ETV Bharat / state

হোজাইত 59 ৰ উৰ্ধৰ লোকক ক'ভিড-19ৰ প্ৰতিষেধক প্ৰদান

author img

By

Published : Mar 1, 2021, 5:08 PM IST

covid vaccination drive in hojai
covid vaccination drive in hojai

59 বছৰ বয়সৰ উৰ্ধৰ ব্যক্তিক হোজাইত ক'ভিড-19 প্ৰতিষেধক প্ৰদান ৷ সম্পূৰ্ণ বিনামূলীয়াকৈ এই সকল লোকক প্ৰদান কৰা হৈছে প্ৰতিষেধক ৷ বৰ্তমানলৈকে 25 গৰাকীৰো অধিক লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ৷ বয়সৰ প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰিব পাৰিলেই 59 ৰ উৰ্ধৰ যিকোনো লোকেই বিনামূলীয়াকৈ গ্ৰহণ কৰিব পাৰিব প্ৰতিষেধক ৷

হোজাই, 1 মাৰ্চ : ক'ভিড-19 অতিমাৰীক প্ৰতিহত কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ সোমবাৰে হোজাই জিলাতো ক'ভিড-19 প্ৰতিষেধক প্ৰদান কৰা হয় ৷ জিলাখনত 59 বছৰ বয়সৰ উৰ্ধৰ লোক সকলক এই প্ৰতিষেধক প্ৰদান কৰা হয় ৷ জানিব পৰা মতে বৰ্তমানলৈ জিলাখনৰ 25 জনৰো অধিক লোকক এই ক'ভিড-19 প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

covid vaccination drive in hojai
59 বছৰ বয়সৰ উৰ্ধৰ ব্যক্তিক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে প্ৰতিষেধক

সোমবাৰে জিলাখনত ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ সন্দৰ্ভত জানিবলৈ দি হোজাই জিলা ও মহকুমা স্বাস্থ্য বিষয়া ডাঃ হৰজগিন্দৰ সিঙে জানিবলৈ দিয়ে যে, জিলাখনত 59 বছৰ বয়সৰ উৰ্ধৰ ব্যক্তিসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ ক'ভিড-19 প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে ভয়ৰ কোনো কাৰণ নাই বুলি জানিবলৈ দি সিঙে লগতে কয় যে, বিনামূলীয়াকৈ প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে লোকসকলে বয়সৰ প্ৰমাণ কৰিব পৰা যিকোনো এখন প্ৰমাণপত্ৰ আনিলেই হ'ব ৷ প্ৰতিষেধক গ্ৰহণ কৰা এগৰাকী ব্যক্তিয়েও এই প্ৰতিষেধক গ্ৰহণ কৰি তেওঁ কোনো সমস্যাৰ সন্মুখীন হোৱা নাই বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: লংকাত শংকৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ মঞ্চ উদ্ধোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.