ETV Bharat / state

হোজাইত স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উদযাপন

author img

By

Published : Aug 11, 2021, 8:01 PM IST

হোজাইত স্বাধীনতাৰ অৰ্মিত মহোৎসৱ উদযাপন
হোজাইত স্বাধীনতাৰ অৰ্মিত মহোৎসৱ উদযাপন

ধবাৰে হোজাই জিলা লোক নিৰ্মাণ বিভাগে 75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অমৃত মহোৎসৱ উদযাপন কৰে ৷ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি হোজাই নীলবাগানৰ লংকা মাৰ্কেটিঙৰ প্ৰেক্ষাগৃহত লোক নিৰ্মাণ বিভাগে প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ ওপৰত এক কৰ্মশালা আয়োজন কৰে ।

হোজাই,11আগষ্ট : এইবাৰ দেশে 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব ৷ ক’ৰণা মহামাৰীৰ বাবে পূৰ্বৰ তুলনাত কিছু পৰিমাণে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি ম্লান পৰিছে ৷ কিন্তু তাৰ মাজতো দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ চৰকাৰী বিভাগ সমূহ ইতিমধ্যে সাজু হৈ উঠিছে ৷

বুধবাৰে হোজাই জিলা লোক নিৰ্মাণ বিভাগে 75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অমৃত মহোৎসৱ উদযাপন কৰে ৷ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি হোজাই নীলবাগানৰ লংকা মাৰ্কেটিঙৰ প্ৰেক্ষাগৃহত লোক নিৰ্মাণ বিভাগে প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ ওপৰত এক কৰ্মশালা আয়োজন কৰে ।

হোজাইত স্বাধীনতাৰ অৰ্মিত মহোৎসৱ উদযাপন

উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে হোজাই জিলাৰ অতিৰিক্ত উপাযুক্ত । কৰ্মশালাটোৰ জৰিয়তে হোজাই জিলাৰ গ্ৰামীণ পথ নিৰ্মাণত বিগত এবছৰত হোৱা কামৰ অগ্ৰগতিৰ সম্পৰ্কে উল্লেখ কৰা হয় । ইপিনে সভাখনত বিগত এবছৰত হোজাই জিলাত প্ৰধানমন্ত্ৰীৰ গ্ৰামীণ চড়ক যোজনাৰ অধীনত 410 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীয়ে ।

লগতে পঢ়কঃ চফ্ৰাইৰ শিশুটিক দেউতাকেই তুলি দিলে নেকি মৃত্যুৰ কোলাত !

উল্লেখযোগ্য যে, অসমত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস বৰ্জনৰ বাবে ৰাইজক বিপ্লৱী সংগঠন সমূহে আহ্বান জনাই আহিছে যদিও এইবাৰ এক ব্যতিক্ৰম দেখা গৈছে ৷ জন্ম লগ্নৰ পৰা প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত বন্ধ ঘোষণা তথা সশস্ত্ৰ প্ৰতিবাদৰ পৰা বিৰত আছে আলফা স্বাধীন ৷ অৱশ্যে স্বাধীনতা দিৱসৰ দিনা প্ৰতিবাদ সাব্যস্ত কৰিব বিদ্ৰোহী সংগঠনটোৱে ৷ এক প্ৰেছ বিজ্ঞপ্তিৰ দ্বাৰা এই কথা জানিবলৈ দিছে 'সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)' চমুকৈ আলফা স্বাধীনে ৷

লগতে পঢ়কঃ প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত বন্ধ ঘোষণা নকৰে আলফা(স্বা)ই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.