতৰত ভেকচিন গ্ৰহণৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে ৷ অন্যথা কৰ্তন কৰা হ’ব এই লোকসকলৰ বিদ্যুত সংযোগ আৰু ৰন্ধন গেছৰ সংযোগ । তদুপৰি তেওঁলোক বঞ্চিত হ’ব লাগিব সকলো চৰকাৰী সুবিধা তথা চৰকাৰী আঁচনিৰ পৰা ৷

লগতে পঢ়ক : কলিয়াবৰত ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ গৈ প্ৰশাসনৰ লোকৰ অথন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.