ETV Bharat / state

প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত বন্ধ ঘোষণা নকৰে আলফা(স্বা)ই

author img

By

Published : Aug 11, 2021, 5:14 PM IST

15 আগষ্ট দিনটোক লৈ পোন প্ৰথমবাৰৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে আলফা স্বাধীনে ৷ ভাৰতৰ স্বাধীনতা দিৱসৰ দিনটোত সশস্ত্ৰ প্ৰতিবাদ আৰু বন্ধ ঘোষণাৰ পৰা বিৰত থাকিব আলফা স্বাধীন ৷

ulfa
প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত ব্যতিক্ৰমী সিদ্ধান্ত আলফা(স্বা)ৰ

নিউজ ডেস্ক, 11 আগষ্ট : সমাগত 15 আগষ্ট ৷ প্ৰতিবছৰৰ দৰে এইবাৰো ভাৰতবাসীয়ে পালন কৰিব 75 সংখ্যক স্বাধীনতা দিৱস ৷ এইবাৰ অসমতো নিৰ্ভয়ে ৰাইজে উদযাপন কৰিব পাৰিব স্বাধীনতা দিৱস ৷ পূৰ্বতে বিদ্ৰোহী সংগঠনে এই দিৱস বৰ্জনৰ বাবে যি হুংকাৰ প্ৰদান কৰিছিল, এইবাৰ তাৰ এক বিপৰীত ছবি দেখা গৈছে ৷ কিয়নো প্ৰথমবাৰৰ বাবে অসমৰ অন্য়তম বিদ্ৰোহী সংগঠন আলফা স্বাধীন বন্ধ আৰু সশস্ত্ৰ প্ৰতিবাদ ঘোষণা নকৰে স্বাধীনতা দিৱসত ৷ যি খবৰে সকলোকে আনন্দিত কৰিছে ৷

সমগ্ৰ দেশতে 15 আগষ্টত স্বাধীনতা দিৱস আৰু 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয় ৷ কিন্তু ভাৰতৰ আন ঠাইতকৈ স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ দিনটো কিছু সুকীয়া হয় অসমত ৷ বহুতৰ বাবে স্বাধীনতা দিৱস অথবা গণতন্ত্ৰ দিৱস মানে একোটা বন্ধৰ দিন ৷ কিয়নো প্ৰতি বছৰেই অসমৰ সশস্ত্ৰ বিপ্লৱী সংগঠন সমূহে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস বৰ্জনৰ বাবে দাবী জনায় আহিছে অসমবাসীক ৷

লগতে পঢ়ক : মণিপুৰৰ মোৰেহত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

2004 চনৰ ধেমাজি কাণ্ডৰ কথা কোনেনো পাহৰিব পাৰিছে ৷ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিবলৈ গৈ প্ৰাণ হেৰুৱাইছিল 13 টিকৈ অবোধ শিশুৱে ৷ স্বাধীনতা দিৱস মানে যেন ভয় আৰু শংকাৰ এটা দিন ৷ দেশ হোৱাৰ দিনটোতো স্বাধীনভাৱে ঘূৰি-ফুৰিবলৈ মনত শংকা জাগে অসমৰ অসংখ্য ৰাইজৰ ৷ কিজানিবা কৰ’বাত কিবা হয়েই ৷

তাৰোপৰি স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস কাষ চপাৰ লগে লগেই কটকটীয়া কৰি তোলা হয় নিৰাপত্তা ব্যৱস্থা ৷ যাতে কোনো কাৰণত কোনো বিদ্ৰোহী সংগঠনে কূটাঘাত সংঘটিত কৰিব নোৱাৰে ৷ তাৰ মাজতেই বিভিন্ন স্থানত বোমা উদ্ধাৰ, গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰো দৃষ্টান্ত আছে ৷

কিন্তু লাহে লাহে এই শংকাবোৰৰ মুক্ত হ’বলৈ আৰম্ভ কৰিছে ৰাইজে ৷ বেছ মুকলিকৈয়ে ৰাইজে এই দুয়োটা দিনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা দেখা গৈছে ৷ এয়া নিশ্চয়কৈ এক শুভ লক্ষণ ৷

লগতে পঢ়ক : মেঘালয়ৰ ৰাজধানী শ্বিলঙত IED বিস্ফোৰণ

অসমত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস বৰ্জনৰ বাবে ৰাইজক আহ্বান জনোৱা সংগঠন সমূহৰ ভিতৰত অন্য়তম আলফা ( পূৰ্বতে এটা গোট আছিল যদিও বৰ্তমান আলোচনা পন্থী আৰু স্বাধীন অথবা পৰেশপন্থী দুটা গোটত বিভক্ত ৷), এন ডি এফ বি ( বৰ্তমান যুদ্ধবিৰতিত আছে), কে পি এল টি আদিয়েই প্ৰধান ৷ তাৰোপৰি নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (NSCN)ৰো দুয়োটা গোটে ক্ৰমাগতভাৱে বৰ্জন কৰি আহিছে স্বাধীনতা দিৱস ৷

কিন্তু এইবাৰ এক ব্যতিক্ৰম দেখা গৈছে এই ক্ষেত্ৰত ৷ জন্ম লগ্নৰ পৰা প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত বন্ধ ঘোষণা তথা সশস্ত্ৰ প্ৰতিবাদৰ পৰা বিৰত আছে আলফা স্বাধীন ৷ অৱশ্যে স্বাধীনতা দিৱসৰ দিনা প্ৰতিবাদ সাব্যস্ত কৰিব বিদ্ৰোহী সংগঠনটোৱে ৷ এক প্ৰেছ বিজ্ঞপ্তিৰ দ্বাৰা এই কথা জানিবলৈ দিছে 'সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)' চমুকৈ আলফা স্বাধীনে ৷

প্ৰেছ বিবৃতিটোত সদৰি কৰা মতে ক'ভিড সৃষ্ট পৰিস্থিতিৰ লগতে পশ্চিম-দক্ষিণ পূব এছিয়া অঞ্চলৰ মাজত দেখা দিয়া সীমা সমস্যা, বান, গৰাখহনীয়া, নিবনুৱাৰ সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আলফা স্বাধীনে ৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতৰ স্বাধীনতাক ভুৱা আখ্যা দি স্বাধীনতাৰ দিৱসৰ যিকোনো কাৰ্যসূচীৰ বিৰোধিতাৰে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা স্পষ্ট কৰি দিছে আলফা স্বাধীনে ৷

ইয়াৰ লগতে "সংযুক্ত মুক্তি বাহিনী,অসম( স্বাধীন)" ৰ পতাকা প্ৰদৰ্শন কৰা, ক'লা বেজ পৰিধান তথা ক'লা পতাকা উৰুৱাই এই স্বাধীনতাৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে আলফা স্বাধীনে ৷

লগতে পঢ়ক : আগন্তুক 10 দিনত উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাতৰ আশংকা

প্ৰেছ বিবৃতিতো উল্লেখ কৰা অভিযোগ অনুসৰি, বৰ্তমান সমগ্ৰ বিশ্বত ক'ভিডৰ তৃতীয়টো লহৰ চলি থকাৰ সময়তে ভাৰত ৰাষ্ট্ৰই ভূতৰ ওপৰত দানহ পৰাৰ দৰে 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ লৈছে ৷ ঔপনিবেশিক শাসকৰ এনে চুকতে থাকি বুকতে কামোৰ মৰা স্বভাৱ চূড়ান্ত অন্যায় আৰু সম্পূৰ্ণ অপ্ৰাসংগিক বুলি উল্লেখ কৰে আলফা স্বাধীনে ৷

ইফালে ইয়াণ্ডাবু সন্ধিৰ কিছু কথা উল্লেখ কৰি স্বাধীন অসমৰ চিন্তা-চেতনাৰে অলফা স্বাধীন আজিও যে, নিজৰ স্থিতিত অটল সেই কথা প্ৰেছ বিবৃতিৰ জৰিয়তে স্পষ্ট কৰি দিছে ৷ আলফা স্বাধীনে কয়, সাৰ্বভৌম স্বাধীন অসমৰ ন্যাৰ্য প্ৰাপ্তিৰ ওপৰতে নিৰ্ভৰ কৰিছে অসম-ভাৰত সংঘাতৰ ফলপ্ৰসূ সূত্ৰ, এই অঞ্চলৰ শান্তি আৰু সুস্থিৰতা ৷ এই সংঘাত গুহাৰ্থ অসমৰ গৰিমা মণ্ডিত বুৰঞ্জী ওপৰত ভৰ দিহে ভাৰত ৰাষ্ট্ৰই সঁচা আন্তৰিকতাৰে মৰ্যদাপূৰ্ণ সন্মান জনাব লাগিব ৷ অন্যথা পৰাধীনতাক কেতিয়া মানি লোৱা নহয় বুলি স্পষ্ট কৰি দিছে আলফা স্বাধীনে ৷

উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাচত আলফাকে ধৰি অসমৰ বিদ্ৰোহী সংগঠন সমূহক মূল সূঁতিলৈ ঘূৰাই অনাৰ অংগীকাৰ লৈছিল ৷ মুখ্যমন্ত্ৰীৰ এই আহ্বানলৈ সঁহাৰি জনাইছিল পৰেশ বৰুৱায়ো ৷ স্বৰ্তসাপেক্ষে আলোচনাৰ মেজলৈ অহাৰ ইচ্ছা প্ৰকাশ কৰিছিল পৰেশ বৰুৱাই ৷ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষগৰাকীৰ আলোচনাৰ প্ৰতি আগ্ৰহ আৰু সংগঠনৰ এইবাৰৰ স্থিতিয়ে এক যোগাত্মক দিশ উদ্ভাসিত কৰিছে ৷

পঢ়ক : জনা নজনা : শূন্যত ওলমি থকা পৰ্বত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.