ETV Bharat / state

ক’ভিড-১৯ বিধৱা সাহাৰ্য আঁচনিৰ অধীনত স্বামীহাৰা মহিলাসকলক সাহাৰ্য প্ৰদান

author img

By

Published : Jul 18, 2021, 10:01 AM IST

COVID-19 Widow Assistance Scheme
ক’ভিড-১৯ বিধৱা সাহাৰ্য আঁচনিৰ অধিনত স্বামীহাৰা মহিলাসকলক সাহাৰ্য প্ৰদান

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে মুখ্যমন্ত্রীৰ ক’ভিড-১৯ বিধৱা সাহাৰ্য আঁচনিৰ অধীনত মহামাৰী কৰ’ণাত স্বামীহাৰা হোৱা মহিলাসকলক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হয় এককালীন সাহাৰ্য ৷ ইয়াৰ ভিতৰত হোজাইত ৩১ গৰাকী, শিৱসাগৰত ১১ গৰাকী আৰু ধেমাজিত ২৮ গৰাকী মহিলাক প্ৰদান কৰা হয় ২.৫০ লাখ টকাৰ এককালীন আৰ্থিক সাহাৰ্য ৷

নিউজ ডেস্ক, 18 জুলাই : শনিবাৰে হোজাই জিলাৰ হোজাই সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ এক অনুষ্ঠাত ভাগ লয় বনমন্ত্ৰী তথা হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ হোজাই জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাতে ৩১ গৰাকী মহিলাক দুই লাখ পঞ্চাশ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্রীৰ ক’ভিড-১৯ বিধৱা সাহাৰ্য আঁচনিৰ অধীনত মহামাৰী ক'ৰণাত স্বামীহাৰা হোৱা মহিলাসকলক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হয় এই সাহাৰ্য ৷

উল্লেখ্য যে, হোজাইত ক’ভিডত স্বামীহাৰা হোৱা ৩১ গৰাকী মহিলাক প্ৰদান কৰা হয় অসম চৰকাৰৰ এই আৰ্থিক সাহাৰ্য ৷ উক্ত অনুষ্ঠানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, হোজাই জিলাৰ উপয়ুক্তকে ধৰি যমুনামুখ সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি আৰু লোকসভা সমষ্টিৰ সাংসদ গৰাকীৰ প্ৰতিনিধিসহ জিলাখনৰ জিলা প্ৰশাসনৰ বিষয়া সকল উপস্থিত থাকে । অসম চৰকাৰৰ এই আৰ্থিক সাহাৰ্য লাভ কৰি কিছু সকাহ অনুভৱ কৰে স্বামীহাৰা মহিলাকেইগৰাকীয়ে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰতো অসম চৰকাৰে ক’ভিড-১৯ বিধৱা সাহাৰ্য আঁচনিৰ অধীনত মহামাৰী ক'ৰণাত স্বামীহাৰা হোৱা মহিলা সকলকো প্ৰদান কৰে আৰ্থিক সাহাৰ্য ৷

শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী ৰনোজ পেগুৱে শনিবাৰে হিতাধিকাৰীক সাহাৰ্য পুঁজিৰ চেক বিতৰণ কৰে । ক’ভিড মহামাৰীত স্বামীহাৰা হোৱা ১১ গৰাকী মহিলাক মন্ত্ৰীগৰাকীয়ে আঢ়ৈ লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ ধন প্ৰদান কৰে । শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাক্ষত শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই পৰিচালনা কৰা এক অনুষ্টুপীয়া অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী গৰাকীয়ে বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত কয় যে, ক’ভিড পৰিস্থিতিয়ে আমাৰ মাজৰ পৰা বহু লোকক কাঢ়ি নিছে ।

ইয়াৰ মাজত একাংশ দুৰ্ভগীয়া মহিলা আছে, যি সকলে এই সময়ত নিজ নিজ স্বামীক হেৰুৱাইছে । এই সকল দুৰ্ভগীয়া মহিলাই এতিয়া পৰিয়াল পৰিচালনা নিজে কৰিব লাগিব । যাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে মুখ্যমন্ত্ৰীৰ সদিচ্ছাত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা প্ৰতিগৰাকী স্বামীহাৰা মহিলাক আঢ়ৈ লাখ টকাকৈ প্ৰদান কৰিছে ।

লগতে চৰকাৰে ক’ভিড ৰোগত আক্ৰান্ত সকলো ৰোগীক বিনামূলীয়া ঔষধ, খাদ্য আদিৰ লগতে কোৱাৰেনণ্টাইনত থকা সকলক সাহাৰ্য প্ৰদান কৰা হৈছে । ক’ভিড ৰোগত ঘাটমাউৰা হোৱা ১৮ বছৰৰ তলৰ সন্তান সকলৰ থকা-খোৱাৰ লগতে পঢ়াৰ দায়িত্ব চৰকাৰে লৈছে । সেইদৰে শুকুৰবাৰে বিধানসভাত বিত্তমন্ত্ৰীয়ে ক’ভিড ৰোগত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ এককালীন এক লাখ টকাৰ সাহাৰ্য ঘোষণা কৰিছে । চৰকাৰে নিজ দায়বদ্ধতাৰ পৰিচয় দি ক’ভিড ৰোগৰ বিৰুদ্ধে মাৰবান্ধি ঠিয় দিছে।

শনিবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অভিভাৱক মন্ত্ৰীগৰাকীয়ে অমীয়া নেওঁগ কলিতা, চন্দ্ৰা পনতাঁতী, চেয়দা লুৎফুৰা ৰহমান, ৰশ্মি দাস মালিক, শীৱাতি মুণ্ডা, পূৰ্ণিমা নেওঁগ, ৰীতা গুপ্তা, য়াচমিন বেগম, শ্বৰিফা বেগম, জুনু কোঁৱৰ, জুনুদা ৰামসিং আৰু আবিদা বেগম এই ১১ গৰাকী বিধৱা মহিলাক সাহাৰ্য পুঁজিৰ ধন বিতৰণ কৰে ৷ লগতে আন ১০ গৰাকীৰ সাহাৰ্য চেক জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে । জিলাখনত প্ৰাৰম্ভিক অৱস্থাত মুঠ ২২ গৰাকী স্বামীহাৰা মহিলাক মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ ধন প্ৰদান কৰা হয় ।

ধেমাজি জিলাটো মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহাৰ্য আচঁনিৰ অধীনত এককালীন সাহাৰ্যৰ চেক বিতৰন কৰিলে মন্ত্ৰী সঞ্জয় কৃষাণে ৷ মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা আচঁনিৰ অধীনত শনিবাৰে ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ক’ভিডত স্বামীহাৰা হোৱা মহিলাৰ বাবে ২.৫০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে ৷ ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণৰ উপস্থিতিত এনে ২৮ গৰাকী মহিলাক বিতৰণ কৰা হয় এই এককালীন সাহাৰ্যৰ চেক ৷

লগতে পঢ়ক: হিতাধিকাৰী বেয়া পোৱা মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰী সৃষ্টিত নামিল কিয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.